• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গান্ধী জয়ন্তী: প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি; আন্তৰ্জাতিক অহিংসা দিৱসত বিশ্ববাসীলৈ ৰাষ্ট্ৰসংঘৰ বাৰ্তা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 2, 2022 12:39 pm
161
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ৰাজঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫৩ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ উপৰিও ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু ৰাজনীতিবিদে ৰাজঘাটত উপস্থিত হৈ গান্ধীজীক শ্ৰদ্ধাঞ্জলি জনায়।

আন্তৰ্জাতিক অহিংসা দিৱসত ৰাষ্ট্ৰসংঘয়ো বাপুক স্মৰণ কৰি বিশ্ববাসীক এক বাৰ্তা প্ৰদান কৰে।

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জনাই খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায়।

ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহাত্মা গান্ধীৰ জন্মদিন ২ অক্টোবৰ দিনটো প্ৰতি বছৰে গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।   অহিংসাৰ প্ৰচাৰক গান্ধীৰ জন্মদিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপেও পালন কৰা হয়। ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এইটো ঘোষণা কৰিছিল।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে শান্তি, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মূল্যবোধৰ প্ৰতি নিজকে পুনৰ সমৰ্পিত কৰাৰ এয়া সকলোৰে বাবে এক সুযোগ।

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া এক বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মই সকলো দেশবাসীৰহৈ ৰাষ্ট্ৰপিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।‘’

তেওঁ কয়, “গান্ধী জয়ন্তী হৈছে আমাৰ সকলোৰে বাবে তেওঁৰ অনুপ্ৰেৰণাদায়ক জীৱন– শান্তি, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মূল্যবোধৰ প্ৰতি নিজকে পুনৰ সমৰ্পিত কৰাৰ এক সুযোগ।”

ছোনিয়া গান্ধীকে ধৰি আন কেইবাগৰাকী নেতাইও গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজঘাটত উপস্থিত হৈ ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে গান্ধীজীৰ স্মৃতিত পুষ্পাঞ্জলি প্ৰদান কৰে।

Paid floral tributes to Mahatma Gandhi At Rajghat. His ideals reverberate globally and his thoughts have provided strength to millions of people. #GandhiJayanti pic.twitter.com/35hGMEC1RL

— Narendra Modi (@narendramodi) October 2, 2022

গান্ধীজীক ১৯৪৮ চনত হত্যা কৰা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম বিনায়ক গডছে গান্ধীক গুলীয়াই হত্যা কৰে।

President Droupadi Murmu paid homage to Mahatma Gandhi at Rajghat on #GandhiJayanti pic.twitter.com/K7qaADIReF

— President of India (@rashtrapatibhvn) October 2, 2022

ইপিনে, এক টুইটযোগে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে আন্তৰ্জাতিক অহিংসা দিৱসৰ কথা সোঁৱৰাই দিয়ে আৰু গান্ধীৰ শিক্ষাৰ কথা স্মৰণ কৰে।

On the International Day of Non-Violence, we celebrate Mahatma Gandhi’s birthday & values of peace, respect & the essential dignity shared by everyone.

We can defeat today's challenges by embracing these values & working across cultures & borders to build a better future. pic.twitter.com/EHJc2q4UZz

— António Guterres (@antonioguterres) October 2, 2022

তেওঁ কয়, “আন্তৰ্জাতিক অহিংসা দিৱসত আমি মহাত্মা গান্ধীৰ জন্মদিন আৰু শান্তি, সন্মান আৰু অপৰিহাৰ্য মৰ্যাদাৰ মূল্যবোধৰ উদযাপন কৰোঁ। আমি এই মূল্যবোধ গ্ৰহণ কৰি আৰু এই সংস্কৃতিৰ ওপৰত কাম কৰি আজিৰ প্ৰত্যাহ্বানবোৰক পৰাস্ত কৰিব পাৰোঁ।”

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd