• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূতৰ ওপৰত দানহ! পুনৰ দেওবাৰে দুটা ভয়াৱহ ভূমিকম্প আফগানিস্তানত; দেশজুৰি আতংক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2023 1:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেন ভুতৰ ওপৰত দানহহে। বাৰে বাৰে প্ৰকতিৰ ৰোষত পৰিছে আফগানিস্তান। দেওবাৰে পুৱা পুনৰ জোকাৰি গ’ল প্ৰচণ্ড ভূমিকম্পই! ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ মাত্ৰা ৬.২। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰে পুৱা ৯:০৬ বজাত আফগানিস্তানত প্ৰবল ভূমিকম্পই জোকাৰি যায়। একেৰাহে দুটাকৈ ভূমিকম্প সংঘটিত হয়। পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় দ্বিতীয়টো ভূমিকম্প। যাৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫.৪।

বাতৰি মতে, হেৰাট চহৰত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ শনিবাৰে এই হেৰাটতে হোৱা ভয়াৱহ ভূমিকম্পত বহু সাধাৰণ লোকৰ মৃত্যু হৈছিল।

লগতে পঢ়কঃ মাজ নিশা ভয়াবহ পথ দুৰ্ঘটনা; কমেও ১২ জন লোকৰ মৃত্যু, আহত কমেও ২৩ জন

Apply Now

শনিবাৰে আফগানিস্তানৰ হেৰাটত ধাৰাবাহিকভাৱে হোৱা কেইবাটাও ভূমিকম্পৰ ফলত কমেও ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। আন দুই-তিনি হাজাৰ লোক আহত হয়। ইয়াৰ ফলত বহু ঘৰ ভাঙি যায়। মুঠ ৮টা আফটাৰশ্বক ধৰা পৰিছে। প্ৰতিটো কম্পনৰ মাত্ৰা আছিল ৪.৬ৰ পৰা ৫.৫।

বুধবাৰেও পুনৰ ভয়ংকৰ ভূমিকম্পই আফগানিস্তানক জোকাৰি গৈছিল। সেই কম্পনৰ মাত্ৰা আছিল ৬.৩।

লগতে পঢ়কঃ ইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান

কিন্তু দেওবাৰৰ কম্পনক আৰু আফটাৰ শ্বক বুলি ক’ব নোৱাৰি। কাৰণ দেওবাৰে পুৱাৰ ভূমিকম্পৰ প্ৰাবল্য আফটাৰশ্বকৰ প্ৰাবল্য বহু বেছি আছিল। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

Earthquake of Magnitude:6.2, Occurred on 15-10-2023, 09:06:03 IST, Lat: 34.76 & Long: 62.02, Depth: 70 Km ,Location: Afghanistan for more information Download the BhooKamp App https://t.co/md4V7iQUPP @ndmaindia @Indiametdept @KirenRijiju @Dr_Mishra1966 @Ravi_MoES @DDNewslive

— National Center for Seismology (@NCS_Earthquake) October 15, 2023

ইপিনে, একেৰাহে দুটাকৈ ভূমিকম্পৰ ফলত হেৰাট চহৰত আতংকৰ সৃষ্টি হৈছে। বহু লোকে ঘৰ এৰি থৈ বাহিৰলৈ ওলাই আহিছে। একেৰাহে দুটাকৈ ভূমিকম্পৰ ফলত আফটাৰশ্বকৰ সম্ভাৱনা থকাৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ আফগানিস্তানত বাৰে বাৰে ভূমিকম্প সংঘটিত হৈ আহিছে। ইফালে যোৱা কিছুদিন পূৰ্বে নেপালতো ভূমিকম্প হৈছিল। যাৰ ফলত দিল্লীকে ধৰি উত্তৰ ভাৰত জোকাৰি গৈছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd