নৃশংস হত্যাকাণ্ডৰে সমাজক জোকাৰি তোলা ছিৰিয়েল কিলাৰৰ অসংখ্য কাহিনী হয়তো আপোনালোকে শুনিছে। এই নৃশংস হত্যাকাণ্ডৰ কাহিনীয়ে যিকোনো লোককে ভীতিগ্ৰস্ত কৰি তুলিব পাৰে। এনে এক কুখ্যাত ছিৰিয়েল কিলাৰ হৈছে ‘দোপাট্টা কিলাৰ’। ১৬ গৰাকীকৈ মহিলাৰ হত্যাৰে এই দোপাট্টা কিলাৰে জোকাৰি তুলিছিল গোৱাৰ নিৰাপত্তা ব্যৱস্থাক।
ধাৰাবাহিক হত্যাকাণ্ডৰে ৰাজ্য এখনক আতংকিত কৰি তোলা এই কুখ্যাত দোপাট্টা কিলাৰৰ কাহিনী পুনৰ চৰ্চালৈ আহিছে। নাম তেওঁৰ মহানন্দ নাইক। গোৱাৰ ৰাজধানী পানাজীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণে থকা শিৰোডাত অটোৰিক্সা চলাইছিল দাড়ি গোফেৰে ভোবোকাৰ ২৫ বৰ্ষীয় নাইকে।
নাইকৰ সমুখৰ ঘৰটোতে বাস কৰিছিল দৰ্শনা নাইক নামৰ এগৰাকী ২১ বছৰীয়া যুৱতী। ১৯৯৪ চনৰ ৩০ ছেপ্টেম্বৰত পানাজীৰ গোৱা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা অলপ দূৰৈত থকা বাম্বোলিমত কাজু গছত ওলমি থকা অৱস্থাত দৰ্শনাক উদ্ধাৰ কৰা হৈছিল। দুপাট্টাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল দৰ্শনাৰ নিথৰ দেহ। কিন্তু দৰিদ্ৰতাই কোঙা কৰা দৰ্শনাৰ পৰিয়ালৰ অৰ্থাভাৱৰ বাবে গেথেলা মাৰিছিল তদন্তই। কোনো সন্ধান নোলোৱাকৈয়ে থাকি গৈছিল হত্যাকাণ্ডৰ আঁৰৰ খবৰ।
তাৰ দুমাহ পূৰ্বে খাণ্ডে -পাৰত সংঘটিত হৈছিল আন এক হত্যাকাণ্ড। হত্যাৰ বলি হৈছিল গুলাবী গাওঁকাৰ নামৰ ৩০ বৰ্ষীয় এগৰাকী মহিলা। এই হত্যাকাণ্ডৰ বাবেই প্ৰথমবাৰ চৰ্চালৈ আহিছিল মহানন্দ। তেওঁ কাম কৰা অটোৰিক্সা ষ্টেণ্ডৰ ওচৰতে থকা পণ্ডা বজাৰত দৰ্জীৰ কাম কৰিছিল গুলাবীয়ে।
হত্যাকাণ্ডৰ এদিন পিছত গুলাবীৰ পচি যোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এজন প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনাইছিল এজন দাড়ি থকা লোকে গোলাবীক নিয়মিতভাৱে সাক্ষাৎ কৰি অহাৰ কথা। এই ভাষ্যৰ ভিত্তিত মহানন্দক জিম্মাত লোৱা হৈছিল। কিন্তু যেতিয়া আন চালকে গুলাবীৰ নিৰুদ্দেশৰ দিনটোত তেওঁ ষ্টেণ্ডত আছিল বুলি জানিবলৈ দিয়ে, তেতিয়া তেওঁক মুকলি কৰি দিয়া হ’ল।
গুলাবীৰ এই হত্যাকাণ্ডই মহানন্দক তাৰ পিছত ধাৰাবাহিকভাৱে ১৫ বছৰলৈ চলোৱা বৰ্বৰ হত্যালীলাৰ আৰম্ভণি দিয়ে। যৌনতা, অৰ্থলোভ আৰু হত্যাৰ বিকৃত ৰোমাঞ্চে মহানন্দক কৰি তোলে চিৰিয়েল কিলাৰ।
![]()
অটো চালক হিচাপে তেওঁ জানিছিল যে দৰিদ্ৰ অঞ্চলত থাকিব তেওঁৰ চিকাৰ। চিকাৰ সেই গুলাবীৰ দৰে মহিলা, যি কষ্টেৰে জীৱন নিৰ্বাহ কৰিছিল। তাৰ পিছতে মহানন্দই নিজৰ চাৰিওফালৰ ২০-৩৫ বছৰ বয়সৰ সম্ভাৱ্য চিকাৰসকলক সযতনে বাছি উলিয়াবলৈ আৰম্ভ কৰিছিল।
মহানন্দৰ তৃতীয় চিকাৰ আছিল ১৯ বছৰীয়া বসন্তী গৌড়ে নামৰ পণ্ডাৰ এগৰাকী দুখীয়া গৃহকৰ্মী। মহানন্দই গৌড়েক ৫০ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিলে। ১৯৯৫ চনৰ ১১ ছেপ্টেম্বৰত বসন্তীক তেওঁক শান্তিনগৰৰ এখন জনশূন্য স্থানলৈ লৈ যায়। তাৰ পিছত আৰু পোৱা নগ’ল বসন্তীৰ জীৱিত অথৱা নিথৰ দেহ।
২০০৯ চনৰ ২১ এপ্ৰিলত গ্ৰেপ্তাৰ হোৱাৰ পিছত মহানন্দই আৰক্ষীক জানিবলৈ দিয়ে চিকাৰৰ পূৰ্বে তেওঁ পেলোৱা জালৰ সবিশেষ। হত্যা কৰা প্ৰতিগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে তেওঁ লয় একোটাকৈ ছদ্মনাম। ২০০৯ চনৰ জানুৱাৰী মাহত তেওঁ চলাইছিল অন্তিমটো চিকাৰ। প্ৰেম আৰু সম্পৰ্কৰ জাল পেলাই তেওঁ নিৰলে সাক্ষাতৰ বাবে মান্তি কৰাই পূৰ্ণ কৰিছিল হত্যাৰ বিকৃত ৰোমাঞ্চ। এটা চুটি, ঘূৰ্ণীবতাহৰ দৰে ৰোমাঞ্চ প্ৰণয়ন কৰিছিল আৰু তাৰ পিছত তেওঁলোকক ঘৰলৈ মাতিছিল নিজৰ মানুহক লগ কৰিবলৈ।
কিদৰে মহানন্দ হৈ পৰিছিল দোপাট্টা কিলাৰ! ১৬ গৰাকী মহিলাক হত্যাৰে বৰ্বৰতাৰ আতংক বিয়পোৱা মহানন্দৰ প্ৰথমটো হত্যাৰ বাহিৰে আন প্ৰতিটো হত্যাৰ ক্ষেত্ৰতে আছিল এক বিশেষ সাদৃশ্য। তেওঁ সংঘটিত কৰা প্ৰথমটো হত্যাকাণ্ডত শিলেৰ ভাঙি পেলাইছিল গুলাবীৰ মূৰ। কিন্তু তাৰ পিছৰ প্ৰতিটো হত্যাকাণ্ডত মহানন্দৰ হাথিয়াৰ আছিল দোপাট্টা। প্ৰতিগৰাকী মহিলাক দুপট্টাৰে ডিঙি চেপি হত্যা কৰাৰ বাবেই দুপাট্টা কিলাৰ হিচাপে কুখ্যাত হৈ পৰিল মহানন্দ।
ইটোৰ পিছত সিটোকৈ হত্যালীলাৰে আতংকৰ সৃষ্টি কৰা মহানন্দ এই হত্যালীলাৰ প্ৰথমটো দিনৰে পৰা ১৫ বছৰলৈ মুক্ত হৈ আছিল। ১৯৯৫ চনত মহানন্দৰ তৃতীয়টো হত্যাকাণ্ড আৰু ২০০৩ চনত চতুৰ্থটো হত্যাকাণ্ডৰ মাজত আঠ বছৰৰ ব্যৱধান আছিল। তাৰ পিছত তেওঁ ধাৰাবাহিকভাৱে ২০০৫ চনত তিনিবাৰ, ২০০৬ চনত এবাৰ, ২০০৭ চনত পাঁচবাৰ আৰু ২০০৮ চনত দুবাৰ নাৰী হত্যাৰ বিকৃত চখ পূৰণ কৰিছিল।
তেওঁৰ অন্তিমটো চিকাৰৰ ভুক্তভোগী আছিল যোগীতা নাইক। ২০০৯ চনৰ ১৪ জানুৱাৰীত ৮০ হাজাৰ টকাৰ অলংকাৰৰ সৈতে নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ এদিন পিছত কাজু বাগিচাত যোগীতাৰ মৃতদেহ উদ্ধাৰ হয়। ভুক্তভোগীৰ পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে পূৰ্বৰ গোচৰসমূহৰ দৰে এই গোচৰটোও হেৰাই যোৱাৰে সম্ভাৱনা আছিল। কিন্তু মহানন্দৰ ভাগ্য সেইবাৰ সুপ্ৰসন্ন নহ’ল।
মাৰ্চ মাহত যোগীতাৰ পৰিয়ালে পণ্ডা থানাৰ নতুন পৰিদৰ্শক চেতন পাটিলৰ কাষ চাপে গোচৰটোৰ তদন্তৰ বাবে। যোগীতাৰ কল ৰেকৰ্ডৰে তদন্ত আৰম্ভ কৰিলে পৰিদৰ্শক চেতনে। যোগীতালৈ শেষৰ দুটা ফোনকল আহিছিল গোৱা ইঞ্জিনিয়াৰিং কলেজৰ এগৰাকী ছাত্ৰৰ নম্বৰৰ পৰা। লক্ষণীয়ভাৱে এই ফোনটো আকৌ হেৰুৱাই পেলাইছিল ছাত্ৰগৰাকীয়ে। তাৰ পিছত আৰক্ষীয়ে হেৰুওৱা চিমখনৰ কল ডিটেইল পৰীক্ষা কৰি চিমখন সক্ৰিয় হৈ থকা বুলি জানিব পাৰে।
নম্বৰটোৰ পৰা সঘনাই ২৩ বছৰীয়া এগৰাকী মহিলাক ফোন কৰি থকাৰ সম্ভেদ পায় আৰক্ষীয়ে। মহিলাগৰাকীক সাক্ষাৎ কৰি আৰক্ষীয়ে জানিব পাৰে তেওঁ ধৰ্ষণৰ বলি হোৱাৰ কথা। আৰু তেতিয়াই আৰক্ষীয়ে জানিব পাৰে তেওঁৰ ধৰ্ষণকাৰীৰ নাম। ধৰ্ষণকাৰীগৰাকী আন কোনো নাছিল, তেওঁ আছিল মহানন্দ। শিৰোদাৰ সেই অটোৰিক্সাচালক মহানন্দ।
তেতিয়াই পোহৰলৈ আহে দোপাট্টা হত্যালীলাৰ দশকযোৰা আতংকৰ আঁৰৰ সকলো তথ্য। গুলাবী হত্যাৰ গোচৰত আৰক্ষীৰ হাতত লাগিও ৰক্ষা পৰা মহানন্দৰ এইবাৰ ৰক্ষা নহ’ব। ওলাই পৰিল ১৬ কৈ বৰ্বৰ হত্যাকাণ্ডত মহানন্দ জড়িত থকাৰ সকলো প্ৰমাণ।
২০০৯ চনৰ এপ্ৰিল মাহত মহানন্দক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত গোচৰটোৰ অধিক সবিশেষ পোহৰলৈ আহে। পোহৰলৈ আহে তেওঁৰ বিকৃত চৰিত্ৰৰ সকলো দিশ। ২০১১ চনৰ ২০ জুলাইত তেওঁক আজীৱন কাৰাদণ্ড বিহা হয়। বৰ্তমান ৫৪ বছৰীয়া মহানন্দই বিগত ১৪ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছে। তেওঁৰ এই ঘটনাৰ আলমত ‘মহানন্দ: মনিষ ৱ’ চয়টান’ নামেৰে এখন নাটকো বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। মহানন্দক এতিয়ালৈকে দুটা হত্যাকাণ্ডৰ দোষী সাব্যস্ত কৰা হৈছে। এতিয়াও চলি আছে আন গোচৰসমূহৰ শুনানি।





