গাজাত ইজৰাইলী বাহিনীৰ বৰ্বৰ আক্ৰমণ বন্ধ, পেলেষ্টাইনৰ দখলীকৃত ভূ-খণ্ড বেদখলমুক্ত আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি দ্বি-ৰাষ্ট্ৰ তত্ত্বৰ ভিত্তিত পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ দাবীত ৰাষ্ট্ৰজোৰা সভা, সমদল, বিক্ষোভ সংগঠিত কৰাৰ বাবে চিপিআই(এম) দলে আহ্বান জনাইছে৷ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি ১৯ অক্টোবৰৰ দুপৰীয়া ২ বজাত গুৱাহাটীত টিচি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনৰ সন্মুখত পাৰ্টিৰ সভ্য- সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷
‘হামাছ-ইজৰাইল যুদ্ধ শীঘ্ৰেই বন্ধ কৰক’, ‘ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুযায়ী স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰক’ আদি বিভিন্ন শ্ল’গানেৰে মুখৰিত বিক্ষোভকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷ গাজাত ইজৰাইলী বাহিনীয়ে পেলেষ্টাইনৰ নিৰীহ জনগণৰ ওপৰত যোৱা ৭ অক্টোবৰৰ পৰা চলাই থকা অমানুষিক অত্যাচাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকল সোচ্চাৰ হয় ৷
বিক্ষোভ স্থলীত চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্ফাকুৰ ৰহমানে বক্তব্য দাঙি ধৰি কয় যে যোৱা ৭ অক্টোবৰত হামাছ বাহিনীৰ অতৰ্কিত আক্ৰমণত ইজৰাইলৰ বহু নিৰীহ লোক নিহত হোৱাৰ ঘটনা অতিশয় নিন্দনীয় আৰু ই বৰ্বৰতাৰ নিদৰ্শন হৈ থাকিব৷ কিন্তু হামাছৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ নামত ইজৰাইলী বাহিনীয়ে গাজাত যি নৃশংস যুদ্ধ অভিযান চলাইছে সি মানৱ সভ্যতাৰ ইতিহাসত অভূতপূৰ্ব আৰু অকল্পনীয়৷
মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া সাম্ৰাজ্যবাদী দেশসমূহৰ সমৰ্থন আৰু পৃষ্ঠপোষকতাত ইজৰাইলৰ চৰম প্ৰতিক্ৰিয়াশীল চৰকাৰখনে পেলেষ্টাইনীৰ জনসাধাৰণৰ ওপৰত আৰু চিকিৎসালয়, শিক্ষানুষ্ঠান আদিত ধাৰাসাৰ বোমা বৰ্ষণ কৰি নৰসংহাৰ চলাই আছে বুলি ৰহমানে কয়৷
চিপিআই(এম) নেতা শতঞ্জীৱ দাসে ভাষণ প্ৰসংগত কয় যে যুদ্ধবাজ ইজৰাইলে আন্তৰ্জাতিক আইন-কানুন, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ আদি সকলো ভৰিৰে মোহাৰি গাজাত নৰহত্যা আৰু যুদ্ধ অপৰাধ সংঘটিত কৰি আছে৷
আজি সমগ্ৰ বিশ্বৰ শান্তিকামী আৰু যুদ্ধবিৰোধী জনগণে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতিজ্ঞ জ্ঞাপন কৰা বুলি দাসে উল্লেখ কৰে৷
প্ৰতিবাদী কাৰ্যসূচীত ‘কা’-বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীয়ে ভাষণ প্ৰসংগত ইজৰাইলী বৰ্বৰতাক কঠোৰ ভাষাৰে নিন্দা কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাৰ্টিৰ নেতা টিকেন দাস, তপন শৰ্মা, অজিত দাস, নিৰংকুশ নাথ, ৰিতুৰঞ্জন দাসকে ধৰি ভালেসংখ্যক মহিলাসহ পাৰ্টিৰ সভ্য-সমৰ্থকে অংশগ্ৰহণ কৰে৷