• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিশপ্ত ৩০ অক্টোবৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 1:27 pm
Ranjan Daimary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তত ২০০৮ চনত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।

Apply Now

এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।

চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।

চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল। ৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।

যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ।

আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী।

ইয়াৰ পিছতে ২০২০ চনত দৈমাৰীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

আনহাতে অসম চৰকাৰে আদালতত দৈমাৰীৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু পাঁচ শতাধিক লোক আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল।

গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল।

সংক্ষেপে কেইটামান গুৰুত্বপূৰ্ণ তথ্য-
 মুঠ ৮৮ জন নিহত
 পাঁচ শতাধিক লোক আহত
 সাক্ষ্য লোৱা হয় মুঠ ৬৫০ গৰাকীৰ
 দোষী সাব্যস্ত ১৪ জন
 অভিযুক্ত এজনক দোষমুক্ত ঘোষণা
 ৰঞ্জন দৈমাৰীসহ ১০ জনক যাৱজ্জীৱন কাৰাদণ্ড
 ৪ জনক ৫ বছৰকৈ কাৰাদণ্ড আৰু ৩ হাজাৰকৈ টকা জৰিমনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd