নাম জিম এৰিংটন, বয়স ৯০। বয়স মাথোন এক সংখ্যা- এই কথাষাৰ যেন সঠিককৈ খাপ খাই পৰে জিমৰ ক্ষেত্ৰত। ৯০ বছৰ বয়সতো জিমে এক আটিল শৰীৰেৰে চমকিত কৰি তুলিছে বিশ্বক। নিয়মিত শৰীৰচৰ্চাৰে এক পেশীবহুল আটিল শৰীৰৰ অধিকাৰী জিম এতিয়া বিশ্বৰ আটাইতকৈ বয়সীয়াল শৰীৰচৰ্চাবিদ।
বয়সৰ ওচৰত হাৰ নমনা এই জিম এৰিংটন হৈছে আমেৰিকাৰ বাসিন্দা। নিজৰ শৰীৰৰ প্ৰতি দায়িত্বশীল এৰিংটনে বছৰ বছৰ ধৰি শৰীৰচৰ্চাৰে গঢ় দি আহিছে নিজৰ শৰীৰটোক। আৰু এতিয়াও এই ৯০ বছৰ বয়সতো এই ক্ষেত্ৰত থমকি ৰোৱা নাই এৰিংটন।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, এৰিংটনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত বিশ্বৰ আটাইতকৈ বয়সীয়াল বডি বিল্ডাৰ হিচাপে অভিলেখ সৃষ্টি কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। এতিয়া ৯০ বছৰীয়া জিমে এতিয়াও এই জগতখনত নিজৰ অদমনীয় গতি অব্যাহত ৰাখিছে।
দৈনিক অনুশীলনেৰে শৰীৰক নিপোটল কৰি ৰখা জিমে এতিয়াও বডি বিল্ডিং প্ৰতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জে। শেহতীয়াকৈ তেওঁ নেভাদাৰ ৰেনোত অনুষ্ঠিত হোৱা আই এফ বি বি প্ৰফেচনেল লীগ ইভেণ্টত অংশগ্ৰহণ কৰি পুৰুষৰ ৭০ বছৰৰ ওপৰৰ শাখাত তৃতীয় আৰু ৮০ বছৰৰ ওপৰৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল।
৯০ বছৰ বয়সতো এইদৰে শৰীৰচৰ্চা অটুট ৰখা জিমে শেহতীয়াকৈ মেনছ হেল্থ আলোচনীৰ বাবে এক নগ্ন পজ দিছিল। জিমৰ এই ছবিয়ে সৃষ্টি কৰিছিল আলোড়নৰ। লক্ষণীয়ভাৱে ডেৰ মাহ আগতীয়াকৈ জন্ম হোৱা জিমৰ জন্মৰ সময়ত ওজন আছিল মাত্ৰ ২.৫ কিলোগ্ৰাম।
হাঁপানী ৰোগী হোৱাৰ উপৰিও শিশু কালত তেওঁৰ স্বাস্থ্য অত্যন্ত দুৰ্বল আছিল আৰু সঘনাই অসুস্থ হৈছিল। কিন্তু ১৯৪৭ চনত ১৫ বছৰ বয়সত জিমে নিজকে সলনি কৰাৰ সিদ্ধান্ত লয় আৰু শৰীৰচৰ্চা আৰম্ভ কৰে। তাৰ পিছতেই জিমে নিজকে যি ধৰণে গঢ়ি তুলিলে, সেয়া স্বাভাৱিকতেই কল্পনাতীত।
নিজৰ এই অদমনীয় যাত্ৰা সোঁৱৰণ কৰি জিমে কয় যে, তেওঁ ছুপাৰহিৰো হ’ব বিচাৰিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সন্মানে তেওঁৰ বাবে এক সম্পূৰ্ণ নতুন বিশ্ব মুকলি কৰিছে আৰু তেওঁক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছে বুলি জিমে মন্তব্য কৰে।