• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰৰ চাদৰ পৰা সৰি পৰিছে পানী, ৰামলালাৰ পূজাত বাধা! ছমাহতে কিয় এনেকুৱা হ’ল?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 25, 2024 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ মাত্ৰ ছমাহ হৈছে। ইয়াৰ মাজতে মন্দিৰৰ চাদৰ পৰা সোঁ-সোৱাই পানী পৰি ৰামলালাৰ কক্ষৰ মজিয়া বুৰাই পেলাইছে। ভক্তৰ লগতে মন্দিৰৰ সৈতে জড়িত সকলোৱে এনে ঘটনাত স্তম্ভিত। মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মতে মজিয়াত পানী জমা হ’লে ৰামলালাৰ পূজা কেনেকৈ হ’ব!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত অতি ধুমধামেৰে ৰাম মন্দিৰ উদ্বোধন কৰে। তেতিয়াই বিৰোধীৰ এটা অংশই অভিযোগ কৰিছিল যে নিৰ্বাচনৰ স্বাৰ্থতে অসম্পূৰ্ণ মন্দিৰটো উদ্বোধন কৰা হৈছে। দেশৰ চাৰি শংকৰাচাৰ্যই আকৌ শাস্ত্ৰ মথি ৰায় দিছিল যে এই অৱস্থাত মন্দিৰ উদ্বোধন কৰাটো নিয়ম বিৰুদ্ধ। তেওঁলোকে উদ্বোধনী অনুষ্ঠানো বৰ্জন কৰে।

লগতে পঢ়কঃ কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; জন্মদাত্ৰী মাতৃকে হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই

Apply Now

উল্লেখ্য যে মন্দিৰ নিৰ্মাণৰ সময়তো কাষৰীয়া সৰযু নদীৰ পানীয়ে স্তম্ভ নিৰ্মাণত বাধাৰ সৃষ্টি কৰিছিল। তেতিয়া প্ৰশ্ন উত্থাপন হৈছিল যে মন্দিৰৰ বোজা বহন কৰিবলৈ অযোধ্যাৰ মাটি উপযুক্ত হয় নে নহয়? বিশেষজ্ঞ কাৰিকৰী প্ৰযুক্তিবিদক মাতি আনি সেই সমস্যাৰ সমাধান কৰা হয়। এইবাৰ দেখা দিলে নতুন সমস্যা।

বিগত কিছুদিন ধৰি অযোধ্যাত সামান্য বৰষুণ হৈছে। তাতেই মন্দিৰৰ চাদ সৰকি অহা বৰষুণৰ পানী মজিয়াত জমি গৈছে। পূজাত বিঘিনি ঘটিছে। ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰনাথ মিশ্ৰই অৱশ্যে সমস্যা সমাধান হ’ব বুলি আশ্বাস দিছে। তেওঁৰ মতে, এই পৰ্যন্ত মন্দিৰৰ এটা মহলাহে নিৰ্মাণ কৰা হৈছে। দ্বিতীয় মহলা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। বাকী দুটা মহলাৰ কথা মনত ৰাখি এটা মহলাৰ চাদৰ এটা অংশ খালী কৰি ৰখা হৈছিল। তাৰ পৰাই পানী পৰিছে। ইয়াকে লৈ চিন্তাৰ কাৰণ নাই। সমস্যাটো সমাধান হ’ব।

লগতে পঢ়কঃ আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

আনহাতে, প্ৰধান পুৰোহিতৰ মতে একেবাৰে গৰ্ভগৃহৰ মজিয়া অৰ্থাৎ ৰামলালা মূৰ্তমান বা নতুন ৰাম মূৰ্তি স্থাপন কৰা কোঠাটোৰ মজিয়াখন ডুব গৈছে। প্ৰধান পুৰোহিতৰ আসনখনো পানীৰ তলত। আনকি ভিভিআইপি দৰ্শনাৰ্থীৰ বাবে দেৱতা দৰ্শন স্থানৰো একেই অৱস্থা। তেওঁৰ মতে, মন্দিৰৰ ডিজাইনত কোনো ধৰণৰ বিচ্যুতি আছে নেকি পৰীক্ষা কৰাটো প্ৰয়োজনীয়। নৃপেন্দ্ৰনাথ মিশ্ৰই অৱশ্যে সেই সম্ভাৱনা উলাই কৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd