• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশলৈ উন্নীত ন্যায়াধীশ এছ পি খাউণ্ড আৰু মিতালী ঠাকুৰীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2024 9:42 am
ন্যায়াধীশ মিতালী ঠাকুৰীয়া (বাওঁফালে)   আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড (সোঁফালে) ।

ন্যায়াধীশ মিতালী ঠাকুৰীয়া (বাওঁফালে) আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড (সোঁফালে) ।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ আগবঢ়াইছে। ন্যায়াধীশ দুগৰাকী হৈছে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ২০১৭ চনৰ ২৬ অক্টোবৰৰ প্ৰস্তাৱৰ সৈতে সংগতি ৰাখি এই পৰামৰ্শৱলী মূল্যায়ন কৰে।

এটা চৰকাৰী প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ এখন সমিতিয়ে ন্যায়াধীশ খাউণ্ড আৰু ঠাকুৰীয়াই লিখা ৰায়দানসমূহ পৰ্যালোচনা কৰি সেইবোৰ যুক্তিযুক্ত, বাস্তৱিকভাৱে সঠিক আৰু প্ৰাসংগিক গোচৰৰ আইনসমূহৰ দ্বাৰা সমৰ্থিত বুলি বিবেচনা কৰে।

Apply Now

লগতে পঢ়কঃ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী

কমিটীয়ে কয়, “আমি দেখিবলৈ পাওঁ যে ন্যায়াধীশ শ্ৰীমতী সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ শ্ৰীমতী মিতালী ঠাকুৰীয়াই লিপিবদ্ধ কৰা ৰায়দানসমূহ সু-যুক্তিপূৰ্ণ, গোচৰৰ তথ্যৰ বিশ্লেষণ সন্নিবিষ্ট কৰা, আৰু উপযুক্ত গোচৰ আইনৰ দ্বাৰা সমৰ্থিত। আমি, সেয়েহে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কলেজিয়ামে আগবঢ়োৱা প্ৰস্তাৱত একমত আৰু ওপৰত উল্লেখ কৰা দুয়োগৰাকী ন্যায়াধীশকে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে বিবেচনা কৰাৰ যোগ্য বুলি মতামত দিওঁ।”

গুৱাহাটীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ মিতালী ঠাকুৰীয়াই ১৯৮৭ চনত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯২ চনত প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ আৰু এল এল বি সম্পূৰ্ণ কৰে। বাৰত নামভৰ্তি কৰাৰ পিছত মূলতঃ জিলা ন্যায়াধীশ আদালতৰ চৌহদৰ অসামৰিক আদালতত প্ৰেকটিছ কৰিছিল।

লগতে পঢ়কঃ পুৰীৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰৰ ‘জিভা পিছলিল’! জগন্নাথ-মোডীৰ বিতৰ্কিত মন্তব্যকলৈ সৰৱ বিৰোধী

তেওঁ ১৯৯৮ চনৰ মাৰ্চ মাহত ন্যায়িক সেৱাত যোগদান কৰি ২০১২ চনৰ ডিচেম্বৰ মাহত প্ৰথম শ্ৰেণীলৈ পদোন্নতি লাভ কৰি ২০২২ চনৰ ১৬ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত নোহোৱালৈকে কামৰূপ-মেট্ৰ’ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ জন্ম নামৰূপত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৮৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

খাউণ্ডে ১৯৮৯ চনত গৌহাটী বিশ্ববিদ্যালয় (চৰকাৰী আইন মহাবিদ্যালয়)ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰি ১৯৯১ চনৰ ১২ মাৰ্চত অধিবক্তা হিচাপে নামভৰ্তি কৰে।

লগতে পঢ়কঃ বিদ্যুৎ বিভাগৰ গাফিলতি : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালৰ

১৯৯৫ চনৰ ২৭ জুলাইত তৃতীয় শ্ৰেণীৰ বিষয়া হিচাপে অসম ন্যায়িক সেৱাত যোগদান কৰা খাউণ্ডে ২০০৬ চনৰ ২৯ নৱেম্বৰত দ্বিতীয় শ্ৰেণীৰ আৰু ২০১২ চনৰ ২৯ আগষ্টত প্ৰথম শ্ৰেণীৰ ন্যায়িক সেৱাত নিযুক্তি লাভ কৰে। ২০২২ চনৰ ১৬ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd