ডিব্ৰুগড় জিলাৰ এখন আগশাৰীৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান তথা একমাত্ৰ মহিলাৰ উচ্চশিক্ষানুষ্ঠান মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ে ২০২২-২৩ বৰ্ষত হীৰকজয়ন্তী বৰ্ষ উদযাপন কৰি আছে ৷ হীৰকজয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি কালি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিয়লি “জাতিৰ উত্তৰণত অসমীয়া নাৰীৰ ভূমিকা ” এক শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
মহাবিদ্যালয়খনৰ সহ অধ্যাপক দীপাংকৰ শৰ্মাই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানটিত মুখ্য বক্তা হিচাপে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট লেখক ,নিবন্ধকাৰ ,চিন্তাবিদ তথা বুদ্ধিজীৱী ময়ূৰ বৰা উপস্থিত থাকে ৷ প্ৰায় দুঘণ্টাযোৰা অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানটিত ময়ূৰ বৰাই “জাতিৰ উত্তৰণত অসমীয়া নাৰীৰ ভূমিকা ” শীৰ্ষ বিষয়ৰ ওপৰত প্ৰদান কৰা বক্তব্যই মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে ছাত্ৰী সকলকো মন্ত্ৰমুগ্ধ কৰি তোলে ৷
হাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মনোগ্ৰাহী অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষা ,ড° নিবেদিতা ফুকন , উপ অধ্যক্ষা অঞ্জু বৰাৰ লগতে মহাবিদ্যালয়খনৰ আন আন সহ অধ্যাপক অধ্যাপিকা সকলৰ ওপৰিও যুৱ সাংবাদিক সন্থা ,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাঞ্চন কে গোহাঁয়ো উপস্থিত থাকে ৷