• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ পৰা খালিস্তানী উগ্ৰপন্থী পান্নুনক ‘হত্যাৰ ষড়যন্ত্ৰ’ ভাৰতীয় চৰকাৰী কৰ্মচাৰীৰ! আমেৰিকাৰ দাবীক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2023 9:13 am
খালিস্তানী উগ্ৰপন্থী গুৰপন্তৱন্ত সিং পান্নুন। ফটোঃ সংগ্ৰহীত।

খালিস্তানী উগ্ৰপন্থী গুৰপন্তৱন্ত সিং পান্নুন। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালিস্তানী উগ্ৰপন্থীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা এজন ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাই গোচৰ ৰুজু কৰিছে। খালিস্তানী উগ্ৰপন্থী গুৰপন্তৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰা হৈছিল বুলি বুধবাৰে মানহাটানস্থিত আমেৰিকাৰ এটৰ্নী কাৰ্যালয়ে দাবী কৰে। আৰু সেই ঘটনাত নিখিল গুপ্তা (৫২) নামৰ এজন ভাৰতীয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। তেওঁৰ বিৰুদ্ধে ‘হত্যাৰ বাবে দায়িত্ব দিয়া’ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ভাৰত চৰকাৰৰ কোনো এটা এজেন্সীৰ এজন কৰ্মচাৰীৰ নিৰ্দেশত তেওঁ এই কাম কৰা বুলি দাবী কৰে আমেৰিকাৰ এটৰ্নী অফিচে। কিন্তু যিজন ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। আমেৰিকাৰ এটৰ্নী অফিচে দাবী কৰিছে যে ৩০ জুনত (ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৱাশ্বিংটন ভ্ৰমণৰ এসপ্তাহৰ পিছত) নিখিলক চেক গণৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৰ্তমানলৈ কোনো মন্তব্য কৰা নাই।

এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বক্তব্য কি হ’ব সেয়া অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। কাৰণ আমেৰিকাৰ এটৰ্নী অফিচে দাবী কৰা মতে নিখিল ভাৰতত বাস কৰিছিল। চলিত বৰ্ষৰ মে’ মাহলৈকে তেওঁক নিউয়ৰ্ক চহৰত ‘আমেৰিকান নাগৰিক’ আৰু খালিস্তানী উগ্ৰপন্থী পান্নুনক হত্যা কৰিবলৈ ভাৰত চৰকাৰৰ এজন কৰ্মচাৰীয়ে নিযুক্তি দিছিল। যিয়ে নিজকে ছিনিয়ৰ ফিল্ড অফিচাৰ হিচাপে পৰিচয় দিছিল।

Apply Now

লগতে পঢ়কঃ চতুৰ্থবাৰৰ বাবে সুৰংগত বন্দী; দম বন্ধ হ’ব খোজা আন্ধাৰত ১৭ দিন বাকী ৪০জনক উজ্জীৱিত কৰি ৰাখিছিল গব্বৰে

তেওঁ নিৰাপত্তা আৰু চোৰাংচোৱাৰ বিষয়ত কাম কৰা বুলি দাবী কৰিছিল। তেওঁ চি আৰ পি এফতো কাম কৰা বুলি দাবী কৰে। বিষয়াজনে হেনো ‘অফিচাৰ ট্ৰেইনিং’, যুদ্ধৰ কৌশল আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল। আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে দাবী কৰিছে যে তেওঁৱেই ভাৰতৰ পৰা পান্নুনৰ হত্যাৰ চক্ৰান্তৰ নিৰ্দেশ দিছিল।

মানহাটানত থকা আমেৰিকাৰ এটৰ্নী অফিচৰ তথ্য অনুসৰি ভাৰত চৰকাৰৰ কৰ্মচাৰীগৰাকীৰ নিৰ্দেশ অনুসৰি খালিস্তানী উগ্ৰপন্থী পান্নুনক হত্যা কৰিবলৈ ‘আততায়ী’ বিচাৰি এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিছিল নিখিলে। যিজন আচলতে আমেৰিকাৰ নাৰ্কটিকছ বিভাগৰ ‘আণ্ডাৰ কভাৰ এজেণ্ট’ আছিল। সচৰাচৰৰ দৰেই ব্যক্তিজনে নিজৰ পৰিচয় গোপনে ৰাখি নিখিলক এজন ‘আততায়ী’ৰ লগত চিনাকি কৰাই দিছিল। সেই ‘আততায়ী’জন আচলতে আছিল আমেৰিকাৰ এজন ‘আণ্ডাৰ কভাৰ এজেণ্ট’।

খালিস্তানী উগ্ৰপন্থীজনক হত্যাৰ বাবে এক লাখ ডলাৰৰ উৎকোচ দিয়া বুলি দাবী কৰিছে এটৰ্নী কাৰ্যালয়ে। ৯ জুনৰ আশে-পাশে এজন ব্যক্তিকো অগ্ৰিম হিচাপে ‘আততায়ী’ জনক ১৫ হাজাৰ মাৰ্কিন ডলাৰ দিবলৈ যোগাৰ কৰা হৈছিল। মানহাটানত থকা ‘আততায়ী’ৰ হাতত এই ধন গতাই দিয়ে লোকজনে। ইফালে ভাৰত চৰকাৰৰ কৰ্মচাৰীজনে পান্নুনৰ ব্যক্তিগত তথ্য, নিউয়ৰ্কৰ ঘৰৰ ঠিকনা, খালিস্তানী উগ্ৰপন্থীৰ দৈনন্দিন কাম-কাজ আদি প্ৰদান কৰে। যিয়ে পান্নুনক সোনকালে হত্যা কৰিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে এটৰ্নীৰ কাৰ্যালয়ে এক বিবৃতিত দাবী কৰিছে যে ভাৰত চৰকাৰ আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে বৈঠকত মিলিত হ’বলগীয়া সপ্তাহটো পাৰ হৈ যাব দিবলৈ নিৰ্দেশ দিছিল।

লগতে পঢ়কঃজঘন্য! যুৱকৰ সৈতে নৃত্য কৰাৰ বাবেই কিশোৰীৰ প্ৰাণ ল’লে নিজ পৰিয়ালে

বিবৃতিটোত কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডৰ কথাও উল্লেখ কৰা হৈছে। আমেৰিকাৰ এটৰ্নী অফিচে দাবী কৰিছে যে নিজ্জৰ হত্যাৰ পিছদিনা নিখিলে ‘আততায়ী’জনক কৈছিল যে খালিস্তানী উগ্ৰপন্থীজনো তেওঁলোকৰ ‘লক্ষ্য’। নিখিলে কৈছিল যে ‘আমাৰ বহুত টাৰ্গেট আছে।’ নিখিলে নিৰ্দেশ দিছিল যে নিজ্জৰৰ হত্যাকাণ্ডৰ বাবে ‘আততায়ী’ যেন ৰৈ নাথাকে। নিখিল পান্নুনৰ বিষয়ে সংবাদ মাধ্যমৰ প্ৰতিবেদন প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ কৰ্মচাৰীগৰাকীয়ে কৈছিল যে ‘এইটো অগ্ৰাধিকাৰ দিব লাগিব’।

Justice Department Announces Charges in Connection with Foiled Plot to Assassinate U.S. Citizen in New York City

Indian Government Employee Directed a Plot from India to Murder U.S.-Based Leader of Sikh Separatist Movementhttps://t.co/v1IDJXy46P pic.twitter.com/dxDmarrjH4

— National Security Division, U.S. Dept of Justice (@DOJNatSec) November 29, 2023

এসপ্তাহ পূৰ্বে সূত্ৰৰ উদ্ধৃতি দি দ্য ফাইনেন্সিয়েল টাইমছে প্ৰকাশ কৰিছিল যে আমেৰিকাত খালিস্তানী উগ্ৰপন্থীক হত্যা কৰাৰ চেষ্টা আমেৰিকা প্ৰশাসনে বন্ধ কৰি দিছে। ভাৰত চৰকাৰকো এই সন্দৰ্ভত সকীয়াই দিয়া হৈছিল। সেই সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে নিৰাপত্তা বিষয়ত ভাৰত-আমেৰিকাৰ বৈঠকৰ সময়ত আমেৰিকাই সংগঠিত অপৰাধী, বন্দুকধাৰী, উগ্ৰপন্থী আদিৰ কিছু তথ্য নতুন দিল্লীৰ সৈতে ভাগ-বতৰা কৰিছিল। এই তথ্য দুয়োখন দেশৰ বাবে চিন্তনীয়। কিন্তু ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত পান্নুন বা খালিস্তানক লৈ কোনো উল্লেখ কৰা হোৱা নাছিল।

লগতে পঢ়কঃপৰস্ত্ৰীলৈ চকু কিয়! খঙতে ৰেবিজৰ বেজীৰে প্ৰেমিকৰ চকু ফুটালে মহিলাই

সেই ভিত্তিত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে বুধবাৰে কয় যে আমেৰিকাই প্ৰদান কৰা তথ্যৰ ওপৰত চকু ৰাখিবলৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। কিন্তু তাতো তেওঁ আমেৰিকাই কি তথ্য দিছে সেই কথা কোৱা নাছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে পান্নুন বা খালিস্তান সম্পৰ্কেও কোনো কথা উল্লেখ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd