আপুনি জানেনে যে প্ৰতিদিনে মাত্ৰ কেইমিনিটমান ধ্যান (meditation)কৰিলেই আপোনাৰ জীৱনটো যাদুকৰীভাৱে সলনি হ’ব পাৰে? নিয়মীয়া ধ্যান কৰিলে বহু উপকাৰ পোৱা যায়। কি কি উপকাৰ হয় জানি লওক।
১) দৈনিক ধ্যান কৰিলে বহু উপকাৰ পাব পাৰি। বিশেষকৈ মনটোক শান্ত কৰিবলৈ বা স্থিৰ কৰিবলৈ নিয়মিত ধ্যান কৰিব লাগে। কামৰ কাৰণেই হওক বা পৰিয়ালৰ কাৰণে হওক, আমি বিভিন্ন কথাত মানসিক চাপত থাকোঁ। মানসিক চাপৰ পৰা উদ্বেগ আৰু অস্থিৰতাৰ সৃষ্টি কৰে। এনে সমস্যা দূৰ কৰাত ধ্যানৰ গুৰুত্ব অপৰিসীম।
২)মানসিক ক্লান্তি দূৰ কৰাত ধ্যানৰ গুৰুত্ব অসীম। ৰাতিপুৱা কিছু সময় ধ্যান কৰিলে গোটেই দিনটো সতেজ অনুভৱ কৰিব।
৩) যদি আপুনি একাগ্ৰতা বৃদ্ধি কৰিব বিচাৰে তেন্তে ধ্যানৰ বিকল্প নাই! আপোনাৰ অস্থিৰ মনৰ বাবে বহু কামৰ পৰা বঞ্চিত হ’ব পাৰে। সেই ক্ষেত্ৰত ধ্যানেই মনটোক শান্ত কৰি ৰখাৰ একমাত্ৰ উপায়। যদি আপুনি দৈনিক ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপুনি দেখিব যে আপুনি মূৰটো ঠাণ্ডা ৰাখি সকলো সমস্যা সমাধান কৰিব পাৰে।
৪) বহুতে সৰু সৰু কথাত চিন্তাত পৰে। উদ্বেগ দূৰ কৰিবলৈ নিয়মিতভাৱে ধ্যান কৰক। ইয়াৰ ফলত উদ্বেগ হ্ৰাস পাব পাৰে।
৫) আৱেগৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে বহুতে চৰম সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকে। এনে ক্ষেত্ৰত প্ৰতিদিনে কিছু সময় ধ্যান কৰিলে আৱেগক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও লাভ কৰিব।
৬) নিয়মিত ধ্যানৰ অভ্যাসে অনিদ্ৰা সমস্যা নিৰাময় কৰে। আপুনি হয়তো বহুত মানসিক চাপত পৰিছে। ৰাতি শুব নোৱাৰে। এই ক্ষেত্ৰত ধ্যান কৰিলে আমাৰ শৰীৰ শান্ত আৰু শিথিল হৈ পৰে। ইয়াৰ ফলত টোপনি ভাল হয়। শৰীৰৰ ক্লান্তি দূৰ হয় আৰু জিৰণি পোৱা যায়।
ধ্যান কৰাৰ নিয়ম
১)প্ৰথমে আপুনি দীৰ্ঘদিন ধৰি অবিৰতভাৱে ধ্যান কৰিব নোৱাৰে। গতিকে অলপ অলপকৈ অভ্যাস গঢ়ি তোলক। প্ৰথম দিন ১৫ মিনিট। তাৰ পিছত ২০ মিনিট। এনেকৈ সময় বৃদ্ধি কৰক।
২) ধ্যান কৰাৰ সময়ত নিজৰ চৌপাশ নিস্তব্ধ হৈ থাকিব লাগে। অৰ্থাৎ আপুনি ধ্যান কৰা ঠাইখন নিস্তব্ধ হ’ব লাগে।
৩) লঘু সংগীত বা আধ্যাত্মিক গীত বজাব পাৰে।
৪) আন্ধাৰ কোঠাত সুগন্ধি মম জ্বলাই ধ্যান কৰিব পাৰে।
৫) কাপোৰ পৰিষ্কাৰ আৰু পৰিপাটি হ’ব লাগে। পাতল ৰঙৰ কাপোৰ বাছি ল’বলৈ চেষ্টা কৰক।
৬) ধ্যান বা মেডিটেশ্যন কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।