ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী ইমিন জাপাৰোভা আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ কোনো মন্ত্ৰী ভাৰত ভ্ৰমণলৈ আহিছে। এই ভ্ৰমণৰ সময়ত ভাৰতীয় নেতাসকলক সাক্ষাৎ কৰিব জাপাৰোভাই।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই ভ্ৰমণৰ সময়ত জাপাৰোভাই বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিক সাক্ষাৎ কৰিব। তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বিক্ৰম মিশ্ৰিকো সাক্ষাৎ কৰিব।
লগতে পঢ়ক: শংকা আঁতৰিল, কৰ’না ভাইৰাছৰ উত্তৰ এতিয়া বিজ্ঞানীৰ হাতত! কি ক’লে গৱেষণাই?
ইয়াৰ উপৰিও ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সঞ্জয় বাৰ্মাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব।
চৰকাৰী সূত্ৰ অনুসৰি ইউক্ৰেইনে বিচাৰে যে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনলৈ ভাৰতে তেওঁলোকৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক আমন্ত্ৰণ জনাওক।
লগতে পঢ়ক: চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী
জাপাৰোভাই ইউক্ৰেইন ভ্ৰমণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাষ্ট্ৰপতি জেলেনস্কিৰ আমন্ত্ৰণ পত্ৰও দিয়াৰ সম্ভাৱনা আছে।