• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পুৰুষৰ দৰে বস্ত্ৰ’ পৰিধান কৰাটোৱে হৈ পৰিল অপৰাধ; ভুক্তভোগী পৰ্যটকক অসম আৰক্ষীৰ চৰম উপহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 3:36 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

এয়াই নেকি অসম আৰক্ষীৰ কৰ্মসংস্কৃতি? একাংশ অসম আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে পুনৰ লজ্জিত হৈ পৰিল অসমবাসী৷ অসম ভ্ৰমণত ব্যস্ত থকা এগৰাকী নেপালী মহিলা পৰ্যটকৰ সৈতে হোৱা কাণ্ডই পুনৰ উদঙালে অসমৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ৷

শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়নী চহৰত এক উন্মাদ লোকৰ দলে এগৰাকী মহিলা পৰ্যটকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মহিলাগৰাকীক দলটোৰ আক্ৰমণৰ উদ্দেশ্য আছিল কিয়নো তেওঁ “পুৰুষৰ দৰে” সাজ-পোছাক পিন্ধিছিল।

ছ’চিয়েল মিডিয়াৰ এটা ভিডিঅ’ত মহিলাগৰাকীয়ে এই ঘটনা শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে কেনেকৈ মহিলাগৰাকীক সাতজন ব্যক্তিসহিতে এগৰাকী মহিলাই কেবৰ পৰা বলপূৰ্বকভাৱে উলিয়াই আনি চুলি টানিবলৈ আৰু চাৰ্ট ফালিবলৈ লৈছিল আৰু বুকু উদঙাই দিছিল।

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

সেয়াই নহয়, ঘটনাৰ পাছত অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চপাৰ পাছত মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ আৰক্ষীৰ উপহাসৰহে সন্মুখীন হৈছিল।

পৰ্যটকগৰাকীৰ অভিযোগ অনুসৰি কোনো এজন আৰক্ষী বিষয়াই ভুক্তভোগীক সহায় আগবঢ়োৱা নাছিল, আৰু তাৰ পৰিৱৰ্তে মহিলাগৰাকী অধিক অপমানৰ সন্মুখীন হৈছিল। আনকি পৰ্যটকগৰাকীক লিংগ প্ৰমাণ কৰিবলৈ হেঁচা দিয়া হৈছিল বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে৷

ইতিমধ্যে এগৰাকী আক্ৰমণকাৰীক ববী চৌধুৰী বুলি চিনাক্ত কৰা হৈছে৷ পৰ্যটকগৰাকীয়ে নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি ন্যায়ৰ দাবী কৰে৷ লগতে নিজৰ স্বাধীনতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এনেবোৰ কাণ্ডৰ পুনৰাবৃত্তি যাতে নহয় তাৰ দাবী জনায়।

লগতে পঢ়কঃঅৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

পৰ্যটকগৰাকীৰ পোষ্টটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰা হৈছে বুলি অৱগত কৰিছে৷ ইতিমধ্যে তিতাবৰৰ এছডিপিঅ’ই উপযুক্ত আইনী ব্যৱস্থা নিশ্চিত কৰিবলৈ নিজেই তদন্তৰ তদাৰক কৰিছে।

Recent News

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd