• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাণিজ্যে বসতে লক্ষ্মী: গাখীৰ বিক্ৰী কৰি প্ৰকাশে সাজিলে কোটি টকীয়া বাংলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2023 12:16 pm
Farmer builds bungalow worth Rs 1 crore
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হয়, বাণিজ্যে বসতে লক্ষ্মী। এই কথা হাতে-কামে প্ৰমাণ কৰি দেখুৱালে মহাৰাষ্ট্ৰৰ সোলাপুৰৰ এগৰাকী কৃষকে। কৃষকগৰাকীৰ নাম প্ৰকাশ ইমডে। এগৰাকী সাধাৰণ কৃষকৰ পৰা এতিয়া কোটি টকীয়া বাংলোৰ গৰাকী প্ৰকাশৰ সফলতাৰ কাহিনী সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত।

একাগ্ৰতা আৰু অধ্যৱসায়েৰে প্ৰকাশে বছৰজোৰা পৰিশ্ৰমৰ উপাৰ্জিত ধনেৰে সাজি উলিয়াইছে এক কোটিটকীয়া বাংলো। এই বাংলো নিৰ্মাণত খৰচ হোৱা ধন প্ৰকাশে উপাৰ্জন কৰিছিল গৰুৰ গাখীৰ বিক্ৰীৰ দ্বাৰা।

Apply Now

এটা মাত্ৰ গৰুৰে প্ৰকাশে আৰম্ভ কৰিছিল তেওঁৰ এই সফলতাৰ প্ৰাথমিক যাত্ৰা আৰু এতিয়া ১৫০ টাতকৈও অধিক গৰুৰে তেওঁ চলাইছে এখন দুগ্ধ পাম। তেওঁৰ এই প্ৰথম গৰুজনীৰ নাম আছিল ‘লক্ষ্মী’। লক্ষ্মীৰ ছবিত প্ৰাৰ্থনাৰে দিনটোৰ কাম আৰম্ভ কৰে প্ৰকাশে।

বৰ্তমান প্ৰকাশৰ এই ফাৰ্মখনে দৈনিক উৎপাদন কৰে ১০০০ লিটাৰকৈ গাখীৰ। নিজৰ জীৱনৰ সাফল্যৰ আধাৰ এই গৰুবোৰক শ্ৰদ্ধাঞ্জলি জনাই সেয়ে তেওঁ নিৰ্মাণ কৰা বাংলোটোৰ নাম গোধন নিৱাস ৰাখিছে প্ৰকাশে।

পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা চাৰি একৰ মাটিৰে উপাৰ্জনৰ যাত্ৰা আৰম্ভ কৰিছিল প্ৰকাশে। কিন্তু তেওঁৰ এই মাটিখিনি শুকান আৰু খেতি কৰাটো অসম্ভৱ বুলি প্ৰমাণিত হ’ল। ইয়াৰ পিছতে প্ৰকাশে এক নতুন পৰিকল্পনা কৰে।

খেতি ত্যাগ কৰি তেওঁ ১৯৯৮ চনত গৰুৰ গাখীৰ আৰু গৰুৰ গোবৰ বিক্ৰী কৰি ব্যৱসায় আৰম্ভ কৰে। আৰম্ভণিতে তেওঁ নিজৰ গাঁৱৰ বাসিন্দাক গাখীৰ বিক্ৰী কৰিছিল। এতিয়া তেওঁৰ এই ব্যৱসায় বহু এলেকাজুৰি বিস্তীৰ্ণ হৈ পৰিছে।

ইমডেৰ সমগ্ৰ পৰিয়ালে প্ৰতিটো খোজতে তেওঁক সহায় কৰে এই ব্যৱসায়ত। লক্ষণীয়ভাৱে প্ৰকাশে কেতিয়াও নিজৰ গৰু পোৱালি এটাও বিক্ৰী কৰা নাই। সেইবাবেই আজিও তেওঁৰ ১৫০ টাতকৈও অধিক গৰু আছে।

২০০৬ চনত তেওঁৰ প্ৰথমজনী গৰু লক্ষ্মীৰ মৃত্যুৰ পিছতো তেওঁ লক্ষ্মীৰ বংশবৃক্ষৰ পৰাই এই ফাৰ্মখন চলাই আছে। গৰুৰ বাবে প্ৰতিদিনে চাৰিৰ পৰা পাঁচ টন ঘাঁহৰ প্ৰয়োজন হয় তেওঁক। সেয়ে তেওঁ পামত যিমান পাৰি সিমান খেতি কৰে আৰু বাকীখিনি বাহিৰৰ পৰা কিনি লয়।

নিজকে এগৰাকী সফল ব্যৱসায়ী ৰূপে ইমডে প্ৰমাণ কৰি দেখুওৱা ইমডেৰ ব্যৱসায়ৰ জৰিয়তে এতিয়া গাঁৱৰ লোকসকলৰ কৰ্মসংস্থাপনৰ সুবিধাও মুকলি হৈছে। আন ৰাজ্যৰ লোকেও প্ৰকাশ ইমডেৰ এই ব্যৱসায় চাবলৈ তথা শিকিবলৈ সাংগোলালৈ আহে।

প্ৰকাশৰ বছৰজোৰা এই পৰিশ্ৰমে এতিয়া তেওঁক কোটি টকীয়া প্ৰাসাদৰ অধিকাৰী কৰি তুলিছে। এই প্ৰাসাদ নিৰ্মাণৰ আঁৰৰ আধাৰ হিচাপে নিজ ফাৰ্মৰ গৰুখিনিৰ প্ৰতি সন্মান জনাই প্ৰাসাদৰ ওপৰত ওখকৈ গৰুৰ মূৰ্তি আৰু গাখীৰৰ মন্থন এটা সাজি দিছে প্ৰকাশে।

The Success Story Of Farmer In Sangola, Profit Of Nearly One And A Half  Crores Per Year From Cow Milk | Success Story : गायीच्या दूध आणि शेणातून  बांधला एक कोटीचा बंगला,

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd