• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাঞ্চল্য! ভূপালৰ অবৈধ আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ ২৬ গৰাকী কিশোৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 5:38 pm
Madhya Pradesh
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ভূপালস্থিত অবৈধভাৱে পৰিচালিত এক আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ হৈছে ২৬ গৰাকীকৈ কিশোৰী। এই ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যখন।

প্ৰকাশিত খবৰ অনুসৰি, নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছৰ অধ্যক্ষ প্ৰিয়াংক কানুংগোৱে আঁচল গাৰ্লছ হোষ্টেল নামৰ এই আশ্ৰয় গৃহটোত আকস্মিকভাৱে ভ্ৰমণ কৰিছিল।

Apply Now

তেওঁৰ এই ভ্ৰমণতে পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য। আশ্ৰয় গৃহৰ ৰেজিষ্টাৰত ৬৮ গৰাকী কিশোৰীৰ বিষয়ে উল্লেখ থকাৰ পিছতো ২৬ গৰাকী নিৰুদ্দিষ্ট বুলি ধৰা পেলায় প্ৰিয়াংক কানুংগোৱে।

আশ্ৰয় গৃহৰ পৰিচালক অনিল মেথিউক নিৰুদ্দিষ্ট কিশোৰীকেইগৰাকীৰ সন্দৰ্ভত সোধা-পোছা কৰা হয় যদিও তেওঁৰ পৰা কোনো স্পষ্ট লাভ নকৰাত সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰে।

কানুংগোৱে এক টুইটযোগে উল্লেখ কৰা মতে এজন মিছনেৰীয়ে কিছু শিশুক ৰাজপথৰ পৰা উদ্ধাৰ কৰি কোনো অনুজ্ঞাপত্ৰ অবিহনে আশ্ৰয় গৃহটো পৰিচালনা কৰি আছে।

উদ্ধাৰ কৰা শিশুসকলক গোপনে খ্ৰীষ্টান ধৰ্ম পালন কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই গোচৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে বুলি তেওঁ লগতে সদৰী কৰে।

নিৰুদ্দিষ্ট কিশোৰীকেইগৰাকীৰ ভিতৰত গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আদি ৰাজ্যৰ লগতে মধ্যপ্ৰদেশৰ ছেহোৰ, ৰাইজেন, ছিণ্ডৱাৰা আৰু বালাঘাট অঞ্চলৰো আছিল বুলি জানিব পৰা গৈছে।

ইফালে আশ্ৰয় গৃ্হটোত কোনো চিচিটিভি কেমেৰা নাছিল বুলিও পোহৰলৈ আহিছে। আনহাতে নিয়ম উলংঘা কৰি দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীৰ বাহিৰেও নিশা দুজন পুৰুষ চকীদাৰ আশ্ৰয় গৃহটোত থকা বুলিও জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে জাননী। ইফালে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহানে ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে।

বিষয়টোৰ গুৰুত্ব আৰু সংবেদনশীলতাক বিবেচনা কৰি ৰাজ্য চৰকাৰক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা সজ্জন সিং বাৰ্মাই ঘটনা সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। এই ঘটনাক তেওঁ চৰম লজ্জাজনক আখ্যা দিয়ে।

বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰে আৰু তেওঁলোকৰ নাকৰ তলত ধৰ্মান্তৰকৰণৰ সমান্তৰালকৈ মানৱ সৰবৰাহ আৰু বহু অনৈতিক কাম-কাজ চলি আছে বুলি তীৰ্যক সমালোচিনা কৰে সজ্জন সিং বাৰ্মাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd