• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীয়ে দেশৰ মুছলমানৰ ‘মন কী বাত’ শুনক: আহ্বান দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম বুখাৰীৰ

‘আমাক মুছলমান হোৱাৰ শাস্তি দিয়া হৈছে’-বুখাৰী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 12, 2023 8:10 am
দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰী। ফটো: সংগ্ৰহীত।

দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰী। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে শুকুৰবাৰে নুহত সংঘটিত সাম্প্ৰদায়িক হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এক আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নিজৰ ‘মন কী বাত’ কয়, মুছলমানৰ ‘মন কী বাত’ও শুনক।

তেওঁ কয় যে মুছলমানসকল এই পৰিস্থিতিক লৈ চিন্তিত, তেওঁলোকে ভাবিছে যে দেশৰ ভৱিষ্যত কি হ’ব? কেৱল মুছলমানেই নহয়, হিন্দু, খ্ৰীষ্টান আৰু শিখসকলেও একে ধৰণৰ চিন্তা কৰিছে। এটা ধৰ্মত বিশ্বাসীসকলক মুকলিকৈ ভাবুকি দিয়া হৈছে।

তেওঁ কয় – আমি মুছলমান হোৱাৰ বাবেই আমাক শাস্তি দিয়া হৈছে। নিৰ্বাচনৰ বাবেই যে এই সকলোবোৰ কৰা হৈছে সেয়া সকলোৱে জানে। শুকুৰবাৰৰ নামাজৰ পূৰ্বে জামা মছজিদত দিয়া ভাষণত বুখাৰীয়ে এইদৰে কয়।

Apply Now

লগতে পঢ়ক: বিজেপি নেতাৰ সৈতে অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পিছতেই চৰম সিদ্ধান্ত ল’লে বিজেপি নেত্ৰীয়ে

বুখাৰীয়ে লগতে কয় যে কোনো দল চিৰদিনৰ বাবে ক্ষমতাত নাথাকে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি বুজিব লাগে আৰু গুৰুত্ব দিব লাগে। স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মুছলমানসকলে সামাজিক ন্যায় নাপালে। চাচাৰ কমিটিৰ প্ৰতিবেদন ইয়াৰ দাপোন। আমাৰ বাবে আয়োগ গঠন কৰি থকা হ’ল কিন্তু একো নহ’ল। আমাৰ অৱস্থা দলিততকৈও বেয়া।

শেহতীয়াকৈ সংঘটিত ঘটনাই দেশৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে বুলিও তেওঁ কয়। মেৱাট, মণিপুৰ, ৰে’লত মুছলমানক হত্যা, গুৰুগ্ৰামত নিৰীহ ইমামক হত্যা আৰু নুহত নিৰীহ লোকৰ ঘৰ ভাঙি পেলোৱা হৈছে।

বুখাৰীয়ে কয়, ‘মই ক’ম যে মই আবেগৰ যাত্ৰী। মোৰ কোনো ঘৰ নাই। আজি মেৱাটৰ মুছলমান সকলৰো এই অৱস্থা, তেওঁলোকৰ ঘৰ নাই, তেওঁলোকৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া হ’ল। ভাৰতৰ কোনো আইনে তদন্ত নকৰাকৈ মানুহৰ ঘৰ ভাঙি পেলাব কয় নেকি? আমি হিংসাক সমৰ্থন নকৰো, যি হ’ল সেয়া বেদনাদায়ক। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশৰ বাবে এইটো ভাল নহয়।

লগতে পঢ়ক: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ সংক্ষিপ্ত বিৱৰণী

বুখাৰীয়ে লগতে কয় যে আজি দেশ সাম্প্ৰদায়িকতাৰ কবলত। এই সাম্প্ৰদায়িকতা দেশৰ বাবে এক ডাঙৰ বিপদ। এটা ধৰ্মত বিশ্বাসী লোকক মুকলিকৈ ভাবুকি দিয়া হৈছে। পঞ্চায়ত অনুষ্ঠিত কৰি ইয়াক মুছলমান বৰ্জন কৰিবলৈ কোৱা হৈছে।

তেওঁ ক’লে যে ৫৭খন দেশৰ মুছলমানে কেতিয়াবা আন কোনো ধৰ্মৰ মানুহ বৰ্জন কৰাৰ কথা কৈছেনে? কালিলৈকে আমি সকলোৱে একেলগে থাকিলোঁ, কিন্তু কিছুমান ধৰ্মান্ধই এই দেশৰ বতাহ নষ্ট কৰি পেলাইছে। এই সকলোবোৰৰ বাবে দেশক স্বাধীন কৰা হ’ল নেকি?

বুখাৰীয়ে কয় যে মই ভাৰতৰ মুছলমানসকলৰ হৈ কৈছো যে আমি চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু। আমাৰ লগত কথা পাতক, হিন্দু নেতাৰ লগতো কথা পাতক আৰু তাৰ পিছত যৌথ বৈঠক কৰক। এই পৰিস্থিতিৰ সমাধান বিচাৰি উলিয়াওক যাতে দেশখনক এই ঘৃণাৰ পৰিৱেশৰ পৰা ৰক্ষা কৰিব পৰা যায়।

লগতে পঢ়ক: সম্পূর্ণৰূপে বাতিল হ’ব দেশদ্ৰোহৰ অপৰাধৰ ব্যৱস্থা; লোকসভাত অমিত শ্বাহৰ ঘোষণা

তেওঁ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক বহল অন্তৰেৰে মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কথা পাতিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd