• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

সংসদত বিজেপি সাংসদৰ সাম্প্ৰদায়িক আচৰণৰ চিকাৰ দানিশ আলীৰ কাষত ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 9:18 pm
Ramesh Bidhuri Danish Ali
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনৈতিক মহলত জোকাৰণি তোলা বৃহস্পতিবাৰৰ লোকসভাৰ অভাৱনীয় পৰিস্থিতিক লৈ এতিয়াও তুংগত আছে বিতৰ্ক। ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত পূৰ্বে কেতিয়াও নোহোৱা এই ঘটনাক লৈ শাসকীয় বিজেপিক থকা-সৰকা কৰিছে বিৰোধীয়ে।

এই বিতৰ্কৰ মাজতে বিজেপি সাংসদ ৰমেশ বিধুৰীৰ সাম্প্ৰদায়িক আচৰণৰ চিকাৰ হোৱা বহুজন সমাজবাদী পাৰ্টিৰ সাংসদ দানিশ আলীৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হৈ নিজৰ সমৰ্থন প্ৰত্যক্ষৰূপত আগবঢ়ায় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Apply Now

দানিছ আলীক সাকাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীয়ে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি দিয়া হ’ব বুলি মন্তব্য কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু সাংসদ ইমৰাণ প্ৰতাপগড়ীয়েও ৰাহুল গান্ধীক সংগ দিয়ে।

Image

ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ পিছতে আৱেগিক হৈ পৰা দানিছ আলীয়ে ব্যক্ত কৰে নিজৰ অনুভৱ। এই সময়ত তেওঁ অকলশৰীয়া নহয় যেন অনুভৱ কৰিছে বুলি মন্তব্য কৰে বহুজন সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীয়ে।

দানিশ আলীয়ে কয়, “ৰাহুল গান্ধীয়ে মোৰ মনোবল বৃদ্ধিৰ বাবে মোৰ বাসগৃহলৈ আহিছিল। তেওঁ এই ঘটনাক হৃদয়ত নল’বলৈ আৰু স্বাস্থ্যৰ যত্ন ল’বলৈ পৰামৰ্শ দিছে। মই সকাহ অনুভৱ কৰিছো যে মই অকলশৰীয়া নহয়।”

বিএছপিৰ সাংসদগৰাকীয়ে লগতে তেওঁৰ প্ৰতি বিজেপি সাংসদগৰাকীয়া কৰা আচৰণ গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে। ‘অমৃতকালৰ সময়ত নতুন সংসদত এতিয়া ঘৃণাৰ দোকান স্থাপন কৰাটো দুখজনক’ বুলি মন্তব্য কৰে দানিশ আলীয়ে।

ইফালে দানিশ আলীৰ সৈতে ৰাহুল গান্ধীৰ এই সাক্ষাতৰ ছবি শ্বেয়াৰ কৰি কংগ্ৰেছে এক টুইট যোগে বিজেপি সাংসদ ৰমেশ বিধুৰীৰ এই লজ্জাজনক আৰু নিম্ন মানদণ্ডৰ কাৰ্যৰ দ্বাৰা সদনৰ মৰ্যাদাৰ ওপৰত দাগ পৰিছে বুলি উল্লেখ কৰে।

গণতন্ত্ৰৰ মন্দিৰত ঘৃণাৰ এনে মানসিকতাক কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰে বুলিও টুইটটোত উল্লেখ কৰে কংগ্ৰেছে। উল্লেখ্য যে, বৃহস্পতিবাৰে সংসদক এক আলোচনাৰ সময়তে দানিশ আলীক উগ্ৰপন্থী, সন্ত্ৰাসবাদী আদি শব্দৰে সাম্প্ৰদায়িক আক্ৰমণ কৰিছিল বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে।

ইয়াৰ পিছতে উত্তাল হৈ পৰিছিল দেশৰ ৰাজনীতি। বিৰোধীয়ে ইয়াৰ প্ৰতিবাদত ৰমেশ বিধুৰীৰ নিলম্বনৰ দাবী তুলিছিল যদিও আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধুৰীক কেৱল সকীয়নিহে প্ৰদান কৰে।

লক্ষনীয়ভাৱে বিৰোধী মিত্ৰজোঁট INDIA ৰ পৰা আঁতৰি আছে বহুজন সমাজবাদী পাৰ্টি। গতিকে দলটোৰ সাংসদ দানিশ আলীৰ প্ৰতি বিৰোধীৰ এই সমৰ্থনে তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আজিৰ এই ভ্ৰমণে ৰাজনৈতিক পট পৰিৱৰ্তনৰো ব্যাপক ইঙ্গিত বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd