• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেখিকাক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প; ৪১০ কোটি টকাৰ জৰিমনা বিহিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 3:49 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল লেখিকা জিন কেৰলে। সেই গোচৰত আমেৰিকাৰ আদালতে ট্ৰাম্পক দোষী সাব্যস্ত কৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক যৌন নিৰ্যাতন আৰু লেখিকাৰ মানহানি কৰাৰ অপৰাধত ৫০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪১০ কোটি টকা জৰিমনা বিহা হৈছে।

অৱশ্যে, ৰায় ঘোষণাৰ পিছতো ট্ৰাম্পে নিজৰ বক্তব্যত অটল আছিল। তেওঁৰ প্ৰতিক্ৰিয়া, এই ৰায় “অপমানজনক”।

৭৯ বছৰীয়া কেৰলে দাবী কৰিছিল যে ১৯৯০ চনৰ মাজভাগত মানহাটনৰ এটা শ্বপিং মলত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ অনুসৰি সেই শ্বপিং মলৰ ট্ৰাইল ৰুমত কেৰলক ধৰ্ষণ কৰিছিল ট্ৰাম্পে।

লগতে পঢ়ক: ৬০ বছৰৰ বয়সতো গাভৰু হৈ থকাৰ ৰহস্য : ধুনীয়া হৈ থাকিবলৈ কি কৰে নীতা আম্বানীয়ে?

কেৰলৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ ক্লায়েণ্টে ৰখাবলৈ চেষ্টা কৰিছিল যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক শক্তিক বাধা দিব পৰা নাছিল। শুনানিৰ সময়ত ট্ৰাম্পে দাবী কৰে যে ‘সেইবোৰ একোৱেই ঘটা নাই।‘

লেখকৰ অধিবক্তাই দাখিল কৰা প্ৰমাণৰ ওপৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য আছিল, “এইবোৰ সজোৱা হৈছে”। যদিও লেখিকাই সাক্ষ্য দিওঁতে কৈছিল, ট্ৰাম্পে তেওঁক জোৰকৈ ট্ৰায়েল ৰুমত প্ৰৱেশ কৰিছিল। তেওঁক জোৰকৈ বেৰত হেচি ধৰিছিল। তাৰ পিছত ধৰ্ষণ কৰিছিল।

অৱশেষত আমেৰিকাৰ আদালতে ট্ৰাম্পৰ বিৰুদ্ধে ৰায় ঘোষণা কৰিলে। যৌন নিৰ্যাতন আৰু মানহানিৰ গোচৰত তেওঁক ৪১০ কোটি টকাৰ জৰিমনা বিহা হৈছে। ৰায় ঘোষণাৰ পাছতো ট্ৰাম্পে কয় যে, “মই সঁচাকৈয়ে নাজানো এই মহিলাগৰাকী কোন। ই এক অপমানজনক বিচাৰ। মই মিছাৰ বলি হৈছো।”

ইয়াৰ পূৰ্বে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত লেখিকা ই জিন কেৰলৰ গোচৰ। আনকি বুধবাৰেও আন এগৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। ৮১ বছৰীয়া জেচিকা লিডছে আদালতত কয় যে বিমানৰ বিজনেছ ক্লাছত ট্ৰাম্পে তেওঁৰ স্কাৰ্টৰ ভিতৰেৰে হাত সুমুৱাই দিছিল।

লগতে পঢ়ক: ইমৰাণ খানক গ্ৰেপ্তাৰৰ পিছতেই অশান্ত পাকিস্তান : কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা

তেওঁ অভিযোগ মতে তেওঁলোকৰ মাজত কোনো ধৰণৰ কথাৰ আদান-প্ৰদান হোৱা নাছিল। ট্ৰাম্পে তেওঁৰ কাষলৈ আহি চুমা খাবলৈ চেষ্টা কৰিছিল, তেওঁৰ স্তন দুটা খামুচি ধৰিছিল। জেচিকাৰ ভাষাত, “গোটেই কথাটো বিনা মেঘে বজ্ৰপাতৰ দৰে আছিল।” মুঠতে এটাৰ পিছত আনটো অভিযোগত বিধ্বস্ত ট্ৰাম্প।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd