• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘কমতাপুৰ মহোৎসৱ’

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 28, 2022 8:49 pm
২৬ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘কমতাপুৰ মহোৎসৱ’
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠুপীয়াকৈ পালন কৰা হয় ৷ বৰ্ষপূৰ্তি উপলক্ষে উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত বন্তি প্ৰজ্বলন কৰাৰ লগতে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত সাধাৰণ সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ৷ গোকুল বৰ্মন, অধ্যক্ষ হিতেশ্বৰ বৰ্মন, উপাধ্যক্ষ সুকেন ৰায়, প্ৰধান সচিব ভাস্কৰ দাস, কাৰ্যবাহী পাৰিষদ অতুল ৰায়, কৰ্মেশ্বৰ ৰায়কে ধৰি অন্যান্য কাৰ্যবাহী পাৰিষদ আৰু সাধাৰণ সদস্যসকল উপস্থিত থাকে ৷

ইপিনে সাধাৰণ সভাৰ অন্তত অনুষ্ঠিত এখন সংবাদ মেলত কেএচিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে সদৰি কৰা মতে সাধাৰণ সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে ৷ মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে সদৰি কৰা মতে সভাত এই এবছৰীয়া কাৰ্যকালত কেএচিৰ তৰফৰ পৰা কি কি কাৰ্যসূচী তথা আঁচনি ৰূপায়ণ কৰা হ’ল আৰু কি কি কৰিবলৈ বাকী আছে তথা আগন্তুক দিনত কিদৰে আগবাঢ়িব এই বিষয়ে আলোচনা কৰা হয় ৷ মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হোৱাৰ পিচত ২৬ ছেপ্টম্বৰৰ এই দিনটোতে অসম প্ৰশাসনীয় মহাবিদ্যালয়ত শপত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে তাৰ পিচতে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাক প্ৰধান সচিব হিচাপে পাইছিলো ৷

ইয়াৰ পিচতে কেএচিক চৰকাৰৰ তৰফৰ পৰা প্ৰথমে দিয়া এক কোটি আৰু পিচত দিয়া ১০ কোটিসহ মুঠ ১১ কোটি টকাৰে ইতিমধ্যে ১২৮ টা আঁচনি প্ৰস্তুত কৰি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত প্ৰায় ৪৪ টা আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে আগবাঢ়িছো ৷ লগতে অতি কম সময়ৰ ভিতৰতে আমি যি ১২৮ টা আঁচনি গ্ৰহণ কৰা হৈছে সেইসমূহ ৰূপায়ণ কৰি আমি ব্যৱহাৰিক প্ৰমাণ পত্ৰ (ইউ চি ) প্ৰদান কৰিম ৷ আনহাতে আৰু যি ১১ কোটি টকা জমা আছে সেই ধনেৰে অচিৰে আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আঁচনি প্ৰস্তুত কৰি আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে চিন্তা- চৰ্চা কৰা হৈছে ৷ সেইদৰে এই ২২ কোটি টকাৰে উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ পিচত কেএচিৰ তৰফৰ পৰা পৰিষদখনৰ সামগ্ৰীক উন্নয়নৰ কাৰণে অসম চৰকাৰক ৫০০ কোটি টকা প্ৰদান কৰিবলৈ দাবী জনোৱা হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়েও বৰ্তমানৰ ২২ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ ( ইউ চি) প্ৰদান কৰিব পাৰিলে অধিক পুঁজি আৱণ্টন দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলিও কয়৷ সংবাদ মেলত সভাত ইয়াৰ উপৰিও কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ স্থায়ী সচিবালয় নিৰ্মাণৰ বাবে ভূমিৰ বিষয়ে, কেএচিৰ অধীনত গাঁও অন্তৰ্ভুক্ত, সমষ্টি নিৰ্ধাৰণ, মানচিত্ৰ প্ৰস্তুত তথা অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত সাধাৰণ সভাত আলোচনা কৰি সকলোৱে বিষয়কেইটাৰ প্ৰতি ঐক্য মতত উপনীত হৈ এই ক্ষেত্ৰত যি যাৱতীয় কৰণীয় কাম আছে সেয়া অতি সোনকালে সম্পন্ন কৰিব পাৰিব বুলি মতপোষণ কৰা বুলিও মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইপিনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কেএচিত ২৬ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ ‘কমতাপুৰ উৎসৱ’ আয়োজনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্মতি প্ৰদান কৰা বুলিও কয় ৷ এই উৎসৱত কেৱল কোচ ৰাজবংশীসকলৰ কলা- কৃষ্টি, সংস্কৃতি, খাদ্যই সন্নিবষ্ট নাথাকিব বৰং এই অঞ্চলত থকা আন জাতি – জনগোষ্ঠীৰো কলা-কৃষ্টি আৰু সংস্কৃতিসমূহ প্ৰদৰ্শন কৰাৰ বাবে সুবিধা প্ৰদান কৰা হ’ব ৷

সংবাদ মেলত মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে লগতে কয় যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানটো বঙাইগাঁও চহৰৰ গান্ধী ময়দানত অতি ধুম ধামেৰে আয়োজন কৰাৰ কথা আছিল আৰু এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ কৰাৰ কথা আছিল ৷ কিন্তু যিহেতুকে মুখ্যমন্ত্ৰীয়ে পূৰ্বেই ২৪ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত চিন্তন শিবিৰৰ আয়োজন কৰাৰ বাবে দিন স্থিৰ কৰিছিল, সেয়ে আমি তেওঁক সাক্ষাৎ কৰাৰ সময়ত আমাক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে সময় দিব পৰা নাছিল ৷ কিন্তু তেওঁ ১৫ অক্টোৱৰৰ পিচত সময় দিয়াত আমি এখন বিশাল সভা অনুষ্ঠিত কৰিম ৷ এই সভাত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক যি শক্তি প্ৰদান কৰাৰ কথা কৈছিল সেই গোটেই কথাবিলাক ৰাইজৰ সন্মুখত জ্ঞাত কৰিব ৷

আমিও আশা কৰিছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক আমাৰ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি যি সভা অনুষ্ঠিত হ’ব, সেই সভাত নিশ্চয় উপস্থিত থাকিব ৷ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেএচিক যি ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে এই অঞ্চলক উন্নয়ন কৰাৰ কাৰণে যি অধিক শক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেয়া আগন্তুক সভালৈ আহি পূৰণ কৰিব বুলিও আশাৰে বাট চাই থকা বুলি কয় ৷ ইপিনে অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে আৰম্ভণিতে সচিবালয়, কৰ্মচাৰী আদিৰ বাবে কিছু কাম – কাজ কৰাত অসুবিধা আৰু পলম হৈছিল যদিও এতিয়া উন্নয়নমূলক কাম – কাজসমূহ ৰূপায়ণ কৰাৰ বাবে আমি ক্ষিপ্ৰতাৰে আগবাঢ়িছো আৰু কৰ্মচাৰীসকলেও কামবোৰ কৰি আছে ৷ লগতে জনসাধাৰণ বাবে আমাৰ যি উন্নয়নমূলক কাম কৰাৰ প্ৰচেষ্টা সেই কামবোৰো কাৰ্যবাহী পাৰিষদসকলে নিষ্ঠা সহকাৰে কৰি আছে ৷ অনাগত দিন বিলাকত ইতিমধ্যে চৰকাৰে প্ৰদান কৰা পুঁজিৰে যিসমূহ আঁচনি গ্ৰহণ কৰা হৈছে সেইসমূহ কম দিনৰ ভিতৰতে ৰূপায়ণ কৰিব পাৰিম ৷ অধ্যক্ষগৰাকীয়ে কয় যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনত যি চাৰিখন জিলাৰ অঞ্চল আছে সেই অঞ্চলৰ উন্নয়নমূলক কাম কৰাৰ বাবে চৰকাৰে যিখিনি পুঁজি প্ৰদান কৰিছে তাৰে সম্ভৱপৰ নহয় ৷

সেয়ে আমি অসম চৰকাৰক ৫০০ কোটি টকা বিচাৰিছো ৷ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক অধিক ক্ষমতা প্ৰদানৰ কাৰণে কিছুমান দাবী চনদ প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰা বুলিও কয় ৷ কেএচিক ভূমি ৰাজহ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, বন, স্বাস্থ্য, মীন আদি বিভাগ লাগিব ৷ আনহাতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অঞ্চলটো যিহেতু সীমামূৰীয়া অঞ্চল সেয়ে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি বৰ্তমান যি এক ভাবুকি আহি পৰিছে তাৰ বাবে সতৰ্ক হৈ থাকিবলগীয়া হৈছে ৷ সীমামূৰীয়া অঞ্চলৰ পৰা বহু লোক পলাই আহিবলগীয়া হৈছে ৷ সেয়ে এই ভূমি সংৰক্ষণ কৰিবলগীয়া হৈ পৰিছে ৷ খিলঞ্জীয়া জনসাধাৰণক বচাবলৈ তথা আমাৰ ভূমিবিলাক আমাৰ হাততে ৰাখিবলৈ অতিৰেই বেল্ট – ব্লকৰ অধীনত আনিব লাগে বুলিও চৰকাৰক দাবী জনোৱা বুলি কয় ৷ সংবাদ মেলত উপাধ্যক্ষৰ লগতে কেইবাগৰাকীও কাৰ্যবাহী পাৰিষদ উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd