• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাই: স্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক’ৰ্ড তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 6:46 pm
Ravindra Jadeja
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি জাতীয় দলৰ বাহিৰত থকাৰ পিছত প্ৰত্যাৱৰ্তনতে উজ্বলি উঠা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইন্দোৰত আজিৰ পৰা আৰম্ভ হোৱা তৃতীয়খন টেষ্টত জাদেজাই আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে আজি টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেডৰ উইকেট দখল কৰি আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০ উইকেট সম্পূৰ্ণ কৰে। ইতিপূৰ্বে ভাৰতৰ হৈ কেৰিয়াৰত ৫০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিছে জাদেজাই।

Apply Now

এইদৰে তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট আৰু ৫০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয়। জাদেজাৰ পূৰ্বে কেৱল কিংবদন্তী তাৰকা কপিল দেৱেহে এই ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

ভাৰতৰ হৈ বৰ্তমানলৈকে মুঠ ৬৩ খন টেষ্ট, ১৭১ খন এদিনীয়া আৰু ৬৪ খন টি-২০ত ভাগ জাদেজাই। টেষ্ট, এদিনীয়া আৰু টি-২০ত জাদেজাৰ সংগ্ৰহিত ৰান হৈছে ক্ৰমে ২৬২৩, ২৪৪৭ আৰু ৪৫৭ ৰান। আনহাতে টেষ্টত ২৬৩, এদিনীয়াত ১৮৯ আৰু টি-২০ত ৫১ টা উইকেট লাভ কৰিছে তাৰকাগৰাকীয়ে।

লক্ষণীয়ভাৱে, চলিত শৃংখলাৰ প্ৰথম দুখন টেষ্টত সহজ বিজয় সাব্যস্ত কৰা ঘৰুৱা দল ভাৰতৰ বিপক্ষে তৃতীয় টেষ্টৰ প্ৰথমদিনাই চালকৰ আসনত উপৱিষ্ট হৈছে অষ্ট্ৰেলিয়া। ইন্দোৰৰ টাৰ্নিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰে।

ভাৰতৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভ্ৰমণকাৰী দলটোৰ বাওঁহতীয়া স্পিনাৰ মেথিউ কুহনেমেন। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি কুহনেমেনে মাত্ৰ ১৬ ৰানতে পাঁচটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰে।

অভিজ্ঞ স্পিনাৰ নাথান লিয়নে ৩ টা আৰু টড মুৰ্ফীয়ে এটা উইকেট লাভ কৰে। আনহাতে অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd