• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাৰ মানিলে বয়সে, অটুট মনোবল: শৰীৰচৰ্চাৰে এতিয়াও উজলে ৯০ বৰ্ষীয় তৰুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 8:31 am
oldest bodybuilder in the world Jim Arrington
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম জিম এৰিংটন, বয়স ৯০। বয়স মাথোন এক সংখ্যা- এই কথাষাৰ যেন সঠিককৈ খাপ খাই পৰে জিমৰ ক্ষেত্ৰত। ৯০ বছৰ বয়সতো জিমে এক আটিল শৰীৰেৰে চমকিত কৰি তুলিছে বিশ্বক। নিয়মিত শৰীৰচৰ্চাৰে এক পেশীবহুল আটিল শৰীৰৰ অধিকাৰী জিম এতিয়া বিশ্বৰ আটাইতকৈ বয়সীয়াল শৰীৰচৰ্চাবিদ।

বয়সৰ ওচৰত হাৰ নমনা এই জিম এৰিংটন হৈছে আমেৰিকাৰ বাসিন্দা। নিজৰ শৰীৰৰ প্ৰতি দায়িত্বশীল এৰিংটনে বছৰ বছৰ ধৰি শৰীৰচৰ্চাৰে গঢ় দি আহিছে নিজৰ শৰীৰটোক। আৰু এতিয়াও এই ৯০ বছৰ বয়সতো এই ক্ষেত্ৰত থমকি ৰোৱা নাই এৰিংটন।

Apply Now

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, এৰিংটনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত বিশ্বৰ আটাইতকৈ বয়সীয়াল বডি বিল্ডাৰ হিচাপে অভিলেখ সৃষ্টি কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। এতিয়া ৯০ বছৰীয়া জিমে এতিয়াও এই জগতখনত নিজৰ অদমনীয় গতি অব্যাহত ৰাখিছে।

দৈনিক অনুশীলনেৰে শৰীৰক নিপোটল কৰি ৰখা জিমে এতিয়াও বডি বিল্ডিং প্ৰতিযোগিতাত বিজয়ীৰ সন্মান অৰ্জে। শেহতীয়াকৈ তেওঁ নেভাদাৰ ৰেনোত অনুষ্ঠিত হোৱা আই এফ বি বি প্ৰফেচনেল লীগ ইভেণ্টত অংশগ্ৰহণ কৰি পুৰুষৰ ৭০ বছৰৰ ওপৰৰ শাখাত তৃতীয় আৰু ৮০ বছৰৰ ওপৰৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল।

৯০ বছৰ বয়সতো এইদৰে শৰীৰচৰ্চা অটুট ৰখা জিমে শেহতীয়াকৈ মেনছ হেল্থ আলোচনীৰ বাবে এক নগ্ন পজ দিছিল। জিমৰ এই ছবিয়ে সৃষ্টি কৰিছিল আলোড়নৰ। লক্ষণীয়ভাৱে ডেৰ মাহ আগতীয়াকৈ জন্ম হোৱা জিমৰ জন্মৰ সময়ত ওজন আছিল মাত্ৰ ২.৫ কিলোগ্ৰাম।

হাঁপানী ৰোগী হোৱাৰ উপৰিও শিশু কালত তেওঁৰ স্বাস্থ্য অত্যন্ত দুৰ্বল আছিল আৰু সঘনাই অসুস্থ হৈছিল। কিন্তু ১৯৪৭ চনত ১৫ বছৰ বয়সত জিমে নিজকে সলনি কৰাৰ সিদ্ধান্ত লয় আৰু শৰীৰচৰ্চা আৰম্ভ কৰে। তাৰ পিছতেই জিমে নিজকে যি ধৰণে গঢ়ি তুলিলে, সেয়া স্বাভাৱিকতেই কল্পনাতীত।

নিজৰ এই অদমনীয় যাত্ৰা সোঁৱৰণ কৰি জিমে কয় যে, তেওঁ ছুপাৰহিৰো হ’ব বিচাৰিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সন্মানে তেওঁৰ বাবে এক সম্পূৰ্ণ নতুন বিশ্ব মুকলি কৰিছে আৰু তেওঁক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছে বুলি জিমে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd