• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্ক! ছাফ চেম্পিয়নশ্বিপ জয়ৰ পিছত ভাৰতীয় খেলুৱৈৰ গাত ত্ৰিৰংগাৰ সলনি ‘সাতৰঙী’ পতাকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 7:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে নৱমবাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছে। মঙলবাৰে বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছাফৰ ৰুদ্ধশ্বাস ফাইনেলত কুৱেইটক পৰাস্ত কৰে ব্লু টাইগাৰছে। সমগ্ৰ দেশ উল্লাসিত হৈ পৰিল। সুনীল ছেত্ৰী, গুৰপ্ৰীত সিং সান্ধুক লৈ আৱেগিক হৈ পৰিছে ফুটবল প্ৰেমীসকল। গোটেই ষ্টেডিয়ামখনেই ‘বন্দেমাতৰাম’, ‘মা তুঝে চালাম’ গীতেৰে গুঞ্জৰিত হৈ উঠিছিল।

এই সুন্দৰ মুহূৰ্তৰ মাজতো কিন্তু বিতৰ্ক এৰাই চলিব পৰা নগ’ল। যাৰ কেন্দ্ৰ ভাৰতীয় দলৰ ফুটবলাৰ জিকচন সিং থুনাওজাম। খেলৰ শেষত সকলোৰে দৃষ্টি গ’ল তেওঁৰ গাত মেৰিয়াই লোৱা পতাকাখনলৈ। কাৰণ জিকচনৰ গাত থকা পতাকাখন ত্ৰিৰঙী নহয় সাতৰঙী। মেচৰ পিছত বঁটা লাভ কৰাৰ সময়তো তেওঁৰ গাত পতাকাখন আছিল। ইয়াকে লৈ বিতৰ্ক আৰম্ভ।

লগতে পঢ়ক: Harley-Davidson বনাম RE Hunter! কোনখন বাইক উঠিব আপোনাৰ বাচনিত?

Apply Now

ৰাষ্ট্ৰীয় পতাকা বাদ দি কোনখন পতাকা ফুটবলাৰজনে মেৰিয়াই লৈছিল? বুজা গ’ল যে তেওঁ ইচ্ছাকৃতভাৱে এই কাম কৰিছিল। কিন্তু ইয়াৰ আঁৰৰ ব্যাখ্যা কি? সাতৰঙী পতাকাৰ জৰিয়তে জিকচনে কি বাৰ্তা দিব বিচাৰিছিল? বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে তেওঁ মুখ খুলিছে।

২২ বছৰীয়া জিকচন সিঙৰ ঘৰ মণিপুৰত। যোৱা দুমাহ ধৰি হিংসাত জ্বলি আছে ৰাজ্যখন। সংঘাত মূলতঃ মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত। শেহতীয়াকৈ মণিপুৰ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশে ৰাজ্যত ভুল বাৰ্তা বিয়পাইছিল। ইয়াৰ পিছতে শোভাযাত্ৰাক কেন্দ্ৰ কৰি দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত ব্যাপক সংঘৰ্ষ হয়। ঘৰ ভাঙি লণ্ডভণ্ড কৰা হ’ল, বহু লোকৰ মৃত্যু হ’ল, সান্ধ্য আইন জাৰি কৰা হ’ল, ইণ্টাৰনেট সংযোগ বন্ধ কৰি দিয়া হ’ল।

লগতে পঢ়ক: সুযোগ! এ চি চি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দলত ৰিয়ান পৰাগ

মণিপুৰত শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰই বাহিনী প্ৰেৰণ কৰিলে। কিন্তু সেইটোৱেও অশান্তিৰ জুই বন্ধ কৰিব নোৱাৰিলে। এতিয়ালৈকে মণিপুৰৰ হিংসাত ১২০ জন লোকৰ মৃত্যু হৈছে। জিকচন নিজেই মেইটেই সম্প্ৰদায়ৰ। তেওঁৰ শৰীৰত থকা পতাকাখনো সেই সম্প্ৰদায়ৰ। নিৰাপদ মঞ্চত জিকচনে নিজৰ ৰাজ্যৰ অশান্ত পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিলে সাতৰঙী পতাকাখন গাত মেৰিয়াই।

Dear Fans,

By celebrating in the flag, I did not want to hurt the sentiments of anyone. I intended to bring notice to the issues that my home state, Manipur, is facing currently.

This win tonight is dedicated to all the Indians. pic.twitter.com/fuL8TE8dU4

— Jeakson Singh Thounaojam (@JeaksonT) July 4, 2023

হিংসা বন্ধ কৰিবলৈ এইদৰে ফুটবল প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ বাবে ২২ বছৰীয়া ফুটবলাৰগৰাকীৰ সমৰ্থনত বহুতে আগবাঢ়ি আহিছে। আৰু বহুতৰ মতে ই অশান্তি বৃদ্ধিহে কৰিব, হ্ৰাস নকৰে। বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে জিকচনে টুইট কৰি কয় যে প্ৰিয় অনুৰাগীসকল, এই পতাকাখনেৰে জয়ৰ উদযাপন কৰি মই কাৰো আৱেগক আঘাত দিব বিচৰা নাছিলো। মোৰ ৰাজ্যৰ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিটোহে তুলি ধৰিবলৈ চেষ্টা কৰিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd