• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধনেই নহয়, বিশাল মনো! দিনে ৩ কোটি টকা দান; ২.৫ লাখ কোটি টকাৰ মালিক এই ভাৰতীয় ব্যক্তিক জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 3:17 pm
ভাৰতৰ অন্যতম শীর্ষ ধনী ব্যক্তি শিৱ নাদেৰ আৰু তেওঁৰ কন্যা ৰোশনী নাদেৰ।

ভাৰতৰ অন্যতম শীর্ষ ধনী ব্যক্তি শিৱ নাদেৰ আৰু তেওঁৰ কন্যা ৰোশনী নাদেৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধনীৰ তালিকাত দেশৰ ভিতৰতে তেওঁ তৃতীয় স্থানত আছে। তেওঁ প্ৰতিদিনে গড়ে ৩ কোটি টকা কেবল দানেই কৰে। কিন্তু এই ব্যক্তিজনে এসময়ত এটা সৰু গেৰেজত ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ কেইবালাখ কোটি টকাৰ মালিক। জানো আহক, তেওঁ কোন।

ৰাজধানী দিল্লীত তেওঁৰ দৰে ধনী মানুহ আৰু কোনো নাই। মুঠ সম্পত্তিৰ পৰিমাণ ২ লাখ সাত হাজাৰ সাতশ কোটি টকা। কেৱল দেশতে নহয়, তেওঁৰ কোম্পানীৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু কেৱল তেওঁৰ অপৰিসীম ধন-সম্পত্তিৰ বাবেই নহয়, তেওঁ আন এটা কাৰণতো পৰিচিত। তেওঁ এগৰাকী বিশাল মনৰ মানুহ। এই ব্যক্তিজনে প্ৰতি বছৰে বিপুল পৰিমাণৰ ধন কেবল দান কৰে।

লগতে পঢ়ক: বিস্ময়! কান্ধৰ পৰা বিচ্ছিন্ন হোৱা মূৰ পুনৰ জোৰা লাগিল; অস্ত্ৰোপচাৰেৰে চিকিৎসকৰ অসাধ্য সাধন

Apply Now

শিৱ নাদেৰৰ কথা কৈছো। দিল্লীৰ এই ব্যৱসায়ীজনৰ নাম বৰ্তমান সমগ্ৰ বিশ্বতে জনাজাত। তেওঁ বিখ্যাত এইচ চি এল কোম্পানীটোৰ প্ৰতিষ্ঠাতা। এসময়ত পাঁচজন বন্ধুৱে মিলি ঘৰৰ গেৰেজৰ পৰাই আৰম্ভ কৰিছিল ব্যৱসায়। সেই সময়ত তেওঁলোকে মূলতঃ কেলকুলেটৰ আৰু কম্পিউটাৰৰ যন্ত্ৰাংশ তৈয়াৰ কৰিছিল।

সেই তাৰ পৰাই শিৱই নিজকে আন এক স্থানলৈ লৈ গ’ল। ইয়াৰ আঁৰত আছিল তেওঁৰ দূৰদৰ্শিতা আৰু সাধাৰণ মানুহৰ ভালপোৱা। যদিও সেই ভালপোৱাও তেওঁ নিজেই অৰ্জন কৰিছিল।

এজন লোক হিতৈষী হিচাপে তেওঁৰ সদায় সুনাম আছিল। কিন্তু ব্যৱসায় ঠন ধৰি উঠাৰ লগে লগে তেওঁ বিভিন্ন সামাজিক কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ বিপুল পৰিমাণৰ ধন বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়লৈ আগবঢ়ায়। ২০২২ চনত শিৱই বিভিন্ন কামৰ বাবে মুঠ ১১৬১ কোটি টকা দান কৰিছিল। যিটো গড়ে প্ৰতিদিনে ৩ কোটি টকা দান কৰাৰ সমান।

লগতে পঢ়ক: ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ বাবেই মৃত্যু হৈছিল এলভিছ প্ৰেছলীৰ কন্যা লিজাৰ

সংস্থাটোৰ কৰ্মচাৰীসকলৰ বাবেও তেওঁ ত্ৰাণকৰ্তা। শিৱই বিভিন্ন সুযোগ সুবিধা দি সকলোৰে হৃদয় জয় কৰিছিল। বৰ্তমান তেওঁৰ কোম্পানীটোৰ বিশ্বৰ ৬০খন দেশত শাখা আছে। মুঠ কৰ্মচাৰীৰ সংখ্যা কেইবা লাখ।

কিন্তু এতিয়া তেওঁ কোম্পানীৰ সমগ্ৰ দায়িত্ব অকলেই চম্ভালিব পৰা নাই। তেওঁৰ কন্যা ৰোশনী নাদেৰে বহুখিনি পিতৃৰ দায়িত্ব কান্ধ পাতি লৈছে। এইগৰাকী চল্লিশ বছৰীয়া মহিলাও প্ৰায় ৮৫ হাজাৰ কোটি টকাৰ মালিক। পিতৃৰ দৰে তেওঁৰো দান দিয়াৰ স্বভাৱ আছে। একে সময়তে তেওঁ পিতৃৰ কোম্পানীৰ অধ্যক্ষ হিচাপেও তেওঁ দায়িত্ব লাভ কৰিছে।

লগতে পঢ়ক: ভাৰতৰ বজাৰলৈ আহিল BMW X5 ফেচলিফ্ট; ৯৪ লাখ টকাৰ পৰা আৰম্ভ দাম

তেওঁলোকৰ শিৱ নাদেৰ ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থা আছে। ৰোশনী নিজেই তাৰ ট্ৰাষ্টী। সেয়ে প্ৰতি বছৰে তেওঁ এই সংগঠনৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি সাধাৰণ ৰাইজৰ সেৱা আগবঢ়ায়। প্ৰতিদানো পায়, ইমানবোৰ মানুহক উপকৃত কৰি নাদেৰৰ পৰিয়ালে তেওঁলোকৰ হিয়া আজুৰি আশীৰ্বাদ লভিছে। সেই শক্তিৰে তেওঁলোকে এই বিশ্বমানৰ সংস্থাটোক আৰু অধিক উন্নত কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd