পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত অভূতপূৰ্ব যুদ্ধ চলি আছে। দাবী কৰা হৈছিল যে ইজৰাইলত হামাছৰ যোদ্ধাসকলৰ আক্ৰমণত ১২ জন থাইলেণ্ডৰ নাগৰিক নিহত হৈছে। আহত হৈছে আন ৮ জন।
ইয়াৰ উপৰিও থাইলেণ্ড কৰ্তৃপক্ষই দাবী কৰিছে যে হামাছৰ যোদ্ধাসকলে আৰু ১১ জন থাই নাগৰিকক বন্দী কৰি ৰাখিছে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ কাঞ্চনা পাতাৰাচোকে সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰে।
শনিবাৰে গাজাস্থিত পেলেষ্টাইনী প্ৰতিৰোধ আন্দোলন হামাছৰ যোদ্ধাসকলে হঠাতে ইজৰাইলত প্ৰৱেশ কৰে। ইয়াৰ পিছত ইজৰাইলেও ওলোটা আক্ৰমণ আৰম্ভ কৰে।
লগতে পঢ়কঃ স্বস্তি! বিধ্বংসী বানত বিপৰ্যস্ত ছিকিমৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছে প্ৰায় ১৩০ জন শিক্ষাৰ্থী
এই অভূতপূৰ্ব যুদ্ধত দুয়োপক্ষৰ মৃতকৰ সংখ্যা ক্ৰমে বাঢ়িছে। ইজৰাইলৰ সংবাদ মাধ্যম “টাইমছ অৱ ইজৰাইল”ই দাবী কৰিছে যে হামাছৰ আক্ৰমণৰ ফলত ইজৰাইলত মৃত্যুৰ সংখ্যা ইতিমধ্যে ৭০০ৰো অধিক হৈছে। আহত হৈছে দুহেজাৰ দুশৰো অধিক।
আনহাতে, আল জাজিৰাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ইজৰাইলৰ ওলোটা বোমা আক্ৰমণৰ ফলত পেলেষ্টাইনৰ গাজাত ৪১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হৈছে।
উল্লেখ্য যে গাজা ভিত্তিক পেলেষ্টাইনী প্ৰতিৰোধ আন্দোলন হামাছৰ যোদ্ধাসকলে শনিবাৰে হঠাতে ইজৰাইলত প্ৰৱেশ কৰে। তাত তেওঁলোকে পূৰ্বতে ইজৰাইলৰ হত্যা, অত্যাচাৰ আৰু দখলদাৰীৰ প্ৰতিবাদত আক্ৰমণ চলায়। ইয়াৰ পূৰ্বে হামাছে মাত্ৰ ২০ মিনিটতে ইজৰাইলৰ বিভিন্ন লক্ষ্যত ৫ হাজাৰ ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰিছিল।
লগতে পঢ়কঃ ইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে
এতিয়ালৈকে পেলেষ্টাইনে ইজৰাইলৰ বিৰুদ্ধে কেৱল প্ৰতিৰোধমূলক ব্যৱস্থাহে গ্ৰহণ কৰিছিল। শনিবাৰে প্ৰথমবাৰৰ বাবে ইজৰাইলক আক্ৰমণ কৰে পেলেষ্টাইন কৰ্তৃপক্ষই।





