• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ বিশেষ প্ৰস্তাৱ: ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক টেষ্ট শৃংখলাৰ নিৰপেক্ষ আয়োজক হোৱাৰ ইচ্ছা প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2022 8:32 am
India vs Pakistan Test Series
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ক্ৰিকেটৰ আটাইতকৈ আকাংক্ষিত মেচ হিচাপে সদায়ে চৰ্চিত হয় দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত বনাম পাকিস্তানৰ মেচ। ক্ৰিকেট জগতত এই দুই প্ৰতিদ্বন্দীৰ সমুখ যুঁজ উপভোগৰ বাবে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত যথেষ্ট উছাহ দেখিবলৈ পোৱা যায়।

পিছে দেশ দুখনৰ মাজত থকা ৰাজনৈতিক বিবাদৰ ফলস্বৰূপে আইচিচি আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ মূল টুৰ্ণামেণ্টৰ বাবে আন কোনো শৃংখলাত দীৰ্ঘদিন ধৰি পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হোৱা নাই ভাৰত আৰু পাকিস্তান।

Apply Now

দুই চুবুৰীয়া ক্ৰিকেট শক্তি অন্তিমবাৰৰ বাবে দ্বিপাক্ষিক শৃংখলাত মুখামুখি হৈছিল এটা দশক পূৰ্বেই। ২০১২ চনত সীমিত অভাৰৰ শৃংখলাৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ কৰিছিল। তাৰ পাছৰ পৰাই দ্বিপাক্ষিক শৃংখলাত ভাগ লোৱাৰ পৰা আঁতৰি আছে দেশ দুখন।

আনহাতে ২০০৭ চনতেই দুয়ো দেশে শেষবাৰৰ বাবে টেষ্ট শৃংখলাত অৱতীৰ্ণ হৈছিল। ভাৰতত অনুষ্ঠিত এই তিনিখনীয়া শৃংখলাত ভাৰত ১-০ ব্যৱধানত জয়ী হৈছিল।

পিছে তাৰ পাছৰে পৰা দ্বিপাক্ষিক শৃংখলাৰ পৰা আঁতৰি থকা দেশ দুখনৰ মাজত পুনৰ এবাৰ ক্ৰিকেটীয় সম্পৰ্ক গঢ় লৈ উঠাৰ আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে। আৰু ক্ৰিকেটপ্ৰেমী সকলৰ এই ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডৰ ক্ৰিকেট ব’ৰ্ডে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডলৈ এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে।

দুয়ো দেশৰ মাজত পুনৰ ক্ৰিকেট সম্পৰ্ক স্থাপনৰ বাবে নিৰপেক্ষ স্থানত এক টেষ্ট শৃংখলাৰ আয়োজনৰ প্ৰস্তাৱ দিছে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে। আৰু ইয়াৰ বাবে ব’ৰ্ডে নিজেই এই শৃংখলাৰ আয়োজক হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ইংলেণ্ডৰ বিখ্যাত সংবাদ সংস্থা ‘টেলিগ্ৰাফ’ত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত উল্লেখ কৰা মতে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ উপাধ্যক্ষ মাৰ্টিন ডাৰ্লোৱে ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চলি থকা টুৱেণ্টি-২০ শৃংখলাৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে এই বিষয়ত আলোচনা কৰিছে।

প্ৰতিবেদনটোৱে দাবী কৰিছে যে ডাৰ্লোৱে অনাগত সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে আৰু নিৰপেক্ষ স্থান হিচাপে ইংলেণ্ডৰ খেলপথাৰতে এই শৃংখলা আয়োজনৰ প্ৰস্তাৱ দিছে।

পিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এই প্ৰস্তাৱ নাকচ কৰিছে । দেশ দুখনৰ মাজত অদূৰ ভৱিষ্যতেও দ্বিপাক্ষিক শৃংখলা হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য বুলি উল্লেখ কৰিছে বিচিচিআইৰ এক সূত্ৰই।

বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে এই বিষয়ত ভাৰত চৰকাৰেহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। বিচিচিআইৰ এনে সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব নাই বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এই প্ৰস্তাৱ নাকচ কৰিছে ট্ৰেলিগ্ৰাফে বুলি স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd