• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰৰ চাদৰ পৰা সৰি পৰিছে পানী, ৰামলালাৰ পূজাত বাধা! ছমাহতে কিয় এনেকুৱা হ’ল?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 25, 2024 10:44 am
10.9k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ মাত্ৰ ছমাহ হৈছে। ইয়াৰ মাজতে মন্দিৰৰ চাদৰ পৰা সোঁ-সোৱাই পানী পৰি ৰামলালাৰ কক্ষৰ মজিয়া বুৰাই পেলাইছে। ভক্তৰ লগতে মন্দিৰৰ সৈতে জড়িত সকলোৱে এনে ঘটনাত স্তম্ভিত। মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মতে মজিয়াত পানী জমা হ’লে ৰামলালাৰ পূজা কেনেকৈ হ’ব!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত অতি ধুমধামেৰে ৰাম মন্দিৰ উদ্বোধন কৰে। তেতিয়াই বিৰোধীৰ এটা অংশই অভিযোগ কৰিছিল যে নিৰ্বাচনৰ স্বাৰ্থতে অসম্পূৰ্ণ মন্দিৰটো উদ্বোধন কৰা হৈছে। দেশৰ চাৰি শংকৰাচাৰ্যই আকৌ শাস্ত্ৰ মথি ৰায় দিছিল যে এই অৱস্থাত মন্দিৰ উদ্বোধন কৰাটো নিয়ম বিৰুদ্ধ। তেওঁলোকে উদ্বোধনী অনুষ্ঠানো বৰ্জন কৰে।

লগতে পঢ়কঃ কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; জন্মদাত্ৰী মাতৃকে হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই

উল্লেখ্য যে মন্দিৰ নিৰ্মাণৰ সময়তো কাষৰীয়া সৰযু নদীৰ পানীয়ে স্তম্ভ নিৰ্মাণত বাধাৰ সৃষ্টি কৰিছিল। তেতিয়া প্ৰশ্ন উত্থাপন হৈছিল যে মন্দিৰৰ বোজা বহন কৰিবলৈ অযোধ্যাৰ মাটি উপযুক্ত হয় নে নহয়? বিশেষজ্ঞ কাৰিকৰী প্ৰযুক্তিবিদক মাতি আনি সেই সমস্যাৰ সমাধান কৰা হয়। এইবাৰ দেখা দিলে নতুন সমস্যা।

বিগত কিছুদিন ধৰি অযোধ্যাত সামান্য বৰষুণ হৈছে। তাতেই মন্দিৰৰ চাদ সৰকি অহা বৰষুণৰ পানী মজিয়াত জমি গৈছে। পূজাত বিঘিনি ঘটিছে। ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰনাথ মিশ্ৰই অৱশ্যে সমস্যা সমাধান হ’ব বুলি আশ্বাস দিছে। তেওঁৰ মতে, এই পৰ্যন্ত মন্দিৰৰ এটা মহলাহে নিৰ্মাণ কৰা হৈছে। দ্বিতীয় মহলা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। বাকী দুটা মহলাৰ কথা মনত ৰাখি এটা মহলাৰ চাদৰ এটা অংশ খালী কৰি ৰখা হৈছিল। তাৰ পৰাই পানী পৰিছে। ইয়াকে লৈ চিন্তাৰ কাৰণ নাই। সমস্যাটো সমাধান হ’ব।

লগতে পঢ়কঃ আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

আনহাতে, প্ৰধান পুৰোহিতৰ মতে একেবাৰে গৰ্ভগৃহৰ মজিয়া অৰ্থাৎ ৰামলালা মূৰ্তমান বা নতুন ৰাম মূৰ্তি স্থাপন কৰা কোঠাটোৰ মজিয়াখন ডুব গৈছে। প্ৰধান পুৰোহিতৰ আসনখনো পানীৰ তলত। আনকি ভিভিআইপি দৰ্শনাৰ্থীৰ বাবে দেৱতা দৰ্শন স্থানৰো একেই অৱস্থা। তেওঁৰ মতে, মন্দিৰৰ ডিজাইনত কোনো ধৰণৰ বিচ্যুতি আছে নেকি পৰীক্ষা কৰাটো প্ৰয়োজনীয়। নৃপেন্দ্ৰনাথ মিশ্ৰই অৱশ্যে সেই সম্ভাৱনা উলাই কৰিছে। 

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd