ক’লা অধ্যাদেশখনে একমাত্ৰ দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল’ব বিচৰা নাই, ই ভাৰতীয় গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যলৈও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। ইয়াক প্ৰতিৰোধ নকৰিলে এই ভয়াবহ প্ৰৱণতাই আন সকলো ৰাজ্যকে দহি নিব পাৰে। ফলত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহৰ ক্ষমতা অন্যায়ভাৱে কুক্ষিগত কৰিব পাৰে। এই ক’লা অধ্যাদেশক পৰাভূত কৰাটো অত্যন্ত জৰুৰী।
পাটনাত মুঠ ১৫টা সমভাবাপন্ন দল মিলিত হৈছে আৰু ইয়াৰে ১২ টা দলৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব আছে। ৰাজ্যসভাত প্ৰতিনিধিত্ব থকা এই দলসমূহৰ কংগ্ৰেছৰ বাহিৰে আন ১১ টা দলেই এই ক’লা অধ্যাদেশৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে আৰু ইয়াক তেওঁলোকে ৰাজ্যসভা বিৰোধিতা কৰিব বুলি ঘোষণা কৰিছে।
ৰাষ্ট্ৰীয় দল হিচাপে প্ৰায় সকলো ইছ্যুতে নিজৰ স্থিতি গ্ৰহণ কৰা কংগ্ৰেছে এই ক’লা অধ্যাদেশখনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই। অৱশ্যে কংগ্ৰেছৰ দিল্লী আৰু পঞ্জাব শাখাই ঘোষণা কৰিছে যে এই সন্দৰ্ভত তেওঁলোকৰ দলে মোডী চৰকাৰক সমৰ্থন দিব লাগে।
আজি সমভাবাপন্ন দলৰ সভাতো এই ক’লা অধ্যাদেশখনক সমালোচনা কৰিব লাগে বুলি কংগ্ৰেছক কেবাটাও দলে আহ্বান জনাইছিল। অৱশ্যে কংগ্ৰেছে এই কাম কৰিবলৈ অসন্মত হ’ল।
কংগ্ৰেছৰ মৌনতাই দলটোৰ প্ৰকৃত উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি কৰিছে। ব্যক্তিগত পৰ্যায়ৰ হোৱা আলোচনাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ইংগিত দিছে যে তেওঁলোকৰ দলে ৰাজ্যসভাত আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে ইয়াৰ ভোটদানৰ পৰা বিৰত থাকিব। এই বিষয়ত কংগ্ৰেছে ভোটদানৰ পৰা বিৰত থাকিলে বিজেপিয়ে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অপৰিসীম সহায় কৰিব।
ক’লা অধ্যাদেশ সাংবিধানিক বিৰোধী, যুক্তৰাষ্ট্ৰবাদ বিৰোধী আৰু সম্পূৰ্ণ অগণতান্ত্ৰিক। তদুপৰি এই বিষয়টোত মাননীয় উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বিপৰীতে গৈ সৰ্বোচ্চ ন্যায়ালয়ক অবমাননা কৰিছে। বিশেষকৈ এইটোৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কংগ্ৰেছৰ দ্বিধাবোধ আৰু বিৰোধীৰে সৈতে একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰা কংগ্ৰেছক লৈ কৰা যিকোনো মিত্ৰতাৰ অংশ হ’বলৈ আপৰ বাবে অতি কঠিন হৈ পৰিছে। কংগ্ৰেছে এই ক’লা অধ্যাদেশক ৰাজহুৱাভাৱে ধিক্কাৰ নিদিয়ালৈকে আৰু দলটোৰ ৩১ জন ৰাজ্যসভাৰ সাংসদে এই অধ্যাদেশ ৰাজ্যসভাত বিৰোধিতা কৰিব বুলি ঘোষণা নকৰালৈকে কংগ্ৰেছ অংশীদাৰ হিচাপে থকা সমভাবাপন্ন দলৰ ভৱিষ্যতৰ যিকোনো বৈঠকত উপস্থিত থকাটো আপৰ বাবে কঠিন হ’ব।
কংগ্ৰেছে দিল্লীৰ জনসাধাৰণৰ সৈতে থিয় দিব নে মোডী চৰকাৰৰ সৈতে থিয় দিব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে৷





