আলু অৰ্জুন অভিনীতি দক্ষিণৰ চিনেমা ‘পুষ্পা: দ্য ৰাইজ’ৰ বৃহৎ সফলতাৰ পিছতে এইবাৰ মুক্তি দিবলৈ ওলাইছে পুষ্পা২।
খবৰ অনুসৰি, আলু অৰ্জুনে ‘পুষ্পা ২’ৰ শ্বুটিঙৰ বাবে দেওবাৰে হায়দৰাবাদৰ ‘ৰামোজী ষ্টুডিঅ’ত উপস্থিত হৈছে।
উল্লেখ্য যে চিনেমাখনৰ প্ৰি-প্ৰডাকচনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আল্লু অৰ্জুন আৰু বাকী অভিনেতাসকলে দেওবাৰৰ পৰা শ্বুটিং আৰম্ভ কৰিছে।
সূত্ৰৰ খবৰ অনুসৰি, হায়দৰাবাদৰ ৰামোজী ৰাও ফিল্ম চিটিত ছবিখনৰ এটা অতি গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিঙৰ বাবে এটা বিশাল চেট তৈয়াৰ কৰা হৈছে। যিহেতু এয়া এখন সফল ছবিৰ দ্বিতীয় অংশ, সেয়েহে ছবিখনক উপভোগ্য কৰি তুলিবলৈ নিৰ্মাতাসকলে কোনো ক্ৰুটি ৰখা নাই।
সুকুমাৰৰ পৰিচালনাত নিৰ্মিত ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে ২০২১ চনৰ ১৭ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাচিলও অভিনয়েও দৰ্শকক আমোদ প্ৰদান কৰিছিল ছবিখনত।
এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। এই ছবিখনৰ গীত আৰু সংলাপ দীৰ্ঘদিন ধৰি ট্ৰেণ্ডিঙত আছিল, যিবোৰ এতিয়াও দৰ্শকৰ মনত আছে।
জানিব পৰা মতে পুষ্পাৰ দ্বিতীয় খণ্ডৰ কাম পূৰ্ণগতিত চলি আছে। অনুৰাগীসকলে নতুন খবৰৰ বাবে অপেক্ষা কৰি আছে।
লগতে পঢ়কঃ ১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱস। কি সেই পাঁচখন দেশ?
লগতে পঢ়কঃ নাৰী শিক্ষা নহ’ব! দহ বছৰ উৰ্ধৰ ছাত্ৰী যাব নোৱাৰিব বিদ্যালয়: ফটোৱা জাৰি তালিবানৰ
লগতে পঢ়কঃ ডিব্ৰুগড়ত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন