• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কঠোৰভাবে মানি চলিব লাগিব আন্তঃৰাষ্ট্ৰীয় মানৱতা আইন – ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 8:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশা গাজাৰ আল আহলি হাস্পতালত সংঘটিত আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ইফালে, বৃহস্পতিবাৰে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মানৱীতা আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়। 

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় “প্ৰধানমন্ত্ৰীৰ মন্তব্য, টুইট আৰু বক্তব্য আপোনালোকে দেখিছে। ইজৰাইলত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। আন্তঃৰাষ্ট্ৰীয় সমাজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধভাৱে থিয় দিব লাগিব। পেলেষ্টাইনৰ লগত আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। আমি বিচাৰো যে পেলেষ্টাইনৰ বাবে এখন নিৰাপদ আৰু স্বীকৃতিপ্ৰাপ্ত সীমান্তৰ সৈতে এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্য্যক্ষম ৰাষ্ট্ৰ স্থাপনৰ বাবে প্ৰত্যক্ষ আলোচনা হওক। যাতে তেওঁলোকে ইজৰাইলৰ লগত শান্তিৰে থাকিব পাৰে।”

অৰিন্দম বাগচিয়ে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা (UNRWA)ত ভাৰতে যথেষ্ট অৰিহণা যোগায়। এইদৰে ভাৰতে দীৰ্ঘদিন ধৰি পেলেষ্টাইন আৰু পেলেষ্টাইনী শৰণাৰ্থীক সহায় কৰি আহিছে। ২০০২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতে ৰাষ্ট্ৰসংঘৰ এই সংস্থাটোক মুঠ ২৯.৫ নিযুত মাৰ্কিন ডলাৰতকৈ অধিক ধন আগবঢ়াইছে। আগতে ভাৰতে এই সংস্থাটোলৈ বছৰি ১২.৫ লাখ মাৰ্কিন ডলাৰ বৰঙণি আগবঢ়াইছিল। ২০১৮ চনত এই ধনৰাশি ৫ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰা হয়।

বৃহস্পতিবাৰে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক ফোন কৰি নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিয়ে যে ভাৰতে পেলেষ্টাইনীসকললৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা বন্ধ নকৰে। ইয়াৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়।

ইফালে ভাৰতে যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা ভাৰতীয়ক ঘূৰাই অনাৰ বাবে এই সপ্তাহত ‘অপাৰেচন অজয়’ আৰম্ভ কৰিছে। অৰিন্দম বাগচিয়ে কয় যে এই পৰ্যন্ত প্ৰায় ১২০০ লোকক ইজৰাইলৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে। ইয়াৰে অধিকাংশই ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে ১৮জন নেপালী নাগৰিকো আছে৷ 

অৰিন্দম বাগচিয়ে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। যদি চাহিদা থাকে তেন্তে অপাৰেশ্যন অজয়ৰ বাবে বিমানৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে।

আনহাতে, চাৰিজন ভাৰতীয় নাগৰিকও গাজা ষ্ট্ৰিপত আবদ্ধ হৈ আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই জানিবলৈ দিয়ে। বিগত ১৩ দিন ধৰি ইজৰাইলে গাজাত অবিৰতভাৱে আক্ৰমণ চলাই আহিছে। অৱশ্যে ছেকাংকাৰ পৰিস্থিতি ইমানেই বেয়া যে তাৰ পৰা তেওঁলোকক স্থানান্তৰ কৰাটো সম্ভৱ নহয় বুলিও তেওঁ কয়। 

ইজৰাইল-হামাছ যুদ্ধত এতিয়ালৈকে ভাৰতীয় কোনো লোকৰ মৃত্যু হোৱা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অৱশ্যে গাজা ষ্ট্ৰিপত এগৰাকী ভাৰতীয় মহিলা আহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd