• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ কোটিৰ প্ৰলোভন, আপৰ বিধায়ক ক্ৰয় কৰি দিল্লী চৰকাৰ ভঙাৰ চেষ্টা বিজেপিৰ! অভিযোগ কেজৰিৱালৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 27, 2024 12:49 pm
দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে। কেজৰিৰ দাবী যে দিল্লীত চৰকাৰ ভঙাৰ বাবে আপৰ নেতাসকলক টকাৰ লোভ দেখুৱাইছে বিজেপিয়ে।

কেজৰিৱালে অভিযোগ কৰে যে বিজেপিয়ে কমেও ৭ জন আপ বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল। প্ৰত্যেককে ২৫ কোটি টকাৰ প্ৰলোভন দিয়া হৈছিল।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দি আপৰ বিধায়কক ক্ৰয় কৰাৰ প্ৰয়াস কৰা হৈছে বুলি ছ’চিয়েল মিডিয়াত কেজৰিৱালে প্ৰকাশ কৰিছে।

Apply Now

লগতে পঢ়কঃ আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

পোষ্টটোত কোৱা হৈছে, “শেহতীয়াকৈ তেওঁলোকে (বিজেপি) আমাৰ সাতজন বিধায়কৰ সৈতে যোগাযোগ কৰিছিল। কৈছিল যে কেজৰিৱালক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। তাৰপিছত আমাৰ বিধায়কসকলক ভাঙি নিব। আপৰ ২১জন বিধায়কৰ সৈতে কথা পাতিছে বুলিও তেওঁলোকে কৈছিল। বাকীবোৰৰ লগতো কথা পাতিছে। তাৰ পিছত দিল্লীত আম আদমী চৰকাৰ ভাঙি পেলাব বুলি কৈছিল। বিজেপিলৈ অহাসকলক ২৫ কোটি টকা আৰু নিৰ্বাচনী টিকট দিয়া হ’ব।”

অৱশ্যে কেজৰিৱালে কয় যে যি সাতজন বিধায়কক এই প্ৰস্তাৱ দিয়া হৈছিল সেই আটাইকেইজন বিধায়কে এই প্ৰস্তাৱ নাকচ কৰে।

লগতে পঢ়কঃ ভাৰতীয় ক্ৰিকেটাৰৰ দখলত দ্ৰুততম ত্ৰিশতকৰ অভিলেখ! সন্মুখত লাৰাৰ অভিলেখ ভঙাৰ সুযোগ

কেজৰিৱালে কয়, `ইয়াৰ অৰ্থ হ’ল দিল্লীৰ চৰকাৰ ভাঙিবলৈকে মোক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছে। আবকাৰী দুৰ্নীতি নহয়।‘

पिछले दिनों इन्होंने हमारे दिल्ली के 7 MLAs को संपर्क कर कहा है – “कुछ दिन बाद केजरीवाल को गिरफ़्तार कर लेंगे। उसके बाद MLAs को तोड़ेंगे। 21 MLAs से बात हो गयी है। औरों से भी बात कर रहे हैं। उसके बाद दिल्ली में आम आदमी पार्टी की सरकार गिरा देंगे। आप भी आ जाओ। 25 करोड़ रुपये देंगे…

— Arvind Kejriwal (@ArvindKejriwal) January 27, 2024

তাৰ পিছত তেওঁ লগতে কয়, `বিজেপিয়ে বিগত ৯ বছৰে এই চেষ্টা কৰি আহিছে। কিন্তু সফল হোৱা নাই। ভগৱান আৰু দিল্লীৰ জনসাধাৰণ আপৰ লগত আছে। আমাৰ বিধায়কসকলো একত্ৰিত। সেইবাবেই এইবাৰো তেওঁলোক বিফল হ’ল।‘

কেজৰিৱালে কয় যে দিল্লীত হোৱা ভাল কামৰ বাবেই বিজেপিৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd