ডিব্ৰুগড় জিলাত শনিবাৰে দলঙৰ পৰা নদীত জঁপিয়াই এজন যুৱকে নিজকে শেষ কৰি দিয়াৰ পন্থা গ্ৰহণ কৰে। মৃত যুৱকজন নামৰূপৰ কনক গগৈ বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, নদীত জাঁপ দিয়াৰ আগত এখন চুইচাইদ নোটত তেওঁৰ মৃত্যুৰ বাবে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ পৰিস্মৃতা হাজৰিকা নামৰ এগৰাকী যুৱতী দায়ী বুলি লিখি থৈ যায়।
সূত্ৰই জনোৱা মতে, প্ৰেম সম্পৰ্কীয় কাৰণত কনক গগৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
ঘটনাস্থলীৰ ওচৰত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত এখন চুইচাইড নোট উদ্ধাৰ কৰা হয়; য’ত লিখা আছিল, “মোৰ মৃত্যুৰ আঁৰৰ একমাত্ৰ কাৰণ হৈছে নাহৰকটীয়াৰ পৰিস্মিতা হাজৰিকা ওৰফে মনীষা হাজৰিকা।”
ইফালে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে কনকৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে।





