• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল – সংগঠনক লৈ ঐক্য মঞ্চ গঠনেৰে আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত আক্ৰাছুৰ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ
September 20, 2022 8:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ আমি কেৱল আক্ৰাছুৱে অকলে আন্দোলন নকৰো ৷ বৰং এইবাৰ কোচ ৰাজবংশী জাতিৰ যিমানবোৰ দল – সংগঠন আছে আমি সকলোৱে এটা মঞ্চত উপনীত হৈ আমাৰ জাতিৰ স্বাৰ্থত আৰু জনজাতিকৰণৰ স্বাৰ্থত একত্ৰিতহৈ বিজেপি চৰকাৰক ওফোৰাই দিয়াৰ কাৰণে ঐক্যবদ্ধ সংগ্ৰাম কৰিম ৷ এই মন্তব্য আক্ৰাছুৰ নেতৃত্বৰ ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই মন্তব্য কৰে ৷

উল্লেখ্য যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীকলৈ বিজেপি নেতৃত্বাধীন চৰকাখনে শেহতীয়াভাৱে লোৱা ভূমিকাক লৈ সৰৱ হৈ পৰিছে আক্ৰাছু ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই দেওবাৰে অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ সকলো দল – সংগঠনক লৈ এখন ঐক্য মঞ্চ গঠন কৰি আন্দোলন গঢ়ি তোলাৰ ওপৰত অধিক গুৰুত্বাৰোপ কৰা বুলি কয় ৷

Apply Now

লগতে এই সন্দৰ্ভত চলিত ছেপ্টেম্বৰ মাহৰ শেষৰফালে এখন সভা অনুষ্ঠিত কৰি সভালৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল- সংগঠনক আমন্ত্ৰণ জনাই এই সভাতেই ঐক্য মঞ্চ গঠন কৰি এইবাৰ চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিয়াৰ লগতে জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ প্ৰাপ্য সেয়া চৰকাৰৰ পৰা আদায় কৰিহে এৰিব বুলিও হুংকাৰ দিয়ে ৷ কাৰণ বাৰম্বৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব আৰু বাৰম্বাৰ প্ৰতাৰণা কৰিব, এইবোৰ আৰু নচলিব বুলিও স্পষ্ট কৰি দিয়ে ৷ আনহাতে কাৰ্যনিৰ্বাহক সভাত জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ আন্দোলনলৈ আক্ৰাছুৱে পূৰ্ণ সমৰ্থন আগবঢ়়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

সেই অনুসৰি অহা ২২ ছেপ্টেম্বৰত বিধান সভা ঘেৰাও আৰু ২৬ ছেপ্টেম্বৰৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচীলৈ আক্ৰাছুই পূৰ্ণ সমৰ্থন জনোৱা বুলি সংবাদ মেলত সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সদৰি কৰে ৷ সংবাদ মেলত সভাপতি আৰু যুটীয়া সাধাৰণ সম্পাদকদ্বয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত দেশৰ পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে আক্ৰাছুৱে তাক আদৰণি জনাই কয় যে ইয়াৰ বিপৰীতে কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে চৰকাৰে অসমৰ ভূমিপুত্ৰ কোচ ৰাজংশীসকলৰ জনজাতিকৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ আজিৰ পৰা দুবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্য অধিৱেশনৰ কাৰ্যক্ৰমণিকাত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰিছিল যদিও সংসদত বিষয়টো আলোচনা নকৰাকৈ এৰাই চলিলে ৷

ইয়াৰোপৰি অসমৰ মন্ত্ৰীকলৈ গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে দিছিল যদিও আজি পৰ্যন্ত অসম চৰকাৰে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল নকৰিলে ৷ এই কথাবিলাকৰ পৰা এইটো স্পষ্ট হৈ উঠিছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ আবেগ – অনুভূতিকলৈ খেল খেলা বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীকলৈ চিন্তিত নহয় ৷ সেয়ে আগন্তুক দিনত কোচ ৰাজবংশী ছাত্ৰ সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷

চৰকাৰৰ সৈতে আভুৱা ভাৰা আলোচনা কেতিয়াও নহ’ব বুলিও সকিয়াই দিয়ে ৷ লগতে অক্টোৱৰ মাহৰ প্ৰথম সপ্তাহত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সংগঠনটোৱে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে আক্ৰাছুৰ নেতাদ্বয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাওঁ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd