• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 17, 2023 8:04 pm
653
VIEWS
Share on FacebookShare on Twitter

অসমৰ আগশাৰী ব্যক্তিখণ্ডৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৭ অক্টোবৰ ২০২৩ তাৰিখে প্ৰথম বৰ্ষ পূৰ্তি উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অত্যন্ত উলহ মালহেৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

উল্লেখযোগ্য যে ২০০৬ চনত শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ অধীনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী আৰু ২০০৭ চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েঞ্চে প্ৰতিষ্ঠা লাভ কৰে। এইকেইখন শৈক্ষিক প্ৰতিষ্ঠান আছিল উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ প্ৰথম প্ৰতিষ্ঠান। পৰৱৰ্তী ২০২২ চনৰ ১৭ অক্টোবৰত ই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হয়।

অসমৰ প্ৰযুক্তি আৰু বৃত্তিমুখী শিক্ষালৈ প্ৰভূত বৰঙণি যুগুৱা শ্ৰীমন্ত শংকৰ একাডেমী (এছ এছ এ) ছ’চাইটিৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি প্ৰথমটো প্ৰতিষ্ঠা দিৱস পালন কৰে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাস আৰু শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি যশোদাৰঞ্জন দাসৰ পতাকা উত্তোলন আৰু ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসত এক বৃক্ষ ৰোপন কাৰ্যসূচী হাতত লয়।

তাৰ পাছতেই বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আজাৰালৈ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটি সাংস্কৃতিক সমদল  উলিওৱা হয়। এই সমদলত ভাৰতৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাজ পোচাক, কৃষ্টি সংস্কৃতি, পৰম্পৰা আদিক সমদলত ভাগ লোৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজেৰে প্ৰতিফলিত কৰে।

দিনৰ ১১ বজাৰ পৰা হোৱা সাধাৰণ সভাত শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি যশোদাৰঞ্জন দাসে আদৰণী ভাষণ ৰাখে। ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাসে।

ভাষণ প্ৰসংগত তেখেতে  বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক ক্ষেত্ৰৰ সামগ্ৰিক অগ্ৰগতিৰ আভাস বি্স্তৃতভাৱে দাঙি ধৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক তথা  ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ,গুৱাহাটীৰ সঞ্চালক  অধ্যাপক ড০ গৌতম বৰুৱা। অধ্যাপক ড০ গৌতম বৰুৱাই জেনেৰেটিভ এআইৰ বিষয়টোৰ ওপৰত এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰি দৰ্শকক মোহিত কৰে।

অসম সংগীতেৰে সামৰণি পৰা সভাত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ দীপাংকৰ সাহাই l

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd