• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ্থিক চাপত পৰি বন্ধ হৈ গ’ল বিশ্বৰ আটাইতকৈ পুৰণি বাতৰি কাকতখন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 1:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল নিউজে ক্ৰমান্বয়ে বাতৰি কাকতৰ স্থান গ্ৰাস কি আহিছে। বিশেষকৈ কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি যিদৰে ভাঙি পেলাইছে, সেইদৰে বিশ্বৰ বহু বিখ্যাত বাতৰি কাকতে বাতৰি কাকত ছপাৰ খৰচ বহন কৰিবলৈ সংগ্ৰাম কৰি আছে। ইয়াৰ মাজতে শুকুৰবাৰে বন্ধ হৈ পৰে বিশ্বৰ আটাইতকৈ পুৰণি কাকতখন।

১৭০৩ চনৰ ৮ আগষ্টত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত প্ৰথম প্ৰকাশ হয় উইনাৰ জাইটুং। উদ্দেশ্য আছিল সাধাৰণ ভাষাত বাতৰি প্ৰেৰণ কৰা। ৩২০ বছৰৰ পাছত শুকুৰবাৰে (৩০ জুন) এই কাকতখনৰ শেহতীয়া সংস্কৰণ প্ৰকাশ পালে। এতিয়াৰে পৰা আৰু এই কাকতখন ছপা নহ’ব। মূলতঃ আৰ্থিক সমস্যাৰ বাবে পুৰণি কাকতখনৰ ছপা বন্ধ হৈ গ’ল।

লগতে পঢ়ক: পুনৰ হিংসা! মণিপুৰৰ খুজুমা টাবি গাঁৱত কুকি উগ্ৰপন্থীৰ মুকলি গুলীচালনা; নিহত ৩ মেইটেই

Apply Now

কাকতখনে উইনাৰ জাইটুং কাকতৰ শেহতীয়া সংস্কৰণৰ প্ৰথম পৃষ্ঠাত তেওঁলোকৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰিছিল। প্ৰথম পৃষ্ঠাত লিখা আছে, “১,১৬,৮৪০ দিন, ৩,৮৩৯ মাহ, ৩২০ বছৰ, ১২ জন ৰাষ্ট্ৰপতি, ১০ জন কাইজাৰ, ২ খন গণৰাজ্য, ১ টা বাতৰি কাকত।”

অৰ্থাৎ ১,১৬,৮৪০ দিন বা ৩,৮৩৯ মাহ বা ৩২০ বছৰ, ২খন গণৰাজ্যৰ অধীনত আৰু ১২ জন ৰাষ্ট্ৰপতি আৰু ১০ জন কাইজাৰৰ সময়ত প্ৰকাশ পাইছিল কাকতখন। প্ৰথমতে অৱশ্যে ইয়াৰ নাম আছিল উইনেৰিশেছ ডায়েৰিয়াম (Winerishes Diarium)। পিছলৈ নামটো সলনি কৰা হয়।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি, সাংস্কৃতিক আৰু ব্যৱসায়িক বাতৰি, বিভিন্ন বাতৰি বিষয়ক বিস্তৃত প্ৰবন্ধ প্ৰকাশৰ বাবে কাকতখনে সুনাম অৰ্জন কৰিছিল।

লগতে পঢ়ক: অবিশ্বাস্য গুৰপ্ৰীত! পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

১৭০৩ চনত প্ৰকাশ আৰম্ভ হোৱা কাকতখন আহি ২০২৩ চনত বন্ধ হৈ গ’ল। শেহতীয়াকৈ অষ্ট্ৰিয়াত এটা বাণিজ্যিক আইন সলনি কৰা হৈছে। সেই আইন সলনিৰ বাবেই কাকতখনে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বাতৰি কাকতখনে সম্পূৰ্ণৰূপে ছপা বন্ধ কৰাৰ আগতেই বিভিন্ন ধৰণে সমস্যা সমাধানৰ চেষ্টা চলাইছিল। ৬২ জন শ্ৰমিকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। আনকি সম্পাদকীয় বিভাগৰো ২০ জন কৰ্মীক অপসাৰণ কৰিব লগা হৈছিল। তথাপিও বাতৰি কাকতখন ৰক্ষা কৰিব পৰা নগ’ল।

The oldest newspaper in the world – the Wiener Zeitung – has been printed for the last time. This is the final front page pic.twitter.com/M28gHihw7W

— James Jackson (@derJamesJackson) June 30, 2023

অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিত বাতৰি কাকতখনৰ অনলাইন সংস্কৰণটো প্ৰকাশ কৰি থকাৰ সম্ভাৱনা আছে। বাতৰি কাকতখন ছপা বন্ধ হোৱাৰ লগে লগে বহু নাগৰিক হতাশ হৈ পৰিছে।

টুইটাৰত এজন ব্যক্তিয়ে কয় যে তেওঁ কাগজখনৰ শেষৰ ছপা সংস্কৰণটো ফ্ৰেম কৰি বান্ধি থ’ব। কাকতখনৰ অনলাইন সংস্কৰণ উপলব্ধ হ’ব বুলি বহুতে আশা প্ৰকাশ কৰা হৈছে যদিও এই সন্দৰ্ভত এতিয়াও কোনো নিশ্চয়তা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd