• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰং-তুলিকাৰ মায়া এৰি কেতিয়াও উভতি নহা বাটেৰে গুচি গ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2022 3:52 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুৰাগীৰ মাজত শোকত ছাঁ পেলাই গুচি গ’ল অসমীয়া জাতিৰ অমূল্য সম্পদ নীলপৱন বৰুৱা। আৰু কোনোদিন উভটি নাহে তেওঁ ।
শূন্য হৈ পৰিল ব’গেনভেলীয়া আৰু দেৱদাৰুৰে ঘেৰি ৰখা বেলতলাৰ দিপালী-নীলপৱনৰ হেঁপাহৰ ঘৰটো।

যোৱা ২২ ছেপ্তেম্বৰৰ নিশা জ্বৰ, কাহত ভুগি থকাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক।
তেতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে ভৰ্তি হৈ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱা।
হাস্পাতালত ভৰ্তি কৰাৰ পিছত জ্বৰ, কাহৰ পৰা শিল্পীগৰাকী লাহে লাহে সুস্থ হৈ উঠিছিল যদিও পৰৱৰ্তী সময়ত শ্বাস-প্ৰশ্বাসজনিত কাৰণত পুনৰ অসুস্থ হৈ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

Apply Now

আজি পুৱাৰ ভাগত শিল্পীজনাৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ কথা ঘোষণা কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে।জীৱন কালত তেওঁ আঁকিছিল হাজাৰ-বিজাৰ ছবি। অসমীয়া চাৰু-কাৰু তথা কলা জগতখনত প্ৰতিষ্ঠা কৰিছিল নতুন ধাৰা,প্ৰতিষ্ঠা কৰিছিল নতুন নতুন শৈলী। নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনত যোৰহাটৰ তামুলিছিগা গাঁৱত।বৰুৱাৰ পিতৃ আছিল ধ্বনি কবিৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা।

হাইস্কুলৰ দেওনা পাৰ কৰি খেতি খোলা আৰু সামাজিক কাম কৰি খাম বুলি ভবা নীলপৱন বৰুৱাই প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ ১৯৬১ চনত কলিকতাৰ শান্তিনিকেতনলৈ যায়।
তাতেই তেওঁ চিত্ৰকলা বিভাগত স্নাতক ডিগ্ৰী শেষ কৰি অসমলৈ ঘূৰি আহে।
অসমলৈ ঘূৰি আহি দেউতাক বিনন্দ্ৰ চন্দ্ৰ বৰুৱাৰ ইচ্ছাত গুৱাহাটী আৰ্ট কলেজত শিক্ষকতাৰ কামত যোগ দিয়ে।

১৯৭১ চনত বৰুৱাই গুৱাহাটীত অসম চাৰু কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছতেই তেওঁ প্ৰতিষ্ঠা কৰে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰকলাৰ বিদ্যালয় ‘বসুন্ধৰা কলা নিকেতন’।
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে ।
একেলগে নীলপৱন বৰুৱাই চেষ্টা কৰিছিল বৃন্দাবনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰুজ্জীৱিত কৰাৰ।
গুৱাহাটীৰ জজ ফিল্ডৰ এটা সৰু জুপুৰীত প্ৰায়েই থাকিছিল নীলপৱন বৰুৱা।বন্ধু বৰ্গসহ তাতেই চৰ্চা চলিছিল শিল্প সাহিত্যিৰ চৰ্চা।


সেই ঘৰটো হৈ পৰিছিল প্ৰখ্যাত শিল্পী-সাহিত্যিকৰ আড্ডা ঘৰ ।ননী বৰপূজাৰী, নীলমণি ফুকন আদিৰ দৰে কাণ্ডাৰী সকলৰ শিল্প-কলাৰ আখৰাস্থলী আাছিল সেই ঘৰটোলৈ।চিগাৰেট খাই ভালপোৱা চিত্ৰশিল্পী জনে সত্তৰ দশকত প্ৰতিষ্ঠা কৰিছিল চিগাৰেটৰ পেকেটত অঁকা এটি বিশেষ চিত্ৰশৈলীৰ ।


নিজে খোৱা প্ৰতিটো চিগাৰেটৰ পেকেটত তেওঁ আঁকি গৈছিল বিভিন্ন ধৰণৰ ছবি।যৌৱনৰ এনেবোৰ দিনতেই নীলপৱনে লগ পাইছিল কণ্ঠৰ যাদুৰে সেই সময়ত অসমৰ সংগীত জগত কঁপাই তোলা দীপালি বৰঠাকুৰক ।
আৰম্ভ হৈছিল অসমৰ আটাইতকৈ জনপ্ৰিয় প্ৰেম কাহিনীটো ।নীলপৱনৰ ছবিত যেন তুলিকা হৈ বলিছিল দীপালিৰ কন্ঠ।

এসময়ত অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ সমীপতে এখন চাহ দোকানো দিছিল নীলপৱন বৰুৱাই।
তাতেই হেনো কেতিয়াবা আহি বহিছিলহি প্ৰেয়সী দীপালী বৰঠাকুৰ ।
মটৰ নিউৰণ নামৰ জটিল ৰোগত আক্ৰান্ত দীপালিয়ে আশ্ৰয় ল’বলগীয়া হৈছিল হুইল চেয়াৰৰ ।
আৰু ১৯৭৮ চনত দুয়ো আৱদ্ধ হৈছিল বিবাহপাশত ।

মৃত্যু পৰ্যন্ত মৰমৰ দিপালীৰ পৰিচৰ্যা কৰি থাকিলে নীলপৱন বৰুৱাই ।
দীপালী বৰঠাকুৰৰ মৃত্যুৰ পিছত নিঃসংগ হৈ পৰিছিল প্ৰেমিক নীলপৱন বৰুৱা। জীৱন-যৌৱনৰ অলেখ তিতা মিঠা অভিজ্ঞতা স্মৰণ কৰি জীৱনৰ বিয়লি বেলা পাৰ কৰিছিল বৰুৱাই। মাজে মাজে শুনিছিল দিপালী বৰঠাকুৰৰ গীত। নীলপৱন বৰুৱাক অনবৰতে আলপৈচান ধৰিবলৈ লগত আছিল দুগৰাকী পৰিচৰ্যা। অহা যোৱা আছিল কেইবাগৰাকী ঘনিষ্ঠ আৰু অনুৰাগীৰ।

কিন্তু যোৱা ২২ ছেপ্তেম্বৰৰ নিশা হঠাতে অসুস্থ হৈ পৰা নীলপৱন বৰুৱাক ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। সকলোৱে ভাবিছিল সোনকালে সুস্থ হৈ ঘৰলৈ ঘূৰি আহিব মৰমৰ শিল্পীজন । আগচোতালত বহি ফুলনিখন চাই চাই আকৌ শুনিব দিপালী বৰঠাকুৰৰ গান । কিন্তু নিষ্ঠুৰ সময়ৰ পৰিহাস । মৃত্যুৰ হাতবাউলিৰ পম খেদি গুচি গ’ল অসমীয়া জাতিৰ এজন কিংবদন্তী পুৰুষ, হাজাৰ যৌৱনৰ প্ৰেৰণা নীলপৱন বৰুৱা ।
সমগ্ৰ অসমবাসীৰ লগত নৰ্থ ইষ্ট নাওৱেও শিল্পী জনাৰ প্ৰতি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত আৰু গভীৰ অশ্ৰু অঞ্জলি।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd