• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপত সেও মানি কুস্তি ফেডাৰেচনৰ মুৰব্বী পদৰ পৰা আঁতৰিল ব্ৰিজ ভূষণ; নিশাই ঘোষণা ক্ৰীড়া মন্ত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 21, 2023 8:02 am
128
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় তাৰকা মল্লযোদ্ধাসকলে অৱশেষত আন্দোলনৰ সুফল লাভ কৰিলে। কালি মাজনিশা এক সংবাদমেলত ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কুস্তি ফেডাৰেচনৰ মুৰব্বীয়ে তেওঁৰ পদৰ পৰা আঁতৰি থাকিব।  ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত সমিতিয়ে অহা চাৰি সপ্তাহৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰিব।

ইপিনে, ক্ৰীড়া মন্ত্ৰীৰ ঘোষণাৰ লগে লগে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰৰ পৰা তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা তাৰকা মল্লযোদ্ধা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হৈছিল যদিও সেই বৈঠকত কোনো সমাধান ওলোৱা নাছিল। কিন্তু কালি দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মল্লযোদ্ধাসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণে তেওঁৰ পদৰ পৰা আঁতৰি আহিছে।

লগতে পঢ়ক: এইবাৰ গুগলৰ ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি; ক্ষমা বিচাৰিলে পিচাইয়ে

আনহাতে, ব্ৰিজ ভূষণৰ তদন্ত কৰিব লগা পৰ্যৱেক্ষণ সমিতিৰ সদস্যসকলৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব। তদুপৰি, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সমিতিখনে কুস্তি ফেডাৰেচনৰ দৈনন্দিন কাৰ্যকলাপৰ চোৱাচিতা কৰিব।

অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই কয়, “কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে আমাৰ দাবীবোৰ শুনিছে আৰু আমাক আশ্বাস দিছে যে সঠিক তদন্ত কৰা হ’ব। আমি তেওঁক ধন্যবাদ জনাব বিচাৰো আৰু আমি আশাবাদী যে এক নিৰপেক্ষ তদন্ত হ’ব। গতিকে আমি প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছো।‘’

নিশাৰ শেষৰ ফালে অনুষ্ঠিত সংবাদমেলত বিনেশ ফোগাট, অলিম্পিক পদক বিজয়ী সাক্ষী মালিক আৰু ৰবি দাহিয়াও উপস্থিত আছিল।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাত সঞ্চালকক ভৰ্ৎসনা আদালতৰ

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মল্লযোদ্ধাসকলে অনুৰাগ ঠাকুৰৰ সৈতে তেওঁৰ বাসগৃহত চাৰি ঘণ্টা ধৰি বৈঠকত বহিছিল। কিন্তু তাত কোনো সমাধান ওলোৱা নাছিল। মল্লযোদ্ধাসকলে পুৱা প্ৰায় ২ বজাত মন্ত্ৰীজনৰ ঘৰৰ পৰা নীৰৱে ওলাই গৈছিল। অৱশ্যে, একেদিনাই ভাৰতীয় অলিম্পিক সংস্থাই বিষয়টোৰ তদন্তৰ বাবে এখন সাত জনীয়া সমিতি গঠন কৰে। কিন্তু এই সকলোবোৰৰ মাজত, তাৰকা মল্লযোদ্ধাসকলৰ প্ৰতিবাদ অব্যাহত আছিল।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd