• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2024 7:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে অন্তিম পৰ্যায়ৰ ভোটদানৰ পিছত প্ৰকাশ পোৱা সকলো নিৰ্বোচনোত্তৰ সমীক্ষা আৰু এক্সিট প’লত কম বেছি পৰিমাণে সকলোৱেই দাবী কৰিছে যে বিজেপি আৰু এন ডি এৰ মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিব। আনকি টুডেজ চাণক্য আৰু এক্সিচ মাই ইণ্ডিয়াৰ দাবী, এন ডি এই চাৰিশও স্পৰ্শ কৰিব পাৰে। এই সমীক্ষাৰ একমাত্ৰ ব্যতিক্ৰম হিচাপে মাত্ৰ এটা এক্সিট প’লহে থিয় দিছে। সেইটো হ’ল ডি বি লাইভ এক্সিট প’ল।

ডি বি লাইভ হৈছে দেশবন্ধু কাকতৰ ডিজিটেল মাধ্যম। দেশবন্ধু হৈছে ৬৫ বছৰীয়া সংবাদ প্ৰতিষ্ঠান। ছত্তীশগড় আৰু দিল্লীৰ বাহিৰেও আন ৬ খন চহৰত প্ৰকাশ পায়। তেওঁলোকৰ বুথ ৰিটাৰ্ণ সমীক্ষা অনুসৰি এন ডি এ মিত্ৰজোঁটে ২০৭ৰ পৰা ২৪১খন আসন লাভ কৰিব পাৰে। ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰিব ২৫৫ৰ পৰা ২৯০খন আসন। আৰু অন্যান্যসকলে পাব পাৰে ২৯ৰ পৰা ৫১খন আসন।

তেওঁলোকৰ সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত বিজেপিৰ সৈতে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। তেওঁলোকৰ মতে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পাব পাৰে।

Apply Now

লগতে পঢ়কঃ ঘোষণা হ’ল অৰুণাচল আৰু চিকিমৰ বিধান সভা নিৰ্বাচনৰ ফলাফল : শাসকীয় দলেই লাভ কৰিলে দুই ৰাজ্যৰ মচনদ

ডি বি লাইভৰ সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশত বিজেপিয়ে ৪৬ৰ পৰা ৪৮খন আসন লাভ কৰিব পাৰে। আৰু কংগ্ৰেছ আৰু এছ পিয়ে লাভ কৰিব পাৰে ৩২ৰ পৰা ৩৪খন আসন। তেওঁলোকৰ সমীক্ষা অনুসৰি কংগ্ৰেছ-উদ্ধৱ-শৰদ পাৱাৰৰ গ্ৰেণ্ড মিত্ৰজোঁটে মহাৰাষ্ট্ৰত ২৮ৰ পৰা ৩০খন আসন লাভ কৰিব পাৰে। আৰু এন ডি এয়ে তাত ১৮ৰ পৰা ২০খন আসন পাব পাৰে।

চাণক্য আৰু এক্সিচৰ সমীক্ষাৰ সৈতে ইয়াৰ ৰাজ্যভিত্তিক পূৰ্বধাৰণাৰ যথেষ্ট পাৰ্থক্য আছে। কংগ্ৰেছে মাত্ৰ কৰ্ণাটকত জয়ী হৈ চৰকাৰ গঠন কৰিলেও চাণক্য বা এক্সিচৰ সমীক্ষাই কৈছে যে তাত পুনৰ বিজেপিয়ে ছুইপ কৰিব। কিন্তু ডি বি লাইভৰ সমীক্ষাত কোৱা হৈছে যে কংগ্ৰেছে ১৮ৰ পৰা ২০খন আসনেৰে কৰ্ণাটক জয় কৰিব পাৰে। বিজেপি আৰু জেডিএছে ৮ৰ পৰা ১০খন আসনহে লাভ কৰিব পাৰে।

বিহাৰত বিজেপি আৰু নীতিশে ডাঙৰ আঘাত পাব পাৰে বুলিও তেওঁলোকে ভৱিষ্যদ্বাণী কৰিছে। বিহাৰত ১৪ৰ পৰা ১৬খন আসন লাভ কৰিব পাৰে এন ডি এয়ে। আৰু ইণ্ডিয়া ব্লকত ২৪ৰ পৰা ২৬খন আসন যাব পাৰে।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনে গঢ়িলে অভিলেখ; বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনৰ ৰেকৰ্ড,আনুমানিক খৰচ প্ৰায় ১.৩৫ লাখ কোটি

মধ্যপ্ৰদেশত পুনৰ বিজেপিয়ে ছুইপ কৰিব বুলি কোৱা হৈছে। তেওঁলোকৰ মতে মধ্যপ্ৰদেশৰ ২৯খন আসনৰ ভিতৰত বিজেপিয়ে ২৪ৰ পৰা ২৬খন আসন লাভ কৰিব পাৰে। ৰাজস্থানত বিজেপিয়ে ১৭ৰ পৰা ১৯খন আসন লাভ কৰিব পাৰে।

তাৎপৰ্যপূৰ্ণভাৱে ডি বি লাইভৰ সমীক্ষা অনুসৰি তৃণমূলে পশ্চিম বংগত ২৬ৰ পৰা ২৮খন আসন লাভ কৰিব পাৰে। আৰু বিজেপিয়ে ১১ৰ পৰা ১৩খন আসন লাভ কৰিব পাৰে।

উল্লেখ্য যে বুথ ৰিটাৰ্ণ সমীক্ষা বা এক্সিট প’ল সদায় সঠিক অনুমান নহয়। ইয়াৰ উপৰিও এটা সংস্থাই কিমান চেম্পল চাইজৰ সৈতে কাম কৰিছে সেয়াও বিচাৰ্যৰ বিষয়। আমোদজনকভাৱে, বহু ডাঙৰ চেম্পল চাইজৰ ক্ষেত্ৰতো বিগত সময়ত ভুল ভৱিষ্যদ্বাণীৰ নজিৰ দেখা গৈছে।

লগতে পঢ়কঃ সঁচাই নিজতকৈ ৯ বছৰে ডাঙৰ অভিনেত্ৰীৰ সৈতে প্ৰেম শুভমনৰ! ওলাইছে বিবাহৰ গুঞ্জনো

কিন্তু হয়, শুদ্ধ অনুমানৰো বহু উদাহৰণ আছে। বিশেষজ্ঞসকলৰ মতে উপযুক্ত চেম্পল চাইজৰ সৈতে সঠিক জৰীপে ভোটৰ শতাংশৰ অনুমান দিব পাৰে। কিন্তু ইয়াৰ পৰা আসনৰ সংখ্যা উলিওৱাৰ প্ৰক্ৰিয়াটো জটিল। বহুক্ষেত্ৰত তাতেই ভুলটো ঘটে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd