• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্ম, মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়ক: গৃহমন্ত্ৰী শ্বাহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 23, 2023 8:19 am
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ফটো: সংগ্ৰহীত।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে জন্ম-মৃত্যুৰ সৈতে জড়িত তথ্যক ভোটাৰ তালিকা আৰু সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে সংযোগ কৰিবলৈ সংসদত এখন বিধেয়ক অনাৰ পৰিকল্পনা কৰা হৈছে। ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্তৰ কাৰ্যালয় ‘জনগণনা ভৱন’ উদ্বোধন কৰি শ্বাহে কয় যে লোকপিয়ল এনে এক প্ৰক্ৰিয়া যি উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰ হ’ব পাৰে।

তেওঁ কয় যে ডিজিটেল, সম্পূৰ্ণ আৰু সঠিক লোকপিয়লৰ তথ্যৰ বহুমাত্ৰিক লাভ হ’ব পাৰে। লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰি পৰিকল্পনা কৰিলে উন্নয়নে আটাইতকৈ দৰিদ্ৰ লোকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰে।

জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰৰ তথ্য বিশেষ ধৰণে সংৰক্ষণ কৰিলে উন্নয়নমূলক কামৰ সঠিক পৰিকল্পনা কৰিব পৰা যাব বুলিও শ্বাহে কয়।

Apply Now

লগতে পঢ়ক:চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সম্ভাৱনা আছে: মুখ্যমন্ত্ৰী

তেওঁ কয়, “মৃত্যু আৰু জন্ম পঞ্জীক ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ সংসদত এখন বিধেয়ক উত্থাপন কৰা হ’ব। এই প্ৰক্ৰিয়াৰ অধীনত যেতিয়া এজন ব্যক্তিৰ ১৮ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া তেওঁৰ নাম স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব। একেদৰে যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই তথ্য স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচন আয়োগলৈ যাব, যিয়ে নিৰ্বাচনী তালিকাৰ পৰা নামটো মচি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।”

বিষয়াসকলে কয় যে জন্ম-মৃত্যুৰ পঞ্জীয়ন আইন (আৰ বি ডি), ১৯৬৯ সংশোধনী বিধেয়কখনে ড্ৰাইভিং লাইচেন্স আৰু পাছপ’ৰ্ট প্ৰদান তথা মানুহক চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান ইত্যাদি সম্পৰ্কীয় বিষয়সমূহকো সহজ কৰি তুলিব।

শ্বাহে কয় যে যদিহে জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰৰ তথ্য বিশেষভাৱে সংৰক্ষণ কৰা হয়, তেন্তে লোকপিয়লৰ মাজৰ সময় অনুমান কৰি উন্নয়নমূলক কামৰ সঠিক পৰিকল্পনা কৰিব পৰা যাব।

তেওঁ কয় যে ইয়াৰ পূৰ্বে উন্নয়নৰ বাবে পৰ্যাপ্ত তথ্য উপলব্ধ নোহোৱাৰ বাবে উন্নয়নৰ প্ৰক্ৰিয়াটো খণ্ড খণ্ডকৈ সম্পূৰ্ণ হৈছিল। শ্বাহে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছত প্ৰতিখন গাওঁতে বিদ্যুৎ যোগান ধৰাৰ পৰিকল্পনা, সকলোকে ঘৰৰ ব্যৱস্থা কৰা, সকলোকে খোৱাপানী যোগান ধৰা, সকলোৰে স্বাস্থ্যসেৱা প্ৰদান কৰা, প্ৰতিটো ঘৰতে শৌচাগাৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি?

তেওঁ কয়, “ইমান সময় লাগিল কাৰণ এই মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ’ব সেই বিষয়ে কাৰো কোনো ধাৰণা নাছিল, কাৰণ লোকপিয়লৰ উপযোগিতা কল্পনা কৰা হোৱা নাছিল, লোকপিয়লৰ সৈতে জড়িত তথ্য সঠিক নাছিল, উপলব্ধ তথ্যলৈকে অনলাইন প্ৰৱেশ নাছিল আৰু লোকপিয়ল আৰু পৰিকল্পনা বিষয়াৰ সৈতে কোনো সমন্বয় নাছিল।”

তেওঁ কয়, ‘মই বিগত ২৮ বছৰে উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছো আৰু দেখিছো যে আমাৰ দেশৰ উন্নয়ন চাহিদা চালিত হৈ আছে। অধিক সক্ৰিয় জনপ্ৰতিনিধিসকলে নিজৰ সমষ্টিৰ বাবে উন্নয়নৰ অধিক সুবিধা উলিয়াব পাৰিছিল। কাৰণসমূহৰ ভিতৰত এইটোও এটা কাৰণ যাৰ বাবে আমাৰ উন্নয়ন খণ্ডিত হৈ পৰিছে আৰু পুনৰাবৃত্তিৰ বাবে অধিক ব্যয়বহুল হৈছে।”

নতুন জনগণনা ভৱনৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে জন্ম-মৃত্যুৰ পঞ্জীয়নৰ বাবে এটা ৱেব পৰ্টেলো উদ্বোধন কৰে।

লগতে পঢ়ক: কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়া-শিৱকুমাৰৰ; গোমূত্ৰৰে ধুই পেলোৱা হ’ল বিধানসভা!

লোকপিয়লৰ প্ৰতিবেদনৰ সংগ্ৰহ, লোকপিয়লৰ প্ৰতিবেদন বিক্ৰীৰ বাবে অনলাইন পৰ্টেল আৰু জিঅ’ফেন্সিঙৰ সুবিধা থকা এছ আৰ এছ মোবাইল এপৰ উন্নীত সংস্কৰণো মুকলি কৰা হয়।

শ্বাহে কয় যে পৰৱৰ্তী লোকপিয়লত গণনা ইলেক্ট্ৰনিক ফৰ্মেটত কৰা হ’ব, য’ত স্ব-গণনাৰো অনুমতি দিয়া হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd