• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকাগোত অনাহাৰে ঘূৰিছে ভাৰতীয় যুৱতী, বিদেশমন্ত্ৰীৰ দ্বাৰস্থ যুৱতীৰ মাতৃ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকাগোৰ ৰাজপথত অনাহাৰে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এগৰাকী ভাৰতীয় যুৱতীয়ে। ইতিমধ্যে যুৱতীগৰাকীক বিপদৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবৰ বাবে বিদেশমন্ত্ৰীৰ কাষ চাপিছে যুৱতীগৰাকীৰ মাতৃ। জানিব পৰা মতে, উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল উক্ত যুৱতীগৰাকী।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মিনহাজ জাইদী নামৰ এগৰাকী মহিলাৰ ভিডিঅ’। অনাহাৰে অসহায় অৱস্থাত পদপথত বহি থকা এটা মিনহাজৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। 

Apply Now

ভিডিঅ’টো চোৱাৰ পাছতে হায়দৰাবাদৰ দুজন ব্যক্তিয়ে মিনহাজৰ পৰিয়ালক খবৰ দিয়ে। দুমাহমান আগতে হঠাতে পৰিয়ালটোৰ সৈতে যোগাযোগ নোহোৱা হৈ গৈছিল মিনহাজৰ। আমেৰিকালৈ গৈ সকলো হেৰুৱাই অসহায় অৱস্থাত অনাহাৰে হায়দৰাবাদৰ মহিলাগৰাকীয়ে ৰাজপথত ঘূৰি ফুৰিছে। 

মানসিকভাৱে তেওঁ ইমানেই বিধ্বস্ত হৈ পৰিছে যে তেওঁৰ নামটোও ভালকৈ ক’ব পৰা নাই। কিন্তু, মিনহাজক দেশলৈ ঘূৰাই অনাৰ আৰ্থিক সামৰ্থ্য তেওঁলোকৰ পৰিয়ালৰ নাই। ফলত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ওচৰত সহায় বিচাৰিছে মিনহাজৰ মাতৃয়ে।

খবৰ অনুসৰি, ডেট্ৰাইটৰ ট্ৰিনি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ মিনহাজে আমেৰিকালৈ গুচি যায়। বৰ্তমান তেওঁ চিকাগোৰ ৰাজপথত অত্যন্ত অসহায় অৱস্থাত বাস কৰি আছে।

মিনহাজৰ মাতৃ ছ্যেদা ৱাহাজ ফাতিমাই কয় যে তেওঁৰ কন্যাই পঢ়া-শুনা আৰু কেৰিয়াৰক লৈ ডাঙৰ সপোন দেখিছিল। সেই সপোন পূৰণৰ বাবে ২০২১ চনৰ আগষ্ট মাহত মিনহাজ আমেৰিকালৈ গুচি যায়। কিন্তু, দুমাহমান আগতে পৰিয়ালটোৱে তেওঁৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। বহু চেষ্টাৰ পিছতো ৱাহাজ ফাতিমাই কন্যাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত চিকাগোৰ এটা ৰাস্তাৰ কাষত থকা এটা ঘৰৰ দুৱাৰমুখত বহি থকা দেখা গৈছে মিনহাজ জাইদীক। জাইদীলৈ চালেই গম পোৱা যায় যে তেওঁ মানসিকভাৱে বিধ্বস্ত। তেওঁ নিজৰ নাম ঠিকনা সঠিকভাৱে ক’ব পৰা নাই। তেওঁৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে যোৱা কেইদিনমানৰ পৰা মিনহাজে খাদ্যও গ্ৰহণ কৰা নাই। 

Syeda Lulu Minhaj Zaidi from Hyd went to persue MS from TRINE University, Detroit was found in a very bad condition in Chicago, her mother appealed @DrSJaishankar to bring back her daughter.@HelplinePBSK @IndiainChicago @IndianEmbassyUS @sushilrTOI @meaMADAD pic.twitter.com/GIhJGaBA7a

— Amjed Ullah Khan MBT (@amjedmbt) July 25, 2023

ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰা ব্যক্তিজনে মিনহাজক কিছু খাদ্য দিছিল। তেওঁক ভাৰতলৈ উভতি যাবলৈও পৰামৰ্শ দিয়া হৈছে। কিন্তু, ঘৰলৈ কেনেকৈ উভতি যাব মিনহাজ? খাবলৈকে হাতত পইচা নাই।

মিনহাজৰ পৰিয়ালৰো সুদূৰ আমেৰিকাৰ পৰা কন্যাক দেশলৈ ঘূৰাই অনাৰ আৰ্থিক সামৰ্থ্য নাই। সেয়ে মিনহাজৰ মাতৃ ছ্যেদা ৱাহাজ ফাতিমাই জয়শংকৰৰ ওচৰত আবেদন জনাইছে। 

মাতৃয়ে বৈদেশিক মন্ত্ৰীগৰাকীক কয় যে মিনহাজ চৰম হতাশাত ভুগিছে, তেওঁৰ ধন চুৰি হৈছে আৰু বৰ্তমান তেওঁ অনাহাৰে আছে। 

মিনহাজৰ পৰিয়ালৰ লগতে বহু নেটিজেনে বৈদেশিক মন্ত্ৰীগৰাকীক মিনহাজক দেশলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd