সমাগত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন। সম্ভৱত ২০২৩ চনৰ শেষৰ ফালে ভাৰতীয় নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
এনে সময়তে ৰাজ্যখনত দুভাগত বিভক্ত হ’ল ভাৰতীয় জনতা পাৰ্টি। অলপতে ৰাজ্যখনৰ বিজেপি দলৰ বিধায়ক নাৰায়ণ ত্ৰিপাঠিয়ে নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। ত্ৰিপাঠিয়ে নতুন দলৰ কথা ঘোষণা কৰি কৈছে যে অহা বিধান সভাৰ নিৰ্বাচনত নতুন দলটোৰ পৰা ৩০ জন বিধায়কে ৩০ খন আসনৰ পৰা প্ৰাৰ্থীত্ব আগিবঢ়াব।
নাৰায়ণ ত্ৰিপাঠীৰ দ্বাৰা নতুনকৈ গঠন হোৱা দলটোৰ নাম হৈছে বিন্ধ্যা জনতা পাৰ্টি, চমুকৈ ভিজেপি। বিন্ধ্যা প্ৰদেশৰ পুনৰুজ্জীৱন আৰু পুনৰ্গঠনৰ দাবীত বিদ্ৰোহী আচৰণেৰে ত্ৰিপাঠিয়ে গঠন কৰিছে এই নতুনই দলটো।
খবৰ অনুসৰি অহা ১৫ এপ্ৰিলৰ ভিতৰত ভিজেপিৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব।
মাইহাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিন্ধ্যা প্ৰিমিয়াৰ লীগ ছিজন ২ৰ সামৰণি অনুষ্ঠানত ত্ৰিপাঠীয়ে নিজেই ঘোষণা কৰে যে ভিজেপিৰ প্ৰাৰ্থীয়ে ৰেৱা আৰু শ্বাহদোল অঞ্চলৰ ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
ত্ৰিপাঠীয়ে বিন্ধ্যাবাসীক অঞ্চলটোৰ পুনৰুজ্জীৱনৰ সংগ্ৰামত নতুন দলটোক সহায় আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে।
চাৰিবাৰকৈ এছ পি, কংগ্ৰেছ, আৰু বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দক্ষ ৰাজনীতিক ত্ৰিপাঠীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ “আপুনি মোক তেজ দিয়ক, মই আপোনাক স্বাধীনতা দিম” শ্লোগানটো আওৰাই বিন্ধ্যাবাসীক সমৰ্থনৰ বাবে আহ্বান জনায়।
লগতে ত্ৰিপাঠিয়ে কয়, ‘‘এইবাৰ বিজেপিৰ প্ৰাৰ্থীয়েও বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বিন্ধ্যাৰ ৰাইজে হয়তো বিন্ধ্যা দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ল’ব।’’
উল্লেখ্য যে বিগত বিধান সভা নির্বাচনত বিন্ধ্যা অঞ্চলৰ ৩০খন আসনৰ ভিতৰত ২৭খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল৷
“আমি আমাৰ বিন্ধ্যাক আগুৱাই লৈ যাম। এই ৩০খন আসনৰ পৰাই এই যাত্ৰাৰ আৰম্ভণি হ’ব আৰু তাৰ পিছত সেইবোৰ জিলা আৰু অঞ্চলসমূহলৈকো দলটোক সম্প্ৰসাৰণ কৰা হ’ব, যিবোৰ মধ্যপ্ৰদেশত একত্ৰীকৰণৰ পূৰ্বে বিন্ধ্য প্ৰদেশৰ অংশ আছিল।’’ লগতে ত্ৰিপাঠীয়ে কয়।
ত্ৰিপাঠীয়ে কয় যে চৰকাৰে বিন্ধ্যাক ৰাজ্য আৰু মাইহাৰক জিলা কৰি তুলিব লাগিব। আমাৰ লগত অন্যায় কৰা হৈছে। আমাৰ বিন্ধ্য আমাৰ পৰা কাঢ়ি লোৱা হৈছে আৰু আমি পুনৰ আমাৰ অধিকাৰ ঘূৰাই লম।
এতিয়া বিজেপিৰ পৰা ওলাই গৈ নতুনকৈ আঞ্চলিকতাবাদী দল গঠন কৰা ত্ৰিপাঠিয়ে নতুন দলটোক কেনেদৰে আগুৱাই নিবলৈ সক্ষম হয় আৰু এই নতুন দলটোৱে ৰাজ্যখনৰ ৰাজনীতি কইদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ’ব লক্ষ্যনীয়। কিন্তু বিজেপিত ফাঁট মেলা এই ঘটনাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।