• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামিল চলচ্চিত্ৰ আৰু ৰাজনীতিৰ অবিসম্বাদী তাৰকা বিজয়কান্তৰ দেহাৱসান; আক্ৰান্ত হৈছিল কোভিডত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 28, 2023 12:10 pm
তামিল চলচ্চিত্ৰ তথা ৰাজনীতিৰ পুৰোধা বিজয়কান্ত। ফাইল ফটোঃ সংগ্ৰহীত।

তামিল চলচ্চিত্ৰ তথা ৰাজনীতিৰ পুৰোধা বিজয়কান্ত। ফাইল ফটোঃ সংগ্ৰহীত।

5.6k
VIEWS
Share on FacebookShare on Twitter

তামিল অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। কোভিড আক্ৰান্ত হোৱাৰ বাবে তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তামিল চলচ্চিত্ৰ জগতৰ এসময়ৰ তাৰকাগৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক ‘ভেন্টিলেটৰ চাপৰ্ট চিষ্টেম’লৈ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে পুৱা সেই চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত ডিএমডিকেৰ প্ৰতিষ্ঠাপকজনৰ মৃত্যু হয়।

অনুৰাগীসকলৰ মাজত বিজয়কান্ত ‘কেপ্তেইন’ হিচাপে পৰিচিত। ইয়াৰ পূৰ্বে যোৱা নৱেম্বৰ মাহত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। পিছত সুস্থ হৈ ঘৰলৈ উভতি আহে। কিন্তু এইবাৰ কোভিড আৰু নিউমোনিয়াত পৰাস্ত হ’ল তামিল জগতৰ কেপ্টেইন।

লগতে পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনা! ড্ৰাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষত জ্বলি উঠিল বাছ; ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৩ জন যাত্ৰীৰ

চেলুলয়ডত তেওঁৰ জনপ্ৰিয়তা দেখি তামিলনাডুৰ চলচ্চিত্ৰ জগতখনে নব্বৈৰ দশকৰ আৰম্ভণিতে বিজয়কান্তক প্ৰয়াত মুখ্যমন্ত্ৰী তথা এডিএমকেৰ প্ৰতিষ্ঠাপক এম জি ৰামচন্দ্ৰনৰ সৈতে তুলনা কৰিছিল। নাম দিয়া হৈছিল ‘শ্যামলা এম জি আৰ’। তেওঁ ১৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

ডি এম কে আৰু এ ডি এম কেক ‘দুটা মেৰু’ত বিভক্ত কৰা দ্ৰাবিড় ৰাজনীতিত বিজয়কান্তই সফলতাৰে তৃতীয় ‘মেৰু’ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনত নতুন দল ডি এম ডি কে গঠন কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত ডিএমডিকে মাত্ৰ ১খন আসন লাভ কৰাৰ পিছতো ৮ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল।

Extremely saddened by the passing away of Thiru Vijayakanth Ji. A legend of the Tamil film world, his charismatic performances captured the hearts of millions. As a political leader, he was deeply committed to public service, leaving a lasting impact on Tamil Nadu’s political… pic.twitter.com/di0ZUfUVWo

— Narendra Modi (@narendramodi) December 28, 2023

২০১১ চনত ডিএমডিকে-ই এডিএমকে নেত্ৰী জয়াললিতাৰে হাত মিলাই ২৯খন আসন লাভ কৰিছিল। কল্লাকুৰিচি জিলাৰ ঋষিবন্দ্যম সমষ্টিত বিজয়কান্ত জয়ী হয়। ইয়াৰ পিছত জয়াললিতাৰ সৈতে মিত্ৰতা ভংগ কৰাৰ বাবে বিজয়কান্ত বিধানসভাত বিৰোধী দলৰ নেতা হয়। সূত্ৰ অনুসৰি, সেই সময়ত “আম্মা”ই উপ-মুখ্যমন্ত্ৰী পদ দিবলৈ সন্মত নোহোৱাত “কেপ্তেইন”য়ে মিত্ৰতা ভংগ কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়কান্তই বিজেপি আৰু কিছুমান সৰু সৰু দলৰ সৈতে মিত্ৰতা কৰিছিল। সেই নির্বাচনত কৰুণানিধিৰ ডি এম কেক পিছ পেলাই তামিলনাডুত জয়ললিতাৰ প্রধান প্রতিদ্বন্দ্বী হৈ উঠিছিল ‘কেপ্তেইন’ৰ মিত্রজোঁট৷

Deeply saddened by the demise of DMDK founder, Thiru Vijayakanth ji.

His contributions to cinema and politics have left an indelible mark on the hearts of millions. My heartfelt condolences to his family and fans during this difficult time.

— Rahul Gandhi (@RahulGandhi) December 28, 2023

কিন্তু তাৰ পিছত বিজয়কান্তই বিজেপি এৰি পত্নী প্ৰেমলতাৰ ‘পৰামৰ্শ’ত বাওঁপন্থীৰ সৈতে হাত মিলাইছিল বুলি তেওঁৰ অনুগামীসকলে দাবী কৰে। সেই ভোটত ডিএমডিকে বিধ্বস্ত হৈছিল। প্ৰতিষ্ঠাপককে ধৰি দলৰ সকলো প্ৰাৰ্থী পৰাজিত হয়। ভোটাৰৰ ভোটদানৰ হাৰ ডেৰ-দুই শতাংশলৈ হ্ৰাস পায়। তাৰ পিছত চেষ্টা কৰিও ‘শ্যামলা এম জি আৰ’ তামিল ৰাজনীতিৰ মূলসুঁতিলৈ আৰু ঘূৰি আহিব নোৱাৰিলে।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd