• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাকেশ পাল আমোলৰ দুৰ্নীতি এতিয়াও চলি আছে : প্রমাণ কৰিছে মার্কশ্বীট কেলেংকাৰিয়ে 

by
February 21, 2024 5:26 pm
594
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ দিনা ৮৪০জন অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি নিকা আৰু স্বচ্ছ নিযুক্তিৰ যিমানেই ঢাক-ঢোল নবজাওক কিয় সঁচা অৰ্থত যে অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ আমোলৰ দৰেই দুৰ্নীতি আৰু অনিয়ম চলি আছে সেই কথা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২২ৰ মাৰ্কশ্বীটেই প্রমাণিত কৰিছে।

এইবাৰ অসম লোকসেৱা আয়োগৰ মাৰ্কশ্বীটৰ অনিয়মেই পোহৰলৈ আনিছে বৃহৎ অনিয়ম আৰু কেলেংকাৰিৰ ছবি।।য’ত বাচনিভূক্ত এচামে সাধাৰণ অধ্যয়নৰ কাকতত অতি কম নম্বৰ (৩০%তকৈ তলত) পোৱা সত্বেও বিষয় ধৰ্মী ৰচনাৰ কাকতত ৯৫%-৯৮% পৰ্যন্ত এক অবিশ্বাস্য নম্বৰ লাভ কৰি বাচনিভূক্ত হৈছে। 

উল্লেখ্য যে সেইসকল প্ৰাৰ্থীয়ে আকৌ মৌখিক পৰীক্ষাতো লাভ কৰিছে অতি উচ্চ নম্বৰ। ইয়াৰ বিপৰীতে বহু মেধাৱী প্ৰাৰ্থীৰ পৰীক্ষাত বহাৰ পিছতো এখন কাকতৰ নম্বৰ মার্কশ্বীটৰ পৰা অন্তৰ্যান। 

বহুতে আকৌ সাধাৰণ অধ্যয়নত খুব ভাল নম্বৰ লাভ কৰাৰ পিছতো ৰচনাৰ কাকতত লাভ কৰিলে আশ্চৰ্যজনকভাৱে কম নম্বৰ।

উল্লেখ্য যে এই ধৰণৰ ঘটনা ৰাকেশ পালৰ আমোলত খুবেই সাধাৰণ আছিল আৰু এনে ধৰণৰ অদ্ভুত নম্বৰ লাভ কৰা বহু প্রাথী আনকি পৰবৰ্তীকালত গ্ৰেপ্তাৰো হৈছিল। 

গতিকে আয়োগৰ বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী ৰাকেশ পালৰ অন্য এক সংস্কৰণ বুলি অভিযোগ আহিছে। তদুপৰি এই একেজন ভাৰত ভূষণ দেৱচৌধুৰী ৰাকেশ পালৰ আমোলৰ ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত মুখ্য পৰীক্ষা নিয়ন্তক আছিল আৰু আনকি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগে তেখেতক জাননীও জাৰি কৰিছিল। 

উল্লেখ্য যে এই প্ৰতিবেদন ন্যায়িক আয়োগে বিগত নবেম্বৰ মাহতেই চৰকাৰক দাখিল কৰিলে যদিও আজিলৈ প্রতিবেদন ৰাজহুৱা কৰা নাই। আয়োগৰ বৰ্তমানৰ পৰীক্ষা নিয়ন্তকজনো আয়োগৰ আন এক দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ তাৰাপ্রসাদ দাসৰ বাচনিভূক্ত বিষয়া বুবু-বাবা চলিছিল৷ ৰহস্যজনকভাৱে ১৭ জানুৱাৰীত ফলাফল দি আজিলৈকে এই সকল বিষয়ববীয়াই প্রকাশ নকৰিলে মূল পৰীক্ষাৰ কাট অফ নম্বৰ।

তদুপৰি তথ্য জনাৰ অধিকাৰ আইনক সম্পূৰ্ণ অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰাৰ্থীসকলক নিজৰ উত্তৰবহীখনো প্ৰদান কৰা নাই এপিএছচিয়ে৷ বেংকৰ জালিয়াতি আৰু এপিএছচিত দালালিৰ অভিযোগ থকা প্রাৰ্থীও বাচনিভূক্ত হৈছে আয়োগৰ পৰীক্ষাৰ এচিএছৰ শীৰ্ষ স্থানত। আয়োগৰ ভিতৰচৰাৰ একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ নামো শেহতীয়াকৈ পোহৰলৈ আহিছে।

গতিকে অসম চৰকাৰক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২২ৰ সকলো অনিয়ম আৰু কেলেংকাৰি সামৰি এক ন্যায়িক তদন্তৰ দাবী জনাইছে ডিৱাইএফআই-এ।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd