• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

প্ৰাসংগিক প্ৰশ্ন : আলোচনীপন্থী আলফাৰ লগত চৰকাৰৰ চুক্তি- এক কৰুণ পৰিসমাপ্তি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 4, 2024 7:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলোচনা পন্থী আলফাৰ লগত চৰকাৰে চুক্তি কৰাটো এটা হাঁহি উঠা কথা। আলোচনা পন্থী আলফাৰ নেতৃত্বই এনে কথা শুনিলে বেজাৰ পাব।ইমান কষ্ট আৰু ত্যাগৰ বিনিময়ত মানুহৰ পুতৈৰ পাত্ৰ হ’লে কোনো ভালপাব? কিন্তু, নিৰ্মম হ’লেও বাস্তৱক আমি মানি ল’বই লাগিব।

আলফা পৰিঘটনাটোৰ মূলতঃ চাৰিটা পৰ্যায়-

Apply Now

১)আৰম্ভণিৰ আলফা

২) আত্মসমাৰ্পণকাৰী আলফা মানে চালফা

৩) আলোচনা পন্থী আলফা আৰু

৪) এতিয়াও আলফা, যিটো পৰেশ বৰুৱা পন্থী।

আলফাৰ শক্তি যেতিয়া শীৰ্ষত আছিল তেতিয়াও আমি আলফাৰ পথটো ভুল বুলি কৈছিলোঁ। আমি মানে অসম গণতান্ত্ৰিক নাগৰিক অভিবৰ্তন প্ৰস্তুতি সমিতিয়ে। এই উদ্যোগটোৰ মূল মানুহ আছিল ডঃ হীৰেন গোহাঁই আৰু মই। আমাৰ লগত সেই সময়ত অসমৰ সাহিত্য,সংস্কৃতি,শিক্ষা আৰু বৈদ্ধিক জগতৰ, বিশেষকৈ গুৱাহাটীত থকা প্ৰায় আটাইখিনি মানুহ আৰু বহু যুৱক-যুৱতী জড়িত হৈ আছিল।

আজিৰ পৰা ৩৪ বছৰ আগতে আমিও চফল ডেকাই আছিলোঁ। সেই শংকিত সময়ত, মানুহে কিন্তু, আলফা শব্দটো উচ্চাৰণ কৰিবলৈয়ে ভয় খাইছিল। সকলোৱে আলফাক ‘সংগঠন’ বুলিহে কৈছিল।আজি যেনেকৈ চাৰিওফালে বিজেপিৰ জয়ধ্বনি,তেতিয়া তেনেকৈ আকাশে বতাহে আলফাৰ জয়ধ্বনি। কেৱল অঘোষিত, অনানুষ্ঠানিক। অঘোষিত আৰু অনানুষ্ঠানিক কাৰণে সি বেছি প্ৰভাৱশীলহে আছিল।

সেই সময়ত অৰ্থাৎ ১৯৯০ চনৰ অক্টোৱৰ মাহত অসমৰ ৰাজনৈতিক পৰিবেশ সম্পৰ্কে আমি কি কৈছিলোঁ -“সমগ্ৰ অসম আজি এক সৰ্বগ্ৰাসী সংকটত নিমজ্জিত। ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ বুলি খ্যাত অসমৰ বাৰে-বৰণীয়া সমাজখন সম্প্ৰতি প্ৰায় থানবান হোৱাৰ উপক্ৰম। গোষ্ঠী সংঘৰ্ষ,সাম্প্ৰদায়িক অশান্তি আৰু ভাষিক আৰু ধৰ্মীয় বিদ্বেষত অসমৰ সমাজিক জীৱন সম্পূৰ্ণ বিপৰ্যস্ত। এই অস্থিৰতা আৰু উত্তেজনাৰ পৰা নিঃসৃত হৈছে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী প্ৰৱণতাসমূহ। মৃত্যু আৰু হত্যা হৈ পৰিছে প্ৰত্যহিক ঘটনা। কেউদিশে হিংসা আৰু দ্বেষৰ এক জয়াল পৰিৱেশ। কেতিয়া ক’ত বোমা ফুটে, কাৰ দ্বাৰা কোন অপহৃত হয়, গুলীবিদ্ধ হয় তাৰ একো ঠিকনা নাই। বৰ অস্বস্তিকৰ আৰু শ্বাসৰুদ্ধকাৰী এই পৰিৱেশ।”

কিন্তু তেতিয়া আমি আলফা সম্পৰ্কে কি কৈছিলোঁ? আমি আলফাক ফু মাৰি উৰাই দিয়া নাছিলোঁ। আমি কৈছিলোঁ- “এটা কথা ঠিক যে এনে অস্থিৰ এক অৱস্থা অসমত হঠাৎ ভূমিস্থ হোৱা নাই। ইয়াৰ কিছুমান গুৰুতৰ আৰ্থ-সামাজিক আদি কাৰণ আছে। বিক্ষোভ বিস্ফোৰণৰ বৰ্শামুখ যিফালেই নিৰ্দ্ধাৰিত নহওক লাগে, ইয়াৰ বস্তুগত ভিত্তিক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি আৰু ই এটা কথা প্ৰমাণ কৰিছে যে স্বাধীনতাৰ প্ৰায় ৪০ বছৰৰ পিছতো নিৰ্বাচিত চৰকাৰসমূহে এই অঞ্চলৰ জনসাধাৰণৰ মৌলিক সমস্যা সমূহ সমাধান কৰিব পৰা নাই। উন্নয়নমূলক কাম-কাজ অঞ্চলটোত যথেষ্ট পৰিমাণে হোৱা নাই আৰু ই জনসাধাৰণক স্পৰ্শ কৰিব পৰা নাই। এইখিনিতে বৰ্তমানৰ অস্থিৰতা আৰু উত্তেজনা খুব সাধাৰণভাবে বোধহয় দুটা ভাগত চিহ্নিত কৰিব পাৰি। এই ভাগ দুটাৰ এটা হৈছে ভাৰতীয় কেন্দ্ৰ আৰু অসমৰ মাজৰ দ্বন্দ্ব আৰু আনটো হৈছে অসমীয়া ঘাইসূতি আৰু অন্যান্য জনগোষ্ঠীৰ মাজৰ দ্বন্দ্ব।ভাৰতীয় কেন্দ্ৰ আৰু অসমৰ মাজৰ দ্বন্দ্বৰ ক্ষেত্ৰত এটা কথা প্ৰায় বিতৰ্কাতীত যে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ণৰ কাৰণে কেন্দ্ৰই( কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰতিনিধিত্ব থকা সত্বেও) ইমানদিনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ঠিক এই কথাটো অসমীয় ঘাইসূঁতি আৰু অন্যান্য জনগোষ্ঠী সমূহৰ মাজৰ দ্বন্দ্বৰ ক্ষেত্ৰতো কম বেছি পৰিমাণে সঁচা।গতিকে জনসাধাৰণৰ ন্যায়নিষ্ঠ ক্ষোভক অস্বীকাৰ কৰাৰ প্ৰশ্ন নুঠে। কিন্তু, এই ক্ষোভক কেন্দ্ৰ কৰি সম্প্ৰতি যিবোৰ প্ৰৱনতা গা কৰি উঠিছে তাত এফালেদি আছে প্ৰকৃতাৰ্থত অসমৰ উন্নতি বিচৰা অথচ বাস্তৱসন্মত আৰু সুস্পষ্ট নীতি আদৰ্শৰ অভাৱত ভুল পথে পৰিচালিত হোৱা এচাম সদিচ্ছাশীল ব্যক্তি আৰু আনফালেদি আছে প্ৰভূত পৰিমাণে প্ৰৰোচনা,সংকীৰ্ণ দলীয় স্বাৰ্থ, ব্যক্তিগত দুৰ্নীতি আৰু ক্ষমতাৰ যুঁজবাগৰৰ উপাদান।”

আলফাই চালফা ৰূপ পৰিগ্ৰহ কৰাৰ সময়তো অসমৰ চুকে-কোণে তেওঁলোকৰ উপদ্ৰৱৰ কথা সকলোৱে কৈছিল। আলফাৰ সমৰ্থক পৰাগ কুমাৰ দাসক কোনে মাৰিছিল? চালফাৰ কিছু সংখ্যক মৰহি গ’ল আৰু কিছু সংখ্যকে নানা অৰ্থকৰী কামত বৈধ, অবৈধভাবে বেছ টকা পইছা কৰিলে।কিন্তু, বিপ্লৱ, সমাজ পৰিবৰ্তনৰ কথা তেওঁলোকে পাহৰি গ’ল।

তাৰপিছত আহিল আলোচনা পন্থী সকলৰ পৰ্যায়টো। এসময়ত পৰেশ বৰুৱাৰ বাহিৰে সকলোৱে অসমলৈ ঘূৰি আহিল। ঠিক আছে, অসমৰ কথা ভাবি ভুলে/শুদ্ধই তেওঁলোকে সসস্ত্ৰ সংগ্ৰামৰ পথ লৈছিল। এতিয়া শান্তিপূৰ্ণ উপায়ে অসমৰ কাৰণে কিবা কৰা সম্ভৱনে? সেই বিষয়টো আলোচনা কৰিবলৈ তেওঁলোকে জাতীয় অভিবৰ্তন পাতিলে। ডঃ হীৰেন গোহাঁই, মামনি ৰয়চম গোস্বামী, হিৰণ্য কুমাৰ ভট্টাচাৰ্য, হৰেকৃষ্ণ ডেকা আৰু অন্যান্য সকল লগ হৈ তেওঁলোকক এখন দাবী চনদ তৈয়াৰ কৰি দিলে।

সময় বাগৰিল। ৰাজনৈতিক দৃশ্যপটত বিজেপিৰ আবিৰ্ভাৱ হ’ল। জাতীয় অভিৱৰ্তন উদ্দেশ্য ফুটুকাৰ ফেন হ’ল। এতিয়া সাধাৰণ নিৰ্বাচন আহিছে। বিজেপি হ’ল এটা ভোট পাৰ্টি। যি কোনো প্ৰকাৰে দুটা ভোট বেছিকৈ পালেও তেওঁলোকৰ লাভ। সেইকাৰণে চৰকাৰী আঁচনি অন্তৰ্ভুক্ত কৰি হওক, বা আন কিবা কৰিয়ে ঔ নমঃ শিৱায় কৰি কোন ৰকমে চুক্তি এখন কৰি থ’লে।

হায় ৰে ক’ৰ স্বাধীন অসম ক’লৈ গল! সেয়ে, এতিয়া, মানুহে আলোচনা পন্থী আলফাক নাহাঁহি কি কৰিব? ইফালে পৰেশ বৰুৱাইনো কি কৰি আছে? তেওঁ মাজে মাজে আক-তাক ফোন কৰে। সকলো অসাৰ হ’ল। আলফা কৰি পুলিচ, মিলিটাৰীৰ হাতত কিমান যুৱকৰ প্ৰাণ গ’ল? আলফাই কিমান মানুহ মাৰিলে? কাৰ ভুলৰ কাৰণে এই কৰুণ পৰিসমাপ্তি? কিন্তু, এইবোৰ কথা আমি যেন আমি আজিৰ পৰা ৩৪ বছৰ আগতে অনুমান কৰিব পাৰিছিলোঁ। আৰু বোধহয় সেইকাৰণে তেতিয়াই কৈছিলোঁ- “এই মুহূৰ্তত আমি এটা কথা ভালদৰে হৃদয়ংগম কৰিব পাৰিব লাগিব যে গোষ্ঠী বিদ্বেষ,  উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপে সমস্যা সমাধানত আমাক সহায় নকৰে। বৰং এফালে যেনেকৈ গোষ্ঠীবিদ্বেষে সাধাৰণ মানুহৰ মাজত ঐক্য বিনষ্ট কৰে ঠিক তেনেদৰে উগ্রপন্থী আৰু, সন্ত্ৰাসবাদী কার্যকলাপে ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ পথ প্রশস্ত কৰে আৰু মূৰকত গণতন্ত্রই ক্ষতিগ্রস্ত হয় আটাইতকৈ বেছি। সন্ত্রাসবাদী শক্তি সমূহৰ উত্থান আৰু ৰাষ্ট্ৰীয় সন্ত্রাসৰ ফলত পঞ্জাৱ আৰু কাশ্মীৰত কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই বিষয়ে আমি সকলোৱে জানো। পঞ্জাৱ আৰু কাশ্মীৰত মানুহৰ জীৱন আৰু জীৱন হৈ থকা নাই।গতিকে গোষ্ঠীগত সংঘৰ্ষ আৰু, সন্ত্ৰাসবাদী কার্যকলাপ বন্ধ কৰি মুকলি মত বিনিময় আৰু বস্তুনিষ্ঠ বিতৰ্কৰ পথ প্রশস্ত কৰিবই লাগিব।”

এই অসম গণতান্ত্ৰিক নাগৰিক অভিবৰ্তন প্ৰস্তুতি সমিতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলৰ কেই গৰাকীমান আছিল- বিজয় চন্দ্ৰ ভাগৱতী, ইন্দিৰা মিৰি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, লক্ষাধৰ চৌধুৰী, নৱকান্ত বৰুৱা, বিনয়ভূষণ চৌধুৰী, মেদিনী চৌধুৰী, যোগেশ দাস,ৰেৱতী মোহন দত্ত চৌধৰী, উমা কান্ত শর্মা, নলিনীধৰ ভট্টচাৰ্য,আশ্ৰফ আলী পৰমেশ্বৰ শৰ্মা, শোভা বহ্ম, নীলমণি ফুকন, ৰবীন্দ্ৰনাথ বৰুৱা, ডঃ হীৰেন গোহাঁই,চন্দ্র প্রসাদ শইকীয়, প্রীতি বৰুৱা, ৰাধিকা মোহন ভাগৱতী, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অৰুণ শর্মা, প্রফল্ল বৰুৱা, অজিত কুমাৰ শর্মা, তিলক হাজৰিকা, নৰেশ বাজখোরা, ডঃ মুকুনদ মাধব শর্মা, কেশৱ মহন্ত, ডঃ বীৰেন্দ্ৰ নাথ দত্ত, আবুল লেইচ, ডঃ গোবিন্দ প্রসাদ শর্মা, ডঃ কুলেন্দ, পাঠক, অনিল ৰায় চৌধুৰী, পোলেন বৰকটকী, তফজ্জুল আলি, দুর্গেশ্বৰ বৰঠাকুৰ, ডঃ চন্দ্ৰ শর্মা, ডঃ শিবনাথ বর্মণ,লক্ষ্মীনাথ পাংগিং,তীৰ্থ বৰকটকী,হীৰেন ভট্টচাৰ্য,ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰবৰ্তী, সমীৰ তাঁতী, শৈলেন মেধী, পুলক লাহিৰী,অমৰ জ্যোতি ঢৌধূৰী, প্রদীপ আচর্য, উদয়াদিত্য ভৰালী, ভূপেন সিং আদি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd