• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মতিহাৰীৰ সুৰা ট্ৰেজেডীৰ পিছতে তৎপৰ আৰক্ষী: জব্দ বৃহৎ পৰিমাণৰ সুৰা

সুৰাৰ অবৈধ ব্যৱসায়ত জড়িত ২০ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2023 6:53 pm
Liquor In Bihar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষাক্ত সুৰা পানৰ পৰিণতিত বিহাৰৰ মতিহাৰীত ২০ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছতে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বিহাৰ আৰক্ষী। অবৈধ সুৰা বিৰোধী অভিযান কালত মতিহাৰীৰ বিভিন্ন গাঁৱৰ পৰা বিপুল পৰিমাণৰ ভুৱা সুৰা জব্দ কৰিছে আৰক্ষীয়ে।

পূৱ চম্পাৰণ জিলা প্ৰশাসনে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা মতে, মতিহাৰীৰ বিভিন্ন স্থানত তালাচী চলোৱাৰ পিছতে মদৰ অবৈধ ব্যৱসায়ত জড়িত গৰাকী ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

তেওঁলোকৰ হাতৰ পৰা প্ৰায় ৮৫.৫ লিটাৰ দেশত নিৰ্মিত সুৰা আৰু বিপুল পৰিমাণৰ ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই এম এফ এল) উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।

বিবৃতিটোত লগতে উল্লেখ কৰা মতে, শুকুৰ আৰু শনিবাৰৰ মাজনিশা জিলাখনৰ তুৰ্কাউলিয়া, হৰসিদ্ধি, সুগৌলি আৰু পাহাৰপুৰ অঞ্চলত অবৈধ সুৰা সেৱন কৰাৰ ফলত কেইবাগৰাকীও লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল।

এই খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ আৰক্ষীৰ এটা দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই সন্দৰ্ভত দিয়া ভাষ্য মতে ইতিমধ্যে ২০ গৰাকী লোকৰ মৃত্য হৈছে যদিও পাঁচজন লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

ঘটনা সন্দৰ্ভত বিহাৰ আৰক্ষীৰ লগতে আবকাৰী বিভাগৰ বিষয়াসকলেও তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰশাসনে লগতে সদৰী কৰিছে।

উল্লেখ্য যে, ২০১৬ চনৰ এপ্ৰিল মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত সুৰাৰ বিক্ৰী আৰু সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল।

এই নিষেধাজ্ঞাৰ পিছতো ৰাজ্যখনত চোৰাং বজাৰত সুৰা বিক্ৰী আৰু স্থানীয়ভাৱে নিৰ্মিত সুৰা সেৱনৰ ফলত মৃত্যুৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd