• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকাগোত অনাহাৰে ঘূৰিছে ভাৰতীয় যুৱতী, বিদেশমন্ত্ৰীৰ দ্বাৰস্থ যুৱতীৰ মাতৃ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 8:10 pm
14.2k
VIEWS
Share on FacebookShare on Twitter

চিকাগোৰ ৰাজপথত অনাহাৰে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এগৰাকী ভাৰতীয় যুৱতীয়ে। ইতিমধ্যে যুৱতীগৰাকীক বিপদৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবৰ বাবে বিদেশমন্ত্ৰীৰ কাষ চাপিছে যুৱতীগৰাকীৰ মাতৃ। জানিব পৰা মতে, উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল উক্ত যুৱতীগৰাকী।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মিনহাজ জাইদী নামৰ এগৰাকী মহিলাৰ ভিডিঅ’। অনাহাৰে অসহায় অৱস্থাত পদপথত বহি থকা এটা মিনহাজৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। 

ভিডিঅ’টো চোৱাৰ পাছতে হায়দৰাবাদৰ দুজন ব্যক্তিয়ে মিনহাজৰ পৰিয়ালক খবৰ দিয়ে। দুমাহমান আগতে হঠাতে পৰিয়ালটোৰ সৈতে যোগাযোগ নোহোৱা হৈ গৈছিল মিনহাজৰ। আমেৰিকালৈ গৈ সকলো হেৰুৱাই অসহায় অৱস্থাত অনাহাৰে হায়দৰাবাদৰ মহিলাগৰাকীয়ে ৰাজপথত ঘূৰি ফুৰিছে। 

মানসিকভাৱে তেওঁ ইমানেই বিধ্বস্ত হৈ পৰিছে যে তেওঁৰ নামটোও ভালকৈ ক’ব পৰা নাই। কিন্তু, মিনহাজক দেশলৈ ঘূৰাই অনাৰ আৰ্থিক সামৰ্থ্য তেওঁলোকৰ পৰিয়ালৰ নাই। ফলত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ওচৰত সহায় বিচাৰিছে মিনহাজৰ মাতৃয়ে।

খবৰ অনুসৰি, ডেট্ৰাইটৰ ট্ৰিনি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ মিনহাজে আমেৰিকালৈ গুচি যায়। বৰ্তমান তেওঁ চিকাগোৰ ৰাজপথত অত্যন্ত অসহায় অৱস্থাত বাস কৰি আছে।

মিনহাজৰ মাতৃ ছ্যেদা ৱাহাজ ফাতিমাই কয় যে তেওঁৰ কন্যাই পঢ়া-শুনা আৰু কেৰিয়াৰক লৈ ডাঙৰ সপোন দেখিছিল। সেই সপোন পূৰণৰ বাবে ২০২১ চনৰ আগষ্ট মাহত মিনহাজ আমেৰিকালৈ গুচি যায়। কিন্তু, দুমাহমান আগতে পৰিয়ালটোৱে তেওঁৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। বহু চেষ্টাৰ পিছতো ৱাহাজ ফাতিমাই কন্যাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত চিকাগোৰ এটা ৰাস্তাৰ কাষত থকা এটা ঘৰৰ দুৱাৰমুখত বহি থকা দেখা গৈছে মিনহাজ জাইদীক। জাইদীলৈ চালেই গম পোৱা যায় যে তেওঁ মানসিকভাৱে বিধ্বস্ত। তেওঁ নিজৰ নাম ঠিকনা সঠিকভাৱে ক’ব পৰা নাই। তেওঁৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে যোৱা কেইদিনমানৰ পৰা মিনহাজে খাদ্যও গ্ৰহণ কৰা নাই। 

Syeda Lulu Minhaj Zaidi from Hyd went to persue MS from TRINE University, Detroit was found in a very bad condition in Chicago, her mother appealed @DrSJaishankar to bring back her daughter.@HelplinePBSK @IndiainChicago @IndianEmbassyUS @sushilrTOI @meaMADAD pic.twitter.com/GIhJGaBA7a

— Amjed Ullah Khan MBT (@amjedmbt) July 25, 2023

ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰা ব্যক্তিজনে মিনহাজক কিছু খাদ্য দিছিল। তেওঁক ভাৰতলৈ উভতি যাবলৈও পৰামৰ্শ দিয়া হৈছে। কিন্তু, ঘৰলৈ কেনেকৈ উভতি যাব মিনহাজ? খাবলৈকে হাতত পইচা নাই।

মিনহাজৰ পৰিয়ালৰো সুদূৰ আমেৰিকাৰ পৰা কন্যাক দেশলৈ ঘূৰাই অনাৰ আৰ্থিক সামৰ্থ্য নাই। সেয়ে মিনহাজৰ মাতৃ ছ্যেদা ৱাহাজ ফাতিমাই জয়শংকৰৰ ওচৰত আবেদন জনাইছে। 

মাতৃয়ে বৈদেশিক মন্ত্ৰীগৰাকীক কয় যে মিনহাজ চৰম হতাশাত ভুগিছে, তেওঁৰ ধন চুৰি হৈছে আৰু বৰ্তমান তেওঁ অনাহাৰে আছে। 

মিনহাজৰ পৰিয়ালৰ লগতে বহু নেটিজেনে বৈদেশিক মন্ত্ৰীগৰাকীক মিনহাজক দেশলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd