• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কাক ভোট দিব?

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
April 19, 2024 12:27 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ এইবাৰৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। ভোট দিয়াটো ভোটাৰৰ অধিকাৰেই নহয়, ইয়াক কৰ্তব্য বুলিও গণ্য কৰিব লাগিব। ভোট দিয়াটো আইনৰ মতে বাধ্যতামূলক নহয়। কিন্তু প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰাটো সেই সমষ্টিৰ ভোটাৰসকলৰ সমূহীয়া দায়িত্ব। আৰু সেই দায়িত্বকেই প্ৰতিজন ভোটাৰে কৰ্তব্য হিচাবে লোৱা উচিত। সেয়ে ভোটাৰে বিচাৰ-বিবেচনা কৰিহে ভোট দিব লাগে। এই বিচাৰ-বিবেচনা কেনেকৈ কৰিব?

প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰোঁতে একোটা সমষ্টিৰ ভোটাৰে নিজৰ দৃষ্টিকোণ সমষ্টিৰ পৰা আঁতৰাই বহল দৃষ্টিকোণ লৈ দোধোৰ-মোধোৰত নপৰিলেও হ’ব। কাৰণ প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত হ’লে লোকসভাৰ মান উন্নত হ’ব। সমষ্টিৰ কাৰণে প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে যিবোৰ কথা বিবেচনালৈ অনা উচিত হ’ব, সেইবোৰ হ’ল, ১. সমষ্টিৰ সমস্যা আৰু প্ৰয়োজন সম্পৰ্কে প্ৰাৰ্থীৰ জ্ঞান কিমান? ২. তেওঁৰ সামাজিক ভাবমূৰ্তি কেনেকুৱা? ৩. তেওঁ সমষ্টিৰ সকলো অঞ্চল ভালকৈ চিনি পায়নে? ৪. জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰতি দৃষ্টি সমাননে? ৫. তেওঁৰ আয়ৰ উৎস সন্দেহৰ উৰ্দ্ধতনে? ৬. যদি আগতে নিৰ্বাচিত হোৱা প্ৰাৰ্থী হয়, তেন্তে পূৰ্বৰ কাৰ্যকালত সমষ্টিৰ প্ৰতি তেওঁৰ সেৱা সন্তোষজনক আছিলনে আৰু সমষ্টিৰ সমস্যা সমাধানৰ বাবে তেওঁ মাত মাতিছিলনে? ৭. লোকসভাৰ  মজিয়াত তেওঁৰ উপস্থিতি নিয়মীয়া আছিলনে? আৰু ভূমিকা সক্ৰিয় আছিলনে? ৮. যিটো দলৰ তেওঁ সদস্য সেই দলটোৰ প্ৰতি ভোটদাতাৰ আস্থা আছেনে? ৯. সমষ্টিৰ ৰাজহুৱা কামত তেওঁ নিয়মীয়াকৈ যোগদান কৰেনে? ১০. যদি তেওঁ আগৰবাৰৰ নিৰ্বাচিত প্ৰতিনিধি হয়, তেওঁ পোৱা চৰকাৰী অনুদান উপযুক্ত কামত পৰিকল্পিতভাৱে আৰু পক্ষপাতহীনভাৱে ব্যৱহাৰ হোৱাৰ ব্যৱস্থা কৰিছিলনে?

প্ৰাৰ্থীয়ে সাধাৰণতে একোটা দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। কেতিয়াবা কোনো প্ৰাৰ্থী নিৰ্দলীয়ও হয়। নিৰ্বাচনৰ পিছত শাসনভাৰ আটাইতকৈ সৰহ আসন পোৱা দলৰ ওপৰত ন্যস্ত হয়। যি দলৰ কাম-কাজ, ভাৱমূৰ্তিয়ে সৰহীয়া জনমানসক আকৰ্ষণ কৰি আস্থা অৰ্জন কৰিব পাৰে সেই দলেই শাসনভাৰ পায়। গতিকে প্ৰতিজন ভোটাৰে প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰাৰ উপৰিও সেই প্ৰাৰ্থীৰ দলটোৰ ভাৱমূৰ্তিও বিৱেচনা কৰিব লাগিব। দলৰ আদৰ্শৰ বিষয়ে ভোটাৰ সজাগ হোৱা দৰকাৰ। যি দলে সৰহ আসন লাভ কঁৰে পাঁচ বছৰলৈ সেই দলে শাসনভাৰ পায়। দলে সদনত গৰিষ্ঠ আসনৰ সমৰ্থন লাভ কৰিলেও সাংবিধানিক চাৰিসীমা অতিক্ৰম কৰি টোগলকী শাসন চলাব নোৱাৰে।

Apply Now

সংবিধানৰ নিৰ্দিষ্ট গণ্ডীক অতিক্ৰম কৰা শাসকৰ উচ্চাকাংক্ষা গণতন্ত্ৰৰ পৰিপন্থী। আমাৰ সংবিধান আমাৰ গণতন্ত্ৰৰ পৰিচালনাৰ বেদ। কিছুমানে এই সংবিধান সলোৱাৰ পৰিকল্পনাৰ ইংগিত খোলাখুলিকৈ দিব ধৰিছে। ইয়াক এক ষড়যন্ত্ৰ বুলি বিৱেচনা কৰা দৰকাৰ। আমাৰ গণতন্ত্ৰৰ মূল ভেটি সংবিধানক তাৰ মৌলিক গাঁথনিৰ পৰা খহাই নিয়াৰ গোপন পৰিকল্পনা যদি কাৰোবাৰ আছে, তেন্তে গণতন্ত্ৰৰ স্বাৰ্থতেই সেই পৰিকল্পনাত দৃঢ়তাৰে বাধা দিয়াৰ দায়িত্ব সমগ্ৰ দেশবাসীৰ। নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেদি যদি সংবিধান সলোৱাৰ কিবা পৰিকল্পনা কোনো মহলে কৰিছে, তেন্তে তেনে পৰিকল্পনা ৰাইজৰ দ্বাৰাই ব্যৰ্থ হ’ব লাগিব। যিহেতু এনে এটা পৰিকল্পনা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সুৰুঙাৰেও ঘটিব পাৰে, সেয়ে সজ্ঞান ভোটদানেৰে তাৰ সম্ভাৱনাক কলিতেই নষ্ট কৰিব লাগিব।

এনে এক পৰিৱেশত  চকু মুদি ই.ভি.এমৰ বুটাম নিটিপি বিচাৰ-বিবেচনা কৰিহে ভোটটো দিলে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ মজবুত হৈ ৰ’ব। ভোট দিয়াৰ সময়ত বিচাৰ-বিবেচনা নকৰাকৈ কেৱল প্ৰতিশ্ৰুতিৰ প্ৰলোভনত পৰি গণতান্ত্ৰিক দায়িত্বৰ কথা আমি পাহৰি যোৱা উচিত নহয়। ভোটাৰৰ ক্ষমতাৰ প্ৰকাশ সেই এবাৰেই ভোটদানৰ সময়ত ঘটে। স্বেচ্ছাচাৰিতাৰ সকলো সম্ভাৱনাক প্ৰতিহত কৰি ৰাইজৰ শক্তিক সাংবিধানিক নৈতিকতাৰ উপাদান কৰাৰ সুযোগো তেতিয়াই আহে।

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd