• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰতিবাদী মল্লযুঁজাৰুক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2023 10:01 am
Wrestlers protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলনৰত ভাৰতৰ প্ৰতিবাদী তাৰকা মল্লযুঁজাৰুসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে কেন্দ্ৰই। এক টুইট যোগে কেন্দ্ৰৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে।

শেহতীয়াকৈ শনিবাৰে মাজ নিশা মল্লযুঁজাৰুসকলে এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও বৈঠকত মিলিত হৈছিল। মল্লযুঁজাৰুসকলক পুনৰবাৰ আলোচনালৈ আমন্ত্ৰণ জনাই ক্ৰীড়া মন্ত্ৰী ঠাকুৰে চৰকাৰে মল্লযুঁজাৰুসকলৰ সৈতে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছুক বুলি উল্লেখ কৰে।

Apply Now

ইফালে, যিগৰাকী নাবালিকা মল্লযুঁজাৰুৰ বক্তব্যৰ ভিত্তিত ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO)ৰ অধীনত গোচৰ ৰুজু হৈছিল, তেওঁ মঙলবাৰে দণ্ডাধীশৰ সন্মুখত এক নতুন বক্তব্য লিপিবদ্ধ কৰিছে বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিছে।

দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই অৱশ্যে নাবালিকা মল্লযুঁজাৰুগৰাকীৰ বিবৃতিটোৰ বিষয়ে কোনো সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি ইয়াক অতি “স্পৰ্শকাতৰ” বিষয় বুলি অভিহিত কৰে। লক্ষণীয়ভাৱে কিছু সূত্ৰই মল্লযুঁজাৰুগৰাকীয়ে তেওঁৰ অভিযোগ প্ৰত্যাহাৰ কৰি নতুন বক্তব্য লিপিবদ্ধ কৰিছে বুলি দাবী কৰিছে।

অৱশ্যে মল্লযুঁজাৰু বজৰং পুনিয়াই এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত নাবালিকা মল্লযুঁজাৰুগৰাকীৰ পিতৃৰ সৈতে এই বিষয়ত কথা পাতিছে আৰু তেওঁলোকে কোনো অভিযোগ প্ৰত্যাহাৰ কৰা নাই বুলি জানিবলৈ দিয়া বুলিহে উল্লেখ কৰে।

উল্লেখ্য যে, শনিবাৰে অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছত প্ৰতিবাদৰ নেতৃত্ব বহন কৰা অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহমন্ত্ৰী শ্বাহৰ সৈতে সম্পন্ন হোৱা বৈঠক সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ প্ৰতিবাদী মল্লযুঁজাৰুসকলক আহ্বান কৰা বুলি মন্তব্য কৰিছিল।

অৱশ্যে বৈঠকত গৃহমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ গোপন বুজাবুজি হোৱা বুলিও অস্বীকাৰ কৰি পুনিয়াই উল্লেখ কৰিছিল আৰু অমিত শ্বাহে তেওঁলোকৰ অভিযোগ সন্দৰ্ভত তদন্ত চলি থকাৰ কথা বৈঠকত জনাইছে বুলি সাক্ষাৎকাৰটোত সদৰী কৰিছিল।

পুনিয়াই লগতে মল্লযুঁজাৰুসকলৰ আন্দোলন সমাপ্তি হোৱা নাই বুলি উল্লেখ কৰি আন্দোলন চলি থাকিব বুলি স্পষ্ট কৰি দিছিল। “চৰকাৰৰ সঁহাৰিত খেলুৱৈসকল সন্তুষ্ট নহয়, চৰকাৰেও আমাৰ দাবীত সন্মতি দিয়া নাই।”- এই মন্তব্য কৰিছিল বজৰং পুনিয়াই।

ইফালে মঙলবাৰে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ দিল্লী আৰু উত্তৰ প্ৰদেশস্থিত বাসগৃহৰ একাংশ কৰ্মচাৰীক সোধা-পোচা কৰে আৰক্ষীয়ে। লগতে মল্লযুঁজ ফেডাৰেচনৰ তিনি-চাৰিগৰাকী সদস্যকো আৰক্ষীয়ে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে।

আনহাতে একেদিনাই ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে মল্লযুঁজাৰুসকলৰ প্ৰতি কৃষক সন্থাৰ সমৰ্থন অব্যাহত থকা বুলি উল্লেখ কৰি ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৯ জুনত অনুষ্ঠিত হ’বলগীয়া বিক্ষোভ কাৰ্যসূচী মল্লযুঁজাৰুসকলৰ অনুৰোধত পিছুৱাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

বিগত সপ্তাহত কুৰুক্ষেত্ৰৰ এখন ‘মহাপঞ্চায়ত’ত টিকাইটে ব্ৰিজ ভূষণক গ্ৰেপ্তাৰৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছিল। কৃষক নেতাগৰাকীয়ে মল্লযুঁজাৰু সংস্থাৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰি দিল্লীৰ যন্তৰ মন্তৰলৈ ঘূৰাই অনাৰ হুংকাৰ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd