জুই সদৃশ ৰ’দ। কিন্তু চৰকাৰী অনুষ্ঠানত দৰ্শকৰ মূৰৰ ওপৰত কোনো তম্বু নাছিল। মহাৰাষ্ট্ৰৰ চৰকাৰী অনুষ্ঠানত গৰমৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱালে। তীব্ৰ গৰমৰ দহনত আক্ৰান্ত ১২০ জন লোক।
এই ভয়ানক ঘটনাত সাধাৰণ জনতাই প্ৰশাসনৰ প্ৰতি অভিযোগৰ আঙুলি তুলিছে। এই মৃত্যুৰ বাবে চৰকাৰৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ উত্থাপন কৰা হৈছে।
লগতে পঢ়ক: অসুস্থ আমেৰিকাত বন্দুকৰ খেল! জন্মদিনৰ অনুষ্ঠানত গুলীচালনা; নিহত ৪ জন
দেওবাৰে নৱী মুম্বাইৰ খাৰঘৰত আয়োজন কৰা হয় ‘মহাৰাষ্ট্ৰ ভূষণ বঁটা’ বিতৰণ অনুষ্ঠান। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছো উপস্থিত থাকে।
দিনৰ ১১ বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত হিলদল ভাঙি লোকৰ সমাগম হয়। বহাৰ অভাৱ নহ’লেও ওপৰত কোনো চালি নাছিল। অবিৰতভাৱে প্ৰচণ্ড ৰ’দত বহি থাকি বহু লোক অসুস্থ হৈ পৰে।
ততাতৈয়াকৈ অসুস্থসকলক খাৰঘৰৰ টাটা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ১১জন লোকৰ মৃত্যু ঘটে। এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক: কি দিন পৰিল! ছাত্ৰৰ সৈতে অনৈতিক যৌন আচৰণৰ অপৰাধত গ্ৰেপ্তাৰ ৬ গৰাকী শিক্ষয়িত্ৰী
পিছত মুখ্যমন্ত্ৰী একনাথ সিন্দে চিকিৎসালয়ত ভৰ্তি হোৱা থকা ৰোগীসকলৰ ওচৰলৈ যায়। অনুষ্ঠানত উপস্থিত থকাৰ সময়ত গৰমত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব এক বিবৃতিত মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷