• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা ক্ৰিকেটাৰলৈ সম মাচুল: বিচিচিআইৰ সিদ্ধান্তক আদৰণি অভিনেত্ৰী তাপসী পন্নু আৰু অনুষ্কা শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 10:17 pm
BCCI
134
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰত লিংগ সমতাৰ এক যুগান্তকাৰী নিদৰ্শন দাঙি ধৰি আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলক পুৰুষ-মহিলা নিৰ্বিশেষে সমান মাচুল আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ পিছত বিচিচিআইৰ এই সিদ্ধান্তক আদৰণি জনাইছে বলীউড তাৰকা তাপসী পন্নু আৰু অনুষ্কা শৰ্মাই।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট ইতিহাসৰ কিংবদন্তীত পৰিণত হোৱা মিতালী ৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত বলীউডৰ “চাব্বাছ মিথু” শীৰ্ষক চলচ্চিত্ৰত মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰা তাপসীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই সিদ্ধান্তৰ বাবে ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বিচিচিআইৰ এই সিদ্ধান্তক ধন্যবাদ জনাই তাপসী পন্নুৱে এক টুইট যোগে কয়, “সমান কামৰ বাবে সমান দৰমহাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ। এক উদাহৰণ হৈ এই দিশত নেতৃত্ব দিয়াৰ বাবে বিচিচিআইক ধন্যবাদ।”

A huge step towards equal pay for equal work. Thank you BCCI for leading with example 👏🏾

— taapsee pannu (@taapsee) October 27, 2022

আনহাতে আনগৰাকী অভিনেত্ৰী তথা ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ নিজা হেণ্ডেলত এক ষ্ট’ৰীত বিচিচিআইৰ সচিব জয় শ্বাহৰ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে আৰু তিনিটা হাততালিৰ ইমোজিৰে এই সিদ্ধান্তলৈ সমৰ্থন আগবঢ়ায়।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিশ্ব ক্ৰিকেটৰ আন এগৰাকী কিংবদন্তী তাৰকা তথা ভাৰতৰ সদ্য অৱসৰপ্ৰাপ্ত তাৰকা পেচাৰ ঝুলন গোস্বামীৰ জীৱনভিত্তিক আহিবলগীয়া ছবি “চাকদা এক্সপ্ৰেছ”ত মূখ্য চৰিত্ৰত অভিনয় কৰিছে।

উল্লেখ্য যে বিচিচিআই-এ আজি নতুনকৈ প্ৰৱৰ্তন কৰা নীতি অনুসৰি ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে এতিয়া পুৰুষ ক্ৰিকেটাৰসকলৰ দৰেই প্ৰতিখন টেষ্টত ১৫ লাখ টকা, প্ৰতিখন এদিনীয়াত ৬ লাখ টকা আৰু প্ৰতিখন টি-২০ ত ৩ লাখ টকা মাচুল লাভ কৰিব।

ইয়াৰ পূৰ্বে মহিলা খেলুৱৈসকলে এদিনীয়া আৰু টি-২০ ৰ বাবে ১ লাখ টকাকৈ লাভ কৰিছিল। আনহাতে এখন টেষ্ট মেচত মহিলা ক্ৰিকেটাৰসকলে লাভ কৰা পূৰ্ব মাচুল আছিল ৪ লাখ টকা।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd