• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাই: স্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক’ৰ্ড তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 6:46 pm
Ravindra Jadeja
151
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি জাতীয় দলৰ বাহিৰত থকাৰ পিছত প্ৰত্যাৱৰ্তনতে উজ্বলি উঠা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইন্দোৰত আজিৰ পৰা আৰম্ভ হোৱা তৃতীয়খন টেষ্টত জাদেজাই আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে আজি টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেডৰ উইকেট দখল কৰি আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০ উইকেট সম্পূৰ্ণ কৰে। ইতিপূৰ্বে ভাৰতৰ হৈ কেৰিয়াৰত ৫০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিছে জাদেজাই।

এইদৰে তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট আৰু ৫০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয়। জাদেজাৰ পূৰ্বে কেৱল কিংবদন্তী তাৰকা কপিল দেৱেহে এই ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

ভাৰতৰ হৈ বৰ্তমানলৈকে মুঠ ৬৩ খন টেষ্ট, ১৭১ খন এদিনীয়া আৰু ৬৪ খন টি-২০ত ভাগ জাদেজাই। টেষ্ট, এদিনীয়া আৰু টি-২০ত জাদেজাৰ সংগ্ৰহিত ৰান হৈছে ক্ৰমে ২৬২৩, ২৪৪৭ আৰু ৪৫৭ ৰান। আনহাতে টেষ্টত ২৬৩, এদিনীয়াত ১৮৯ আৰু টি-২০ত ৫১ টা উইকেট লাভ কৰিছে তাৰকাগৰাকীয়ে।

লক্ষণীয়ভাৱে, চলিত শৃংখলাৰ প্ৰথম দুখন টেষ্টত সহজ বিজয় সাব্যস্ত কৰা ঘৰুৱা দল ভাৰতৰ বিপক্ষে তৃতীয় টেষ্টৰ প্ৰথমদিনাই চালকৰ আসনত উপৱিষ্ট হৈছে অষ্ট্ৰেলিয়া। ইন্দোৰৰ টাৰ্নিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰে।

ভাৰতৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভ্ৰমণকাৰী দলটোৰ বাওঁহতীয়া স্পিনাৰ মেথিউ কুহনেমেন। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি কুহনেমেনে মাত্ৰ ১৬ ৰানতে পাঁচটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰে।

অভিজ্ঞ স্পিনাৰ নাথান লিয়নে ৩ টা আৰু টড মুৰ্ফীয়ে এটা উইকেট লাভ কৰে। আনহাতে অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd