• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুইছ বেংকত আছে ৩৪ লাখ ভাৰতীয়ৰ একাউণ্ট; কেন্দ্ৰক বিশদ তথ্য দিলে চুইজাৰলেণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2022 8:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইজাৰলেণ্ডে প্ৰবাসী ভাৰতীয় আৰু দেশীয় কোম্পানীৰ প্ৰায় ৩৪ লাখ ছুইছ বেংক একাউণ্টৰ তথ্য ভাৰত চৰকাৰক হস্তান্তৰ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই একাউণ্টবোৰ যিসকল ভাৰতীয় নাগৰিক আৰু সংস্থাৰ নামত খোলা হৈছে সেইবোৰ ১০১ খন দেশত বিয়পি আছে। ইয়াকেলৈ একেৰাহে চতুৰ্থ বছৰ ভাৰতে চুইছ বেংকত থকা “ক’লা ধন”ৰ তথ্য লাভ কৰিলে।

সোমবাৰে এক বিবৃতিত ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচন (এফটিএ)ৰ বিষয়াসকলে কয় যে ভাৰতৰ সৈতে চুইজাৰলেণ্ডৰ স্বয়ংক্ৰিয় তথ্য বিনিময়ৰ অংশ হিচাপে যোৱা ছেপ্টেম্বৰৰ এই তথ্য ভাৰতক জনোৱা হৈছে। এনে তথ্য অহা বছৰৰ ছেপ্টেম্বৰতো বিনিময় কৰা হ’ব।

লগতে পঢ়ক: তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা

Apply Now

ছুইজাৰলেণ্ডে যোৱা বছৰ ভাৰতকে ধৰি ৮৬ খন দেশৰ সৈতে এনে তথ্য বিনিময় কৰিছিল। অৱশ্যে এই বছৰ তালিকাখনত আলবেনিয়া, ব্ৰুনেই ডাৰুচালেম, নাইজেৰিয়া, পেৰু আৰু তুৰ্কীকে ধৰি আৰু কেইবাখনো দেশ অন্তৰ্ভুক্ত হৈছে। সেইদৰে বেংক একাউণ্টৰ সংখ্যাও প্ৰায় ১ লাখ বৃদ্ধি পাইছে।

ছুইছ বেংকৰ এই তথ্যৰ সহায়ত হিচাপ বহিৰ্ভূত সম্পত্তিবিলাকৰ সন্ধান বিচাৰি উলিয়াব পৰা যাব বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰিও কৰ ফাঁকি দিয়া বহুতো ব্যক্তি বা সংস্থা বা ক’লা ধনৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰা লোকসকলক ধৰা পেলোৱাটো সম্ভৱ হ’ব পাৰে।

বিশেষজ্ঞসকলে ভাৱে যে এই তথ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থাও ল’ব পৰা যাব।

লগতে পঢ়ক: অঘটন! আইআইটি-গুৱাহাটীত এগৰাকী ২০ বছৰীয়া ছাত্ৰৰ আত্মহত্যা

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ছুইজাৰলেণ্ডৰ বিষয়াই কয় যে একাউণ্টবোৰ বেছিভাগ ভাৰতীয় ব্যৱসায়ী আৰু প্ৰবাসীৰ নামত আছে। ইয়াৰে বহুতো আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে ধৰি কেইবাখনো দক্ষিণ-পূব এছিয়াৰ দেশত বিয়পি আছে। বহুতে লেটিন আমেৰিকা আৰু আফ্ৰিকাতো বসবাস কৰি আছে।

বেংক একাউণ্ট থকা ব্যক্তি বা প্ৰতিষ্ঠানবোৰৰ নাম আৰু ঠিকনাৰ উপৰিও ছুইছ কৰ্তৃপক্ষই কৰ চিনাক্তকৰণ নম্বৰ আৰু মূলধন উপাৰ্জনৰ বিৱৰণ ভাৰতক হস্তান্তৰ কৰিছে।

লগতে পঢ়ক: দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ লক্ষ্য: ‘ৰেইনড্ৰপচ’ৰ ভাৰত-বাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ সামৰণি

ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচনে এই বেংক একাউণ্টবোৰৰ মালিক বৰ্তমান কোন খন দেশত বাস কৰি আছে বা তেওঁৰ ছুইছ একাউণ্টত কিমান টকা আছে তাকো জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd