• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সেয়া ক্ৰিকেট নাছিলতো আছিলনো কি? এটা বলত ২৮৬ ৰান! এনে ঘটনাও ঘটিছে ক্ৰিকেটত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 2:38 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাভাৱিকতে ৪ বা ৬ ৰাণ দেখা যায়। ক্ৰিকেটত এটা বলৰ পৰা ইয়াতকৈ অধিক ৰান ল’ব নোৱাৰি বুলিয়েই কব পাৰি। কিন্তু এজন বেটছমেনে এবাৰতে ২৮৬ ৰান সংগ্ৰহ কৰে। তাকো আকৌ এটা বলৰ পৰা! কিন্তু কেনেকৈ? জানো আহক।

খেলিবলৈ মাত্ৰ এটা অভাৰ বাকী আছে। ইফালে ৰানৰ যথেষ্ট প্ৰয়োজন। কোনে জয়ী হ’ব সকলোৱে জানে! কিন্তু অভাৰৰ শেষত সেই হিচাপ একেবাৰেই নিমিলে। বেটছমেন দুজনে বেটিঙৰ তাণ্ডৱেৰে সহজেই আকাংক্ষিত ৰান সংগ্ৰহ কৰে। ক্ৰিকেট খেলপথাৰত এনেধৰণৰ ঘটনা আশ্চৰ্যজনক নহয়। কিন্তু এটা বলত ২৮৬ ৰান লোৱাৰ কথাটো?

এনেধৰণৰ ঘটনাৰো সাক্ষী হৈছে খেলপথাৰ। নিয়ম অনুসৰি ক্ৰিকেটত সৰ্বাধিক ৰাণ ৬। তাৰ তলত ৪। খেলপথাৰৰ নিৰ্দিষ্ট সীমাৰ বাহিৰলৈ বল পঠিয়াই দিলেহে সেই ৰাণ সম্ভৱ হ’ব। এইক্ষেত্ৰত যদি খেলপথাৰত এবাৰো ড্ৰপ নোহোৱাকৈ বলটো বাউণ্ডেৰীৰ বাহিৰলৈ যায়, তেন্তে ছয় ৰান হ’ব। আৰু ড্ৰপ খাই গ’লে চাৰি।

Apply Now

লগতে পঢ়কঃ ছেমি নহয় ছামি ফাইনেল! বিশ্বকাপৰ নক আউটত ছামিৰ সৰ্বকালৰ শ্ৰেষ্ঠ বলিং; ভংগ গেৰীৰ ৪৮ বছৰীয়া অভিলেখ

তদুপৰি, ৰান লোৱাৰ আন এটা উপায়ো আছে। যাক ক্ৰিকেটৰ ভাষাত ‘চিংগল’ বুলি কোৱা হয়। নিয়ম অনুসৰি এই পদ্ধতিত কোনোমতে বেট-বল সংযোগ হ’লেই ৰান কৰিব পাৰি।

সাধাৰণতে বেটছমেনৰ প্ৰধান লক্ষ্য হ’ল বলটো বাউণ্ডেৰীৰ ফালে মাৰি পঠিওৱা। আৰু ফিল্ডাৰবোৰ খেলপথাৰৰ বিভিন্ন মূৰত সিঁচৰতি হৈ থাকে বলটো ৰখাবৰ বাবে। এবাৰ বলটো মাৰি ফিল্ডাৰে ক্ৰীজৰ ফালে বলটো নিক্ষেপ নকৰালৈকে বেটছমেনে ৰা লব পাৰে। এই ক্ষেত্ৰত ক্ৰীজৰ দুয়োফালে থকা বেটাৰ দুজনে দৌৰিব লাগে। এই মূৰৰ পৰা খেলুৱৈজনে আনটো মূৰত উপনীত হ’লে এটা ৰান পাব। এই ক্ষেত্ৰত সৰ্বোচ্চ ৰানৰ নিয়ম নাই।

বেটছমেনে যিমানেই বেছি ৰান লব পাৰিব সিমানেই বেছি ৰান হ’ব। কিন্তু খেলপথাৰখনতো আৰু ইমান ডাঙৰ নহয়, গতিকে ফিল্ডাৰে এবাৰ বলটো ধৰিলে ৰান পোৱাৰ সম্ভাৱনা কমি যায়। অৱশ্যে ততাতয়াকৈ দুই-তিনি ৰান প্ৰায়ে লোৱা দেখা যায়। কিন্তু অষ্ট্ৰেলিয়াৰ এণ্ড্ৰু চাইমণ্ডছে এবাৰ এনেদৰে ৮ ৰান লৈছিল। সেই ক্ষেত্ৰত অৱশ্যে চাইমণ্ডছে নিজেই চাৰি ৰান সংগ্ৰহ কৰিছিল আৰু বাকী চাৰিটা ৰান অভাৰ থ্ৰ’ৰ পৰা আহিছিল। গতিকে ইয়াকো যেনিবা মানি লব পাৰি। কিন্তু ইয়াৰে কোনোটোৱেই এটা বলত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ নহয়। ক্ৰিকেটৰ ইতিহাসত এটা বলত ২৮৬ ৰান লোৱাৰ ঘটনাও ঘটিছে।

লগতে পঢ়কঃ শচীনৰ বিৰাট-বন্দনা! প্ৰথম দৰ্শনত ভৰি চুইছিল, হাঁহি ৰখাব পৰা নাছিলো; একেবাৰে অন্তৰ চুই গ’ল

ব্ৰিটিছ কাকত “পল মল গেজেট”ৰ প্ৰতিবেদন অনুসৰি এই আচৰিত কাণ্ড সংঘটিত হৈছিল ১৮৯৪ চনৰ ১৫ জানুৱাৰীত। সেইদিনা দক্ষিণ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল খেলখন। মেচখনত ভিক্টোৰিয়া একাদশ স্ক্ৰেচ একাদশৰ মুখামুখি হয়। আৰু এই অনন্য নজিৰ গঢ়ি তুলিছিল স্ক্ৰেচ একাদশৰ বেটছমেনে।

সেইদিনা ভিক্টোৰিয়াই প্ৰথমতে বলিং কৰে। স্ক্ৰেচ একাদশৰ এজন বেটছমেনে  প্ৰথমটো বলেই খেলপথাৰত থকা এডাল গছৰ ওপৰত গৈ পৰে। লগে লগে বিপক্ষৰ ফিল্ডাৰসকলে বলটো তললৈ নমাই আনিবলৈ লৰালৰি কৰে। ইফালে স্ক্ৰেচ এলেভেনৰ বেটছমেন দুজনে ৰান লবলৈ ধৰিলে। সেই বেটাৰ দুজনে এটা দুটাকৈ ৰান লৈয়েই থাকে। ইফালে বলটো একেবাৰে নমাব পৰা নাই।

উপায় বিচাৰি নাপাই ফিল্ডাৰসকলে বল হেৰুৱাৰ অভিযোগ কৰে। নিয়ম অনুসৰি যদি এনেকুৱা হয় তেন্তে দৌৰি ৰান লোৱাৰ কোনো উপায় নাথাকে। কিন্তু সেইদিনাৰ খেলখনত বল হেৰুৱাৰ অভিযোগ মানি লোৱা নহ’ল। কাৰণ বলটো ওপৰত আবদ্ধ হৈ থাকিলেও স্পষ্টকৈ দেখা গৈছিল।

লগতে পঢ়কঃ ১৯ৰ দুঃস্বপ্নৰ অৱসান! ছামি স্ফুলিংগত দিশহাৰা কিৱি, ফাইনেলত ‘অজেয়’ ভাৰত

জনা যায় যে ওপৰৰ ডালত লাগি ধৰা বলটো পাৰি আনিবলৈ গছ কাটিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু তাতো সমস্যা এটা আহিল। কাটিবলৈ কুঠাৰ পোৱা নগ’ল।  আনহাতে স্ক্ৰেচ বেটছমেনসকলে ৰান লৈয়েই আছে। অৱশেষত গছৰ পৰা বলটো গুলীয়াই তললৈ নমাই অনা হয়। কিন্তু তেতিয়ালৈকে কি ঘটিল?

দেখা যায় যে বেটছমেন দুগৰাকীয়ে দৌৰিয়েই ২৮৬ ৰান সংগ্ৰহ কৰিছে। সেইটো দেখি ভিক্টোৰিয়াই স্বেচ্ছাই পৰাজয় মানি লয় । ক্ৰিকেটৰ ইতিহাসত এনে ঘটনা বিৰল বুলি ক’লেও ভুল নহয়। কিন্তু সেই প্ৰতিবেদনৰ বাহিৰেও ইয়াৰ আৰু আন কোনো তথ্য প্ৰমাণ নাই। গতিকে বহুতে এই ঘটনাক বিশ্বাস কৰিব নিবিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd