ভাৰতত তিনি বছৰতকৈও অধিক সময়ৰ পূৰ্বে টিকটক নিষিদ্ধ কৰা হৈছে। কিন্তু শেহতীয়াকৈ, ফৰ্বছৰ এক বিস্ফোৰক প্ৰতিবেদনত দাবী কৰা হৈছে যে কোটি কোটি ভাৰতীয় ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য এতিয়াও চীনা এপৰ আওতাৰ ভিতৰত আছে! অৱশ্যে, টিকটকে সকলো দাবী অস্বীকাৰ কৰিছে।
ভাৰতত যেতিয়া ইয়াক নিষিদ্ধ কৰা হৈছিল, সেই সময়ত টিকটকৰ ১৫ কোটি ব্যৱহাৰকাৰী আছিল।
লগতে পঢ়ক: গোলকীয় উষ্ণতা! শীঘ্ৰে শুকাই যাব সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ; সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই
প্ৰতিবেদন অনুসৰি, ফৰ্বছৰ সৈতে বাৰ্তালাপত টিকটকৰ এজন কৰ্মচাৰীয়ে কৈছিল যে ভাৰতীয়সকলৰ এই মুহূৰ্তত তেওঁলোকৰ কিমানৰ তথ্য চীনৰ ওচৰত ৰৈছে তাৰ কোনো ধাৰণা নাই। প্ৰতিবেদনখনে লগতে দাবী কৰিছে যে কোম্পানীৰ যিকোনো কৰ্মচাৰী যাৰ নিম্নতম ‘এক্সেছ’ আছে তেওঁলোকে সেই তথ্যপ্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। চেলিব্ৰেটীৰ পৰা সাধাৰণ মানুহলৈকে, সকলোৱে সেই তালিকাত আছে।
অৱশ্যে, চীনা কোম্পানীটোৱে দাবী কৰিছে যে এই দাবী সম্পূৰ্ণ ভুল। টিকটক ভাৰতত নাথাকিলেও কিন্তু ৰাছিয়া, চীন, আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে ‘বাইটডান্স’ নামৰ চীনা কোম্পানীটোৰ ১লাখ ১০ হাজাৰ কৰ্মচাৰী আছে।
লগতে পঢ়ক: গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!
ভাৰতকে ধৰি বহুতো দেশে অভিযোগ কৰিছে যে চীনে টিকটক এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলৰ সকলো তথ্য সৰবৰাহ কৰি আছে। শেহতীয়াকৈ, আমেৰিকাকো একেটা দাবীত সৰৱ হোৱা দেখা গৈছে।